Home অসম বিলাসীপাৰাত জব্দ ৬৬ বস্তা চোৰাং চাউল

বিলাসীপাৰাত জব্দ ৬৬ বস্তা চোৰাং চাউল

71
0


গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ৩ আগষ্ট ঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বগা চাউলৰ ক’লা বেহা৷ নিতৌ ন ন কৌশলেৰে চোৰাং বেপাৰীয়ে চৰকাৰী সুলভ মূল্যৰ চাউল বিক্ৰী কৰিছে ক’লা বজাৰত৷ আজি এক গোপন খবৰৰ ভিত্তিত বিলাসীপাৰাত খাদ্য আৰু অসামৰিক যোগান বিভাগে চলায় আকস্মিক অভিযান৷ অভিযানত বিলাসীপাৰাৰ কাঠালদিৰ বজাৰঘাটৰ পৰা খাদ্য আৰু অসামৰিক যোগান বিভাগে জব্দ কৰে ৬৬ বস্তা চোৰাং চাউল৷ জব্দ কৰা চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউল বুলি জানিব পৰা গৈছে৷ চোৰাং বেপাৰীয়ে চাউলখিনি নদীপথেৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী দলটোৱে৷ অৱশ্যে অভিযানকাৰী দলৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং বেপাৰীসকল৷ বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উক্ত অভিযানত সহায় কৰে বিলাসীপাৰা আৰক্ষীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here