Home অসম মাদ্ৰাছা উচ্ছেদ: সংখ্যালঘু আয়োগৰ কাষ চাপিল কংগ্ৰেছৰ সাংসদ-বিধায়ক

মাদ্ৰাছা উচ্ছেদ: সংখ্যালঘু আয়োগৰ কাষ চাপিল কংগ্ৰেছৰ সাংসদ-বিধায়ক

169
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্টেম্বৰ: জেহাদীৰ অভিযোগত ৰাজ্যৰ কেবাখনো মাদ্ৰাছাত আৰক্ষী প্ৰশাসনে চলাইছে বুলড’জাৰ৷ মাদ্ৰাছাত বুলড’জাৰ চলাই সম্পূৰ্ণ অবৈধ আৰু বলপূৰ্বকভাৱে ভাঙি ধ্বংস কৰি দিয়া বিষয়টোক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া৷ মাদ্ৰাছা ধ্বংসৰ প্ৰসংগত সাংসদ আব্দুল খালেকৰ নেতৃত্বত এটা সঁজাতী দলে সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষক৷ সংখ্যালঘু আয়োগৰ অধ্যক্ষ ইকবাল সিং লালপুৰাক সাক্ষাৎ কৰিবলৈ যোৱা দলটোত আছিল সাংসদ খালেকৰ লগতে বিধায়ক আব্দুৰ ৰাছিদ মণ্ডল, আব্দুল বাতিন খন্দকাৰ, প্ৰদীপ কুমাৰ সৰকাৰ আৰু ডাঃ আছিফ নাজাৰ৷ বঙাইগাঁও জিলাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফা কাৰীয়ানা মাদ্ৰাছা আৰু অন্যান্য মাদ্ৰাছা ধ্বংসৰ তদন্ত আৰু ন্যায় বিচাৰি ইকবাল সিং লালপুৰাক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে সাংসদ খালেকৰ লগত যোৱা দলটোৱে৷ উল্লেখ্য যে ৰাজ্যৰ বহু মাদ্ৰাছাত জেহাদীয়ে খোপনি পোতাৰ পৰিপ্ৰেক্ষিতত চ্ছ্ৰ ছেপ্টেম্বৰত কে’বাটাও মুছলিম সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত৷ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণৰ লগতে জেহাদ সম্পৰ্কীয় অন্যান্য বিষয়ৰ ওপৰত ইছলামিক সংগঠনসমূহে চকু ৰখাৰ বাবে আহ৩ান জনাইছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷ মাদ্ৰাছাসমূহত ধৰ্মীয় শিক্ষাৰ উপৰি বিজ্ঞান, গণিত, কম্পিউটাৰ আদিৰ শিক্ষা প্ৰদানৰ পোষকতাও কৰিছিল অসম আৰক্ষীৰ তৰফৰ পৰা৷ আলোচনা-চক্ৰৰ অন্তত ইছলামিক সংগঠনৰ মুৰব্বীসকলে জনাইছিল যে আৰক্ষীয়ে বিচৰাধৰণেই জেহাদীৰ বিৰুদ্ধে সকলো সহায়-সহযোগিতা আগবঢ়াব আৰক্ষীক৷ ইছলামিক সংগঠনৰ সহায়-সহযোগিতা কামনা কৰি জেহাদীৰ বিৰুদ্ধে কাৰ্যকলাপ অব্যাহত ৰাখিছে প্ৰশাসনে৷ সমান্তৰালকৈ যিসমূহ মাদ্ৰাছাত জেহাদীৰ কাৰ্যকলাপ অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে সেইসমূহ মাদ্ৰাছাত উচ্ছেদ অভিযান চলাই গৈছে চৰকাৰে৷ মঙলবাৰেও গোৱালপাৰা দাৰোগৰ আলগা চৰত মাদ্ৰাছাত চলিল উচ্ছেদ৷ অৱশ্যে এই উচ্ছেদ প্ৰশাসন নহয়, স্থানীয় ৰাইজেহে চলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here