Home Main Stories মাদ্ৰাছাত উচ্ছেদৰ প্ৰসংগক লৈ অসম চিভিল ছ’চাইটিৰ দাবী জেহাদীক গ্ৰেপ্তাৰ কৰক, কিন্তু...

মাদ্ৰাছাত উচ্ছেদৰ প্ৰসংগক লৈ অসম চিভিল ছ’চাইটিৰ দাবী জেহাদীক গ্ৰেপ্তাৰ কৰক, কিন্তু বুলডজাৰ প্ৰয়োগ বন্ধ কৰক

119
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ ঃ বিগত সময়ছোৱাত বৰপেটা, বঙাইগাঁও, মৰিগাঁৱৰ মাদ্ৰাছাৰ শিক্ষক আৰু মছজিদৰ কেইবাগৰাকী ইমামক জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত জেহাদী গ্ৰেপ্তাৰ কৰা কাৰ্যক অসম চিভিল ছ’চাইটীয়ে আদৰণি জনাইছে আৰু ধৃত জেহাদীসকলক উপযুক্ত প্ৰমাণৰ ভিত্তিত কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷ এক বিবৃতিত অসম চিভিল ছ’চাইটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম শ্বেখে কয় যে অসমৰ সাধাৰণ মুছলমানে ঘৃণাৰ তত্ত্বৰ আধাৰত গঢ়ি উঠা সাম্প্ৰতিক মৌলবাদী, জেহাদী, সন্ত্ৰাসবাদী কাৰ্যকলাপক মুঠেই সমৰ্থন নকৰে৷ ইছলামৰ উদাৰ আৰু মানৱীয় দৃষ্টিভংগীক ব্যাপক প্ৰচাৰেৰে জেহাদী তত্ত্বক প্ৰতিহত কৰিব লাগিব৷ বুলড’জাৰেৰে মাদ্ৰাছা উচ্ছেদ কৰি জেহাদী তত্ত্বৰ বিৰুদ্ধে জনমত গঠন কৰা সম্ভৱ নহয়, বৰঞ্চ সেই অপশক্তিয়ে শক্তি সঞ্চয় কৰিবলৈহে সুবিধা গ্ৰহণ কৰে৷ ব্যক্তিগত ভূমিত ৰাইজৰ দান-বৰঙণিৰে গঢ়া মাদ্ৰাছাক যাতে চৰকাৰে উচ্ছেদ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ অসম চিভিল ছ’চাইটীয়ে অসম চৰকাৰক আহ্বান জনায় যে ৰাজ্যৰ মুষ্টিমেয় জেহাদী, সন্ত্ৰাসবাদীক সাধাৰণ মুছলমান সমাজৰ পৰা বিচ্ছিন্ন কৰাৰ স্বাৰ্থত ইছলামৰ উদাৰ আৰু মানৱতাবাদী ধাৰাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াওক, বুলড’জাৰ প্ৰয়োগৰ ভুল নীতি প্ৰত্যাহাৰ কৰক আৰু আইনৰ শাসনৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰক আৰু বন্ধ কৰি দিয়া মাদ্ৰাছাসমূহৰ ছাত্ৰ-ছাত্ৰীক আন বিদ্যালয়ত বিনামূলীয়াকৈ শিক্ষাদানৰ ব্যৱস্থা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here