Home অসম কংগ্ৰেছৰ হৈ লুৰিণজ্যোতি গগৈৰ প্ৰচাৰ : মূল্যবৃদ্ধিক লৈ সৰৱ লুৰিণজ্যোতি গগৈ

কংগ্ৰেছৰ হৈ লুৰিণজ্যোতি গগৈৰ প্ৰচাৰ : মূল্যবৃদ্ধিক লৈ সৰৱ লুৰিণজ্যোতি গগৈ

80
0


গণ বাৰ্তা, তামাৰহাট, ২৫ অক্টোবৰ: অহা ৩০ তাৰিখে ভোট দিবলৈ যোৱাৰ আগত পেট্ৰ’ল, ডিজেল, মিঠাতেল, দাইল আদি অত্যাৱশ্যকীয় দ্ৰব্য মূল্যৰ কথা মনত কৰি গেছ চিলিণ্ডাৰত সেৱা লৈ ভোট দিবলৈ যোৱাৰ বাবে ভোটাৰ ৰাইজক আহ৩ান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ ‘বিজেপি আৰু এ আই ইউ ডি এফ দলৰ গোপন মিত্ৰতা থাকে বুলি তীব্ৰ সমালোচনা কৰি কয় যে অসমত যিমান দিনলৈকে এ আই ইউ ডি এফ থাকিব আজমলক আগত ৰাখি বিজেপিৰ চৰকাৰ হৈ থাকিব’— লুৰিণজ্যোতি গগৈ৷ আনহাতে, কংগ্ৰেছৰ মতে এ আই ইউ ডি এফ বিজেপিৰ ‘বি’ টীম আৰু এ আই ইউ ডি এফৰ মতে কংগ্ৰেছ বিজেপিৰ ‘এ’ টীম বুলি যি বোকা ছটিওয়াৰ ৰাজনীতি যিদিনা বন্ধ হ’ব সেইদিনাৰ পৰা উন্নয়ন, গুণগত ৰাজনীতি, শিক্ষা, উৎপাদন আদিৰ ৰাজনীতি আহিব৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ২৮নং গোসাইগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী জুৱেল টুডুক জয়ী কৰাৰ উদ্যেশে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰৰ বাবে কালি সন্ধিয়া সমষ্টিটোৰ অন্তৰ্গত কামানডাঙ্গাত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে৷ উক্ত নিৰ্বাচনী সভাত অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি ভাষণত কয় যে এ আই ইউ ডি এফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক আগত ৰাখি বিজেপিয়ে সদায় ৰাজনীতি কৰি নিৰ্বাচনত জয়লাভ কৰি যাব৷ নামনি অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে যিমান দিনলৈকে ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰি যাব সিমান দিনলৈকে বিজেপিয়ে গ’ল দি থাকিব৷ যিদিনা ধৰ্মীয় সংখ্যালঘু ৰাইজে বিজেপি আৰু এ আই ডি এফৰ মাজত ধৰ্মৰ নামত চলি থকা খেলখন বুজি পাই আমি সকলোৱে অসমীয়া হিচাপে পৰিচয় দিব পাৰিব সেই দিনৰ পৰা অসমত বিজেপিৰ ৰাজত্ব শেষ হৈ যাব, তেতিয়াৰ পৰা অসমত গুণগত ৰাজনীতি আৰম্ভ হ’ব, উন্নয়ন আৰম্ভ হ’ব, সুশিক্ষা আৰম্ভ হ’ব আৰু অসমখন সুৰক্ষিত হ’ব৷ সভাত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে অসম গণ পৰিষদ দলক তীব্ৰ সমালোচনা কৰি কয় যে ভেজাল জাতীয়তাবাদ দল অগপৰ নেতাসকলে কেৱল মন্ত্ৰিত্বৰ লালসাত জাতীয়তবাদৰ আদৰ্শক জলাঞ্জলি দি বিজেপিৰ লগত আছে ৷ দলটো এতিয়া অগপ নে বিজেপি হৈ আছে তাৰ কোনো নি(য়তা নাই বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয়ন যে অগপৰ বিধায়ক ২৪টাৰ পৰা ১৪টা হ’ল, এতিয়া জ্ঝটা হ’ল আৰু লাহে লাহে নাইকিয়া হৈ যাব৷ ৮৫৫গৰাকী ছহিদক অপমান কৰাৰ বাবেই অগপ দলটো এদিনা নিশ্চিহ্ন হৈ যাব বুলি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে৷ আমি আমাৰ দলৰ আদৰ্শ আৰু দৰ্শনৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰো বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে আমাক নামনি অসমৰ ৰাইজে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলে আস্থাত ল’লে অনাগত দিনত আমি নামনি অসমৰ ঘৰে ঘৰে গৈ আমাৰ লক্ষ-উদ্দেশ্য, গুণগত ৰাজনীতি, সুস্থ সমাজ ব্যাৱস্থা, সাম্প্ৰদায়িকতাবিহীন এখন অসম প্ৰতিষ্ঠাৰ বাবে কাম কৰিম৷ আনহাতে, বৰাকত সংঘটিত ভাষা বিতৰ্কৰ বাবে বৰাকক পৃথক কৰাৰ ক্ষেত্ৰত গগৈয়ে কয় যে নগেন শইকীয়াই যিটো মন্তব্য দিছে সেয়া তেঁওৰ ব্যক্তিগত মন্তব্য, অসমৰ এক ইঞ্চি মাটিও আমি আঁতৰি যাবলৈ নিদিম৷ ভাষা বিতৰ্কৰ ক্ষেত্ৰত অসমত থকা ভাষা আইনৰ জৰিয়তে অসম চৰকাৰে ব্যাৱস্থা গ্ৰহণ কৰিব লাগিব বুলি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে৷ উল্লেখ্য যে ২৮নং গোসাইগাঁও বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই যদিও বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰতিহত কৰাৰ বাবেই সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৱেল টুডুক ভোট দি জয়যুক্ত কৰাৰ বাবে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৰাইজক আহ৩ান জনায়৷ সমষ্টিটোত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী পৰাজয় হ’লেও চৰকাৰ নাভাঙে যদিও সাম্প্ৰদায়িক দল বিজেপিক এটা নীতিশিক্ষা দিবৰ বাবেই কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৰাইজক আহ৩ান জনায়৷ ২০০ টকীয়া সৰিয়হৰ তেল, দাইল আৰু ৰ,০০০ টকাৰ ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদ স্বৰূপে ৩০ অক্টোবৰত গোসাইগাঁও সমষ্টিটোৰ ৰাইজে বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়ক বুলি লুৰিণজ্যোতি গগৈয়ে কয়৷ সভাখনত অসম জাতীয় পৰিষদৰ ভালেসংখ্যক নেতাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ৩ান জনাই ভাষণ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here