Home Main Stories মাদ্ৰাছাত চলিল বুলডজাৰ : জেহাদৰ প্ৰশিক্ষণৰ অভিযোগ, প্ৰশাসনৰ হাতোৰাত চূৰমাৰ মৈৰাবাৰীৰ চহৰীয়া...

মাদ্ৰাছাত চলিল বুলডজাৰ : জেহাদৰ প্ৰশিক্ষণৰ অভিযোগ, প্ৰশাসনৰ হাতোৰাত চূৰমাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছা

75
0

গণ বাৰ্তা, মৈৰাবাৰী, ভূৰাগাঁও, ৪ আগষ্ট ঃ বাংলাদেশৰ আনচাৰুল্লাহ বাংলা চুমকৈ এবিটিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মৈৰাবাৰী চহৰীয়া গাঁৱৰ জমিউল হুদা মাদ্ৰাছখন মৰিগাঁও জিলা প্ৰশাসনে ২৮ জুলাইত ছীল কৰাৰ পাছত আজি অৰ্থাৎ বৃহস্পতিবাৰে মাদ্ৰাছাখন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে৷ প্ৰশাসনে বুলড’জাৰ লগাই মাদ্ৰাছাখন ভাঙি দিয়ে৷ উল্লেখ্য যে এই মাদ্ৰাছাখনৰ শিক্ষক মুফ্‌তি মুস্তাফাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আৰু কে’বাজনো মৌলবীক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছিল৷ মুফ্‌তি মুস্তাফাই ২০১৯ চনৰ পৰাই মাদ্ৰাছাখনৰ সৈতে বাংলাদেশৰ পৰা ধনৰ লেনদেন কৰাৰঅভিযোগ উত্থাপন হৈ আহিছে৷ তদুপৰি ২০১৯ চনত মুফ্‌তি মুস্তাফাই এই জমিউল হুদা মাদ্ৰাছাত বহিঃৰাষ্ট্ৰৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী সংগঠন, জেহাদী সংগঠনৰ সদস্যক আশ্ৰয় দি আহিছিল বুলি আৰক্ষীয়ে দাবী কৰিছে৷ মৈৰাবাৰী আৰক্ষীয়ে এই মাদ্ৰাছাখনৰ যাৱতীয় তথ্য-পাতিৰ লগতে মুফ্‌তি মুস্তাফাৰ পাবুক, পাৰপত্ৰ, বেংকৰ পাছবুক, ম’বাইল ফোন আদি জব্দ কৰিছিল৷ ইয়াৰ পাছতেই আজি পুৱাৰ পৰা মৰিগাঁও জিলা প্ৰশাসনে আৰক্ষীৰ এটা বৃহৎ দল লৈ কট্‌কটীয়া নিৰাপত্তাৰ মাজত মাদ্ৰাছাখন ভাঙি চূৰমাৰ কৰে৷ মাদ্ৰাছা উৎখাত কৰাৰ সময়ত স্থানীয় কোনো লোকক ঘটনাস্থলীত সোমাবলৈ দিয়া নাই৷ এই মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা জিলা প্ৰশাসনে যোৱা ২৮ জুলাইত ছীল কৰাৰ পাছত ইয়াতে পঢ়ি থকা কণ কণ ছাত্ৰসকলকো সোধা-পোছাৰ বাবে থানালৈ আনিছিল৷ মাদ্ৰাছাখনৰ মুফ্‌তি মুস্তাফাই বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আমিৰুদ্দিন আৰু মামুল ৰছিদৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে মুফ্‌তি মুস্তাফাই জেহাদীৰ বিশাল নেটৱৰ্ক গঢ়িবলৈ চেষ্টা কৰি আছে বুলি সন্দেহ কৰে৷ মৰিগাঁও জিলা প্ৰশাসনে মাদ্ৰাছাখন সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ কৰাৰ পাছত আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে কয় যে জেহাদীৰে লিংক থকাৰ অভিযোগৰ বাবেই মাদ্ৰাছাখন উৎখাত কৰা হ’ল৷ উল্লেখ্য যে মুফ্‌তি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ পাছত মৰিগাঁও জিলাত নিয়াই অভিযান চলাইছিল আৰু নিয়াৰ অভিযানত জেহাদীৰে সম্পৰ্ক থকাৰ সন্দেহত ধিঙৰ আমিৰ হামজা নামৰ আন এজন মৌলানাক গ্ৰেপ্তাৰ কৰা হয়৷ ধিঙৰ ভেৰভেৰী ছোবাহী মাদ্ৰাছাত শিক্ষকতা কৰিছিল আমিৰ হামজা নামৰ মৌলানাজনে৷ মুফ্‌তি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ পাছত মৈৰাবাৰীৰ নিকটৱৰ্তী সুৰুচলা গাঁৱৰ জামিয়া তাছলিনহাত টাইটেল বানাত মহিলা মাদ্ৰাছাৰ সাতজন শিক্ষকক আটক কৰি আৰক্ষীয়ে সোধা-পোছা কৰিছিল৷ ইপিনে, ৩০ জুলাইত মুস্তাফাৰ পত্নী আৰু ভাতৃকো আৰক্ষীয়ে আটক কৰিছিল৷ এইদৰে এটাৰ পাছত এটা অভিযান চলাই আছে আৰক্ষীয়ে৷ ইপিনে, মৰিগাঁও মিলনপুৰৰ আফচাৰুদ্দিন ভূঞা নামৰ এজন টিউচন মাষ্টৰ বুলি পৰিচিত লোককো মুফ্‌তি মুস্তাফাৰ লগত সু-সম্পৰ্ক থকাৰ সন্দেহত আটক কৰি সোধা-পোছা কৰিছিল আৰক্ষীয়ে৷ মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here