Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় গৰুৰ গোবৰ-মূত্ৰই টনকিয়াল কৰিব দেশৰ অৰ্থব্যৱস্থা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অদ্ভুত মন্তব্য

গৰুৰ গোবৰ-মূত্ৰই টনকিয়াল কৰিব দেশৰ অৰ্থব্যৱস্থা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অদ্ভুত মন্তব্য

230
0


ভূপাল, ১৫ নৱেম্বৰ ঃ দেশৰ অৰ্থব্যৱস্থা বেকফুটলৈ গতি কৰি থকাৰ সময়ছোৱাতেই মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ অৰ্থব্যৱস্থাক কেনেকৈ টনকিয়াল কৰিব পৰা যাব, তাৰ বৰ্ণনা দাঙি ধৰিছে৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশৰ অৰ্থব্যৱস্থা গো-ধনৰ দ্বাৰাহে টনকিয়াল কৰিব পৰা যাব বুলি এক অদ্ভুত মন্তব্য কৰিছে৷ তেওঁ শনিবাৰে কয় গো-ধনৰ লগতে গোবৰ আৰু গো-মূত্ৰই দেশৰ অৰ্থব্যৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপালত ইণ্ডিয়ান ভেটেৰিনেৰী এছ’চিয়েচনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত কয় যে গাই আৰু বলধ গৰুৰে বহু কাম কৰিব পৰা যায়৷ যদি আমি পৰিকল্পনা অনুসৰি কাম কৰোঁ তেন্তে গৰুৰ গোবৰ আৰু মূত্ৰৰে দেশৰ অৰ্থব্যৱস্থা টনকিয়াল কৰিব পৰা যায়৷ এই ক্ষেত্ৰত কাম কৰি থকা হৈছে৷ মহিলাসকলে এইক্ষেত্ৰত অৱদান আগবঢ়ালে আমি সাৰ্থক হ’ম বুলি তেওঁ উল্লেখ কৰি তেওঁ কয় যে গৰুৰ গোবৰ আৰু মূতেৰে কীটনাশকৰ পৰা আৰম্ভ কৰি ঔষধী সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায়৷ গৰুৰ গাখীৰৰ উপৰিও গোবৰ আৰু মূত্ৰৰে বহু সামগ্ৰী তৈয়াৰ কৰিব পৰা যায়৷ উল্লেখ্য যে ভাৰতৰ অৰ্থব্যৱস্থা সংকটপূৰ্ণ গতিৰে আগবাঢ়ি থকাৰ বাবে বিৰোধী দলসমূহে শাসক দলক সমালোচনা কৰি অহাৰ সময়ছোৱাতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থব্যৱস্থা টনকিয়ালৰ সূত্ৰ দাঙি ধৰিছে৷ যি সময়ত দেশৰ অৰ্থব্যৱস্থা টনকিয়াল কৰিবলৈ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক শক্তিশালী কৰিব লাগিছিল, সেই সময়ছোৱাত এনে উদ্যোগসমূহ বন্ধ দিশলৈ গতি কৰিছে৷ যাৰ ফলত নিবনুৱাৰ হাৰ অতি মাত্ৰাত বৃদ্ধি পাবলৈ ধৰিছে৷ চৰকাৰে এনে দিশসমূহৰ প্ৰতি লক্ষ্য দিয়াৰ পৰিৱৰ্তে কিছু অদ্ভুত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিয়েই দায় সাৰিব বিচাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here