Home অসম ধুবুৰীত পুনৰ গো মাফিয়াক এনকাউণ্টাৰ ধুবুৰীৰ ভাৰত – বাংলাদেশ সীমান্তত সক্ৰীয় চোৰাং...

ধুবুৰীত পুনৰ গো মাফিয়াক এনকাউণ্টাৰ ধুবুৰীৰ ভাৰত – বাংলাদেশ সীমান্তত সক্ৰীয় চোৰাং গৰুৰ সৰবৰাহ

399
0


গণ বাৰ্তা বিশেষ, ধুবুৰী, ৯ জানুৱাৰী:
ৰাজ্যত অব্যাহত আছে পশুধনৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ৷ অসম বিধানসভাত এক শক্তিশালী গো- সুৰক্ষা বিধেয়ক গৃহীত হোৱাৰ পিছতো ধুবুৰী জিলাত অব্যাহত আছে গৰুৰ চোৰাং ছিণ্ডিকেট৷ ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আন এটা এনকাউণ্টাৰৰ ঘটনা৷ ধুবুৰীত আৰক্ষীৰ এনকাউণ্টাৰত আহত ড্ৰাগ্‌ছ তথা গো-মাফিয়া৷ আৰক্ষী সূত্ৰে পোৱা খবৰ মতে, গো তথা ড্ৰাগ্‌ছ মাফিয়া সাহিদুৰ ৰহমানক এনকাউণ্টাৰ ধুবুৰী আৰক্ষীৰ৷ ৰাজ্যত পুনৰ এনকাউণ্টাৰ ঘটনা৷ শনিবাৰে নিশা ১২.১৫ বজাত, ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ গো তথা ড্ৰাগ্‌ছ মাফিয়া সাহিদুৰ ৰহমানক৷ নিশা ড্ৰাগ্‌ছৰ ঘাঁটি আৰু বাংলাদেশলৈ গো-সৰবৰাহ কৰাৰ পথ দেখুৱাবলৈ গৈ আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগ্‌ছ তথা গো-মাফিয়া সাহিদুৰ ৰহমান৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে আজি সাংবাদিকক জনোৱা মতে, গৰু সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীক আক্ৰমণ কৰি পলাই যাবলৈ চেষ্টা চলায় ড্ৰাগ্‌ছ তথা গো-মাফিয়া সাহিদুৰ ৰহমানে৷ আৰক্ষীয়ে, আত্মৰক্ষাৰ বাবে উপায়বিহীন হৈ প্ৰথমে শূন্যলৈ গুলীচালনা কৰে যদিও আৰক্ষীৰ গুলীলৈ কেৰেপ নকৰি পলাই যাবলৈ চেষ্টা কৰে গো-সৰবৰাহকাৰী৷ উপায়ান্তৰ হৈ গো- সৰবৰাহকাৰী সাহিদুৰৰ ভৰিলৈ লক্ষ্য কৰি এক ৰাউণ্ড গুলী গুলীয়াবলৈ বাধ্য হয় ধুবুৰী আৰক্ষী৷ আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ইফালে, সাহিদুৰৰ আক্ৰমণত গুৰnতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে এজন আৰক্ষী৷ মাফিয়া সাহিদুৰৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ড্ৰাগ্‌ছ তথা গো- মাফিয়া সাহিদুৰ ৰহমানক৷ ধুবুৰীৰ আৰক্ষীয়ে, এই প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, কালি নিশা ধুবুৰীত এনকাউণ্টাৰৰ ঘটনা সম্পৰ্কত স্থানীয় সচেতন ব্যক্তিসকলে কোৱা মতে, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পিছতো, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই এচাম অসৎ ব্যক্তিয়ে কাৰ বলত আৰু কেনেকৈ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং গৰুৰ লগতে অবৈধ ড্ৰাগ্‌ছৰ সৰবৰাহ চলাই আছে সেয়া এক ৰহস্যজনক বিষয়৷ এই ক্ষেত্ৰত সচেতন ব্যক্তিসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here