Home Main Stories মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব অসম ভৱন: একনাথ সিন্দেৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব...

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব অসম ভৱন: একনাথ সিন্দেৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নৈশ আহাৰ গ্ৰহণ

456
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ নৱেম্বৰ: মা কামাখ্যাৰ আশীৰ্বাদ লৈ আজি মুম্বাইলৈ উভতি গ’ল সদলবলে অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে৷ উল্লেখ্য যে শনিবাৰে এদিনৰ বাবে গুৱাহাটীলৈ উঠি আহিছিল মহাৰাষ্ট্ৰ চৰকাৰ৷ মুখ্যমন্ত্ৰী একনাথ সিন্দেকে ধৰি মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদসকলৰ উপৰি তেওঁলোকৰ পৰিয়াল শনিবাৰে উপস্থিত হৈছিল গুৱাহাটীত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণমৰ্মে মা কামাখ্যা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে একনাথ সিন্দেৰ নেতৃত্বত অহা মহাৰাষ্ট্ৰৰ মন্ত্ৰী-বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকল দেওবাৰে পুৱা মুম্বাইলৈ উভতি যায়৷ ৫০গৰাকীকৈ মন্ত্ৰী-বিধায়ক-সাংসদৰ লগতে তেওঁলোকৰ পৰিয়ালসহ মুঠ ১৭৬গৰাকী প্ৰতিনিধি শনিবাৰে দুপৰীয়া বিশেষ বিমানযোগে গুৱাহাটীলৈ আহিছিল৷ দেওবাৰৰ দুপৰীয়া ৰ.২০ বজাত বিশেষ বিমানযোগে তেওঁলোক বৰঝাৰত উপস্থিত হোৱাৰ লগে লগে অসম চৰকাৰৰ হৈ মন্ত্ৰী অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই গামোচা পিন্ধাই উষ্ণ আদৰণি জনাইছিল৷ ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ মন্ত্ৰী-বিধায়কৰ দলটো বিমানবন্দৰৰ পৰা পোনে পোনে শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ পূজা-অৰ্চনা কৰে৷ কামাখ্যাত পূজা-অৰ্চনা কৰি দলটো গুৱাহাটীৰ হোটেল ৰেডিছন ব্ল¸ুত উপস্থিত হয়৷ নিশা হোটেলত কটাই আজি পুৱা উভতি যায়৷ উল্লেখ্য যে নিশাৰ ভাগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ৰেডিছন ব্লুত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ তথা শিৱসেনাৰ নেতাসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সৌজন্যতামূলক সাক্ষাৎ কৰাৰ লগতে একেলগে নৈশ আহাৰো গ্ৰহণ কৰে৷ উল্লেখ্য যে যোৱা জুন মাহত মহাৰাষ্ট্ৰ চৰকাৰত বিসম্বাদ চলি থকাৰ সময়ত একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনা আৰু নিৰ্দলীয় বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে হোটেল ৰেডিছন ব্লুত আশ্ৰয় লৈছিল৷ বহুকেইদিন হোটেল ৰেডিছন ব্লুত বাহৰ পাতি তেওঁলোকে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পৰিকল্পনা যুগুতাইছিল৷ আনকি ২৯ জুনৰ দিনা সিন্দেই মনোকামনা পূৰণৰ বাবে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছিল৷ মা কামাখ্যাৰ আশিস লৈ যোৱাৰ পাছতেই সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হয়৷ চৰকাৰ গঠনৰ চাৰি মাহ পাছত সিন্দেই সদলবলে গুৱাহাটীলৈ আহি পুনৰ মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে৷ ইফালে, নৈশভোজৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেৰ সৈতে বিভিন্ন বিষয়ক লৈ এক বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত মহাৰাষ্ট্ৰ ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰা মাটি বিচাৰে৷ আনহাতে, অসম চৰকাৰৰ তৰফৰ পৰাও মুম্বাইত নতুন অসম ভৱন এটা নিৰ্মাণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা মাটি বিচাৰে৷ এইক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কে’বাগৰাকী কেবিনেট মন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেৰ নেতৃত্বত অহা দলটোৰ সৈতে আলোচনাত মিলিত হৈ নৈশভোজত অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here