Home স্থানীয় ডিগবৈত তুংগত অসম জাতীয় পৰিষদৰ প্ৰচাৰ অভিযান:নিৰ্বাচনী সভাত অংশগ্ৰহণ লুৰিনজ্যোতি গগৈৰ

ডিগবৈত তুংগত অসম জাতীয় পৰিষদৰ প্ৰচাৰ অভিযান:নিৰ্বাচনী সভাত অংশগ্ৰহণ লুৰিনজ্যোতি গগৈৰ

181
0


ডিগবৈ, ৩ মাৰ্চ: ৰাজ্যত আগন্তুক ছয় মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৮০খন পৌৰসভাৰ বাবে তুংগত উঠিছে ৰাজনৈতিক বতাহ৷ ৰাজনৈতিক গৰম বতাহে চুই গৈছে প্ৰায় সকলো শ্ৰেণীৰ ভোটাৰক৷ পৌৰসভাত দলীয় প্ৰভুত্ব বিস্তাৰ কৰাৰ উদ্দেশ্যৰে ব্যাপক প্ৰচাৰ অভিযানত ব্যস্ত আছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল৷ ৰাজ্যৰ আন আন পৌৰসভাৰ দৰে ১২৩নং ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দহটা ৱাৰ্ডেৰে গঠিত ডিগবৈ পৌৰসভাও পিছপৰি ৰোৱা নাই৷ শাসক-বিৰোধীয়ে নিজা নিজা দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তুংগত কৰি ৰখাৰ সামন্তৰালভাৱে অসম জাতীয় পৰিষদেও নিৰ্বাচনী প্ৰচাৰ অভিযানত দিন-ৰাতি একাকাৰ কৰিছে৷ ডিগবৈ পৌৰসভাৰ অন্তৰ্গত দহটা ৱাৰ্ডৰ ভিতৰত অসম জাতীয় পৰিষদে তিনি নম্বৰ ৱাৰ্ডত মীনাক্ষী ভট্টাচাৰ্য, ন নম্বৰ ৱাৰ্ডত নয়নমণি দত্ত আৰু দহ নম্বৰ ৱাৰ্ডত মৌচুমী কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে৷ মাত্ৰ তিনিটা ৱাৰ্ডত ডিগবৈ পৌৰসভা নিৰ্বাচন বাবে অসম জাতীয় পৰিষদে পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও তিনিওগৰাকী প্ৰাৰ্থীৰ সামাজিক দায়বদ্ধতা, উচ্ছ শিক্ষিত আৰু ডিগবৈ সমাজ জীৱনৰ লগত জড়িত হোৱাৰ হেতুকে নিৰ্বাচনী প্ৰচাৰ অভিযানত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত বাপাপুংত আজি এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়৷ নিৰ্বাচনী প্ৰচাৰ সভাখনিত জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে তিনি প্ৰক্ষেপিত প্ৰাৰ্থীৰ প্ৰচাৰৰ অৰ্থে সভাত অংশগ্ৰহণ কৰে৷ ৰাইজৰ বিপুল সঁহাৰিত অনুষ্ঠিত হোৱা সভাখনিত লুৰিণ জ্যোতি গগৈয়ে শাসকীয় বিজেপি চৰকাৰক তীব্ৰ কটাক্ষসূচক মন্তব্য আগবঢ়ায়৷ বিজেপি চৰকাৰৰ দিনতে ক্ৰমবৰ্ধমান হাৰত প্ৰতিটো সামগ্ৰীৰ দাম আকাশলংঘী বৃদ্ধিৰ সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰক পৰিকল্পনাৰ অভাৱ বুলি মন্তব্য কৰে৷ লগতে আগন্তুক ডিগবৈ পৌৰসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে দলীয় টিকট প্ৰদান কৰা প্ৰাৰ্থীসকলক নেতা-পালিনেতাই ব্যৱহাৰ কৰিব পৰা ৰাবাৰৰ ষ্টাম্প বুলি কটাক্ষ কৰে৷ পৌৰসভাত পুতলাসদৃশ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি আগন্তুক দিনত যাতে তেখেতসকলক ব্যৱহাৰ কৰি পাৰে তাৰে মাপ কাঠি জুখি-মাখিয়েই বিজেপিয়ে টিকট প্ৰদান কৰিছে বুলি মন্তব্য আগৱঢ়ায়৷ ডিগবৈ পৌৰসভাত বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকলৰ ধনবলৰ ভিত্তিতহে টিকট প্ৰদান কৰাৰ অভিযোগ আনে৷ সামাজিক দায়বদ্ধহীন, শিক্ষাগত দক্ষতা নথকা একাংশ প্ৰাৰ্থীক টিকট প্ৰদান কৰি ভৱিষ্যৎ দিনত ব্যৱহাৰ কৰিব পৰা প্ৰাৰ্থীকহে টিকট প্ৰদান কৰিছে বুলি মন্তব্য কৰে৷ তাৰ বিপৰীতে অসম জাতীয় পৰিষদে দলীয় নীতি-আদৰ্শ অনুসৰি গুণগত ৰাজনীতিৰ পোষকতাত অটল থাকি ডিগবৈ পৌৰসভা নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা তিনিওগৰাকী প্ৰাৰ্থী উচ্ছ শিক্ষিতা, গুণগত, শক্তিশালী আৰু সামাজিক দায়বদ্ধতা পৰিপক্ব থকা প্ৰাৰ্থীক টিকট প্ৰদান কৰা হৈছে বুলি সভাপতি লুৰিণ জ্যোতি গগৈয়ে মন্তব্য আগবঢ়ায়৷ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা ডিগবৈ পৌৰসভাত প্ৰক্ষেপিত তিনি প্ৰাৰ্থীৰ জৰিয়তে ঐতিহাসিক ডিগবৈ চহৰখনৰ পৰিষ্কাৰ-পৰিচ্চন্নতা, সেউজীয়া, সমৃদ্ধিশালী আৰু উন্নয়নমূলক বহু পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে ভোটভিক্ষা কৰা হৈছে বুলি কয়৷ কিন্ত তাৰ বিপৰীতে শাসকীয় চৰকাৰে আগন্তুক পৰিকল্পনাবিহীন নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি কটাক্ষ কৰে৷ ১৯৬০ চনতে গঠন হোৱা ডিগবৈ পৌৰসভাৰ প্ৰায় ৬২টা বৰ্ষ অতিক্ৰম কৰিলে যদিও পৌৰসভাখনৰ অন্তৰ্গত অপৰিষ্কাৰ নলা-নৰ্দমা, বহু ঠাইত থিয় হৈ থকা ফুলদানীসদৃশ ষ্টীট লাইট আৰু তাৰ লগতে সমগ্ৰ ডিগবৈবাসীৰ জ্বলন্ত সমস্যা এটুপি বিশুদ্ধ খোৱাপানী আজিপৰ্যন্ত কোনো এখন চৰকাৰে সমাধান কৰিবলৈ সক্ষম নোহোৱাতো চৰম ব্যৰ্থতা বুলি মন্তব্য আগবঢ়ায়৷ লগতে নিৰ্বাচনী প্ৰচাৰ সভাত সভাপতি লুৰিণ জ্যোতি গগৈয়ে ডিগবৈ পৌৰসভাৰ অন্তৰ্গত ভোটাৰসকলক শাসকীয় বিজেপি দলৰ একাংশ নেতা-পালিনেতাই চৰকাৰী দলৰ লগত জড়িত থাকিলেহে চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰাৰ বিপৰীতে শাসকীয় দলৰ বাহিৰে আন দল কৰিলে সকলোধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰা হ’ব বুলি ভয়-ভাবুকি প্ৰদান কৰিছে বুলি আন এক গুৰুতৰ অভিযোগ আনে৷ নিৰ্বাচনী প্ৰচাৰ সভাখনতে ডিগবৈ বিধানসভা সমষ্টিৰ পৰা নিঃশেষ হোৱাৰ দিশে গতি কৰা অসম গণ পৰিষদৰ ডিগবৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কমিটীৰ উপ-সভাপতি যতীন ফুকনে অসম জাতীয় পৰিষদত যোগদান কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ শ্ৰম শক্তিৰ সাধাৰণ সম্পাদক ৰাজেন গগৈ, অসম জাতীয় পৰিষদ যুৱ শক্তি কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ৩ায়ক দীপাংকৰ সোণোৱাল উপস্থিত থাকে৷ ডিগবৈ পৌৰসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগৱঢ়োৱা তিনিগৰাকীও প্ৰাৰ্থীক লৈ বহু আশাবাদী সভাপতি লুৰিণ জ্যোতি গগৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here