Home স্থানীয় লামডিং বনাঞ্চলৰ মাফিয়া নজৰুলক গ্ৰেপ্তাৰ

লামডিং বনাঞ্চলৰ মাফিয়া নজৰুলক গ্ৰেপ্তাৰ

82
0


গণ বাৰ্তা, হোজাই, ১৬ নৱেম্বৰ: হোজাই জিলাৰ লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে৷ উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে লামডিং বনাঞ্চলত প্ৰথম পৰ্যায়ত জ্জ্ব আৰু জ্ঝ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ত ১১ আৰু ১২ নৱেম্বৰত হোজাই প্ৰশাসনে চলাইছিল উচ্চেদ অভিযান৷ লামডিং বনাঞ্চলৰ কমাৰপানী, বেটনলা, হাজিবস্তি, পাগলাবস্তি, থাদংনলাত চলাইছিল এই উচ্ছেদ অভিযান৷ সৰ্বমুঠ ৭৩৬টা ঘৰ উচ্ছেদ কৰিছিল প্ৰশাসনে৷ এই উচ্ছেদ অভিযান চলোৱাৰ পাছতে উচ্ছেদিত লোকসকলে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল বনাঞ্চলৰ ভূমি বেদখলৰ আঁৰৰ কাহিনী৷ সেই সময়তে পোহৰলৈ আহিছিল ভূ-মাফিয়া নজৰুল ইছলামৰ নাম৷ মুখ্যমন্ত্ৰীৰ মুখতো উচ্ছাৰিত হৈছিল নজৰুলৰ নাম৷ অভিযোগ অনুসৰি, নজৰুলৰ নেতৃত্বতে লামডিং সংৰক্ষিত বনাঞ্চলত চলিছিল ভুৱা প্ৰমাণ-পত্ৰৰে ভূমি বিক্ৰীৰ অভিযান৷ ইয়াৰ পাছতেই হোজাই আৰক্ষীয়ে লামডিং আৰক্ষীত থানাত নজৰুলৰ বিৰুদ্ধে ২২৪য২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আৰু বন আইনৰ ২৪এবি ২৫, এ বি চি ডিয৪২য৬১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল৷ উক্ত গোচৰৰ ভিত্তিতে নজৰুলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল লামডিং আৰক্ষীয়ে৷ হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ দুৱৰাৰ নেতৃত্বত অভিযান চলাই নখুঁটিৰ পৰা আটক কৰে ভূ-মাফিয়া নজৰুল ইছলামক৷ নজৰুলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ আন এজন মাটিৰ দালালকো আটক কৰে৷ মঙলবাৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰা হয় দুয়ো অভিযুক্তক৷ আদালতত ধৃত দুই মাফিয়াক জ্জ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে যদিও জ্জ দিনৰ পৰিৱৰ্তে দুয়োকে তিনি দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে আদালতে৷ অবৈধভাৱে লামডিং বনাঞ্চলৰ ভূমি বিক্ৰীৰ লগত জড়িত কোনো লোক সাৰি নাযায় বুলি স্পষ্ট কৰি দিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here