Home ক্ৰীড়া লাভলীনাৰ বক্সিং গ্লোব্‌ছ ১.৯ কোটিত নিলাম: মোদীৰ জন্মদিনত উপহাৰ সামগ্ৰী নিলামত

লাভলীনাৰ বক্সিং গ্লোব্‌ছ ১.৯ কোটিত নিলাম: মোদীৰ জন্মদিনত উপহাৰ সামগ্ৰী নিলামত

117
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ ছেপ্তেম্বৰ : অসমৰ জীয়ৰী তথা দেশৰ গৌৰৱ লাভলীনা বৰগোহাঁইৰ বক্সিং গ্লোভ্‌ছৰ মূল্য্য১.৯ কোটি টকা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিছিল প্ৰতিযোগিতাখনৰ ছেমি-ফাইনেলত অংশগ্ৰহণ কৰাৰ সময়ত ব্যৱহাৰ কৰা এযোৰ গ্লোভ্‌ছ। উপহাৰ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভলীনাক কৈছিল —এইযোৰ মই নিলাম কৰিব পাৰিমনে? সমগ্ৰ সংবাদ মাধ্যমত তেতিয়া এই কথাটোৱে আমোদ দিছিল যদিও কোনেও হয়তো ভবা নাছিল টকিঅ’ অলিম্পিক সমাপ্ত হোৱাৰ কেইদিনমান পিছতে দেশৰ এপদ-এপদকৈ সম্পদ বিক্ৰী কৰা নৰেন্দ্ৰ মোদীয়ে বিক্ৰী কৰিব লাভলীনাৰ গ্লোভ্‌ছ। অকল লাভলীনাই নহয়, দেশৰ সম্পত্তি বিক্ৰী কৰা নৰেন্দ্ৰ মোদীয়ে এথলেটিক্‌ছত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ অলিম্পিকত পদক লাভ কৰা নীৰজ চোপ্ৰাৰ জেভলিনডালো নিলাম কৰে। টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন কৰি অলিম্পিকৰ ইতিহাসত এককভাৱে দ্বিতীয়জন স্বৰ্ণপদক আঁজুৰি অনা নীৰজ চোপ্ৰাৰ সেই ইতিহাসপ্ৰসিদ্ধ জেভলিনডাল নিলাম কৰিলে নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে নিলামৰ দৌৰত নীৰজ চোপ্ৰাৰ স্বৰ্ণ বিজয়ী জেভলিনডালৰ পৰিৱৰ্তে সৰ্বস্ব স্থানত অসমৰ জীয়ৰী লাভলীনাৰ বক্সিং হেণ্ড গ্লোভছ। লাভলীনাৰ হেণ্ড গ্লোভছযোৰা ১.৯ কোটি টকাত নিলাম হোৱাৰ পৰিৱৰ্তে নীৰজ চোপ্ৰাৰ জেভলিনডাল ১.৫৫ কোটি টকাত নিলাম হয়। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৭১ বছৰীয়া জন্মদিন পালন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭১ বছৰীয়া জন্মদিনৰ দিনা উপহাৰ সামগ্ৰীসমূহ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰে। দেশৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মাৰকসমূহৰ ই-নিলাম আৰম্ভ কৰিছিল। ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰা অলিম্পিকৰ খেলুৱৈসকলে ব্যৱহাৰ কৰা হাতমোজা, ৰেকেট, জেভলিনকে ধৰি অন্যান্য সা-সামগ্ৰী সামৰি লোৱা হৈছিল। নিলামৰ প্ৰথমদিনাই দুই অলিম্পিক বিজয়ী খেলুৱৈৰ ক্ৰীড়া সামগ্ৰীয়ে আকাশলংঘী মূল্য লাভ কৰে। নিলামৰ প্ৰথমদিনাই লাভলীনাৰ বক্সিং গ্লোভছযোৰেই ১.৯ কোটি লাভ কৰাৰ বিপৰীতে নীৰজ চোপ্ৰাৰ জেভলিনডাল বিক্ৰী হয় ১.৫৫ কোটি টকাত। উল্লেখ্য যে লাভলীনাৰ গ্লোভছযোৰ নিলামত প্ৰাথমিক মূল্য আছিল ৮০ লাখ টকা। উল্লেখ্য যে কালিৰ পৰা আৰম্ভ হোৱা এই নিলাম ৭ অক্টোবৰলৈ অব্যাহত থাকিব। নিলামত প্ৰাপ্ত ধনসমূহ নামনি গংগা প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here