Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকৰ বিস্ফোৰক অভিযোগ: ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লৈছে...

মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকৰ বিস্ফোৰক অভিযোগ: ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি লৈছে এন চি বিৰ প্ৰান্তীয় মূৰব্বী সমীৰ ৱাংখেড়ে

100
0

মুম্বাই, ২৬ অক্টোবৰ : ক্ৰুছ পাৰ্টিত ড্ৰাগছ সেৱনৰ অভিযোগত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চালৈ অহা মুম্বাই প্ৰান্তৰ এন চি বিৰ মূৰব্বী সমীৰ ৱাংখেড়ৰ বিৰুদ্ধে উঠিছে কেইবাটাও গুৰুতৰ অভিযোগ৷ শেহতীয়াকৈ ড্ৰাগছ গোচৰত এন চি বিয়ে সাক্ষী কৰা এগৰাকী এন চি বিৰ প্ৰান্তীয় মূৰব্বীগৰাকীৰ বিৰুদ্ধে আৰিয়ান খানক মোকলাই দিয়াৰ নামত বৃহৎ লেনদেন কৰাৰ এক গুৰুতৰ অভিযোগ তুলিছিল৷ দেওবাৰে ড্ৰাগছ গোচৰৰ এন চি বিয়ে সাক্ষী কৰা প্ৰভাকৰ চেইলে এক শপতনামাত উল্লেখ কৰিছিল যে এন চি বিৰ প্ৰান্তীয় মূৰব্বী আৰু পলায়ন কৰি থকা সাক্ষী গুচাভিসহ অন্যান্যই আৰিয়ান খানক মোকলাই দিয়াৰ নামত ২৫ কোটি টকাৰ এক লেনদেন কৰিছিল৷ যি লেনদেন ১৮ কোটি টকাত নিৰ্ধাৰণ হৈছিল৷ ইয়াৰে আঠ কোটি টকা সমীৰ বাংখেড়ে লাভ কৰাৰ কথা আছিল৷ এনে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছত সমীৰ ৱাংখেড়ৰ বিৰুদ্ধে এন চি বিয়ে তদন্ত চলাব বুলি ঘোষণা কৰিছে৷ সেই অনুসৰি এতিয়া সমীৰ বাংখেড়ে দিল্লীত বাহৰ পাতিছে৷ আজি সন্ধিয়াৰ ভাগলৈ সমীৰ ৱাংখেড়েক এন চি বিয়ে কোনোধৰণৰ সোধাপোছা কৰা নাছিল যদিও অতিশীঘ্ৰে এই ধনৰ লেনদেন সম্পৰ্কত তেওঁৰ বিৰুদ্ধে সোধাপোছা চলাব সংস্থাটোৱে৷ ইয়াৰ মাজতেই সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকে এটাৰ পিছত আন এটাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ নবাব মালিকে সমীৰ ৱাংখেড়ে ভুৱা জাতিগত প্ৰমাণেৰে ইউ পি এছ চিৰ চাকৰি গ্ৰহণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ উপৰি তেওঁ অসাংবিধানিকভাৱে আন বহু লোকৰ ফোন টেপিং চলাৰো অভিযোগ তুলিছে৷ লগতে বহু গৃহত ড্ৰাগছ ৰাখি ভুৱা কেচেৰে বহু লোকক হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলিছে৷ আজি তেওঁ সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে কেইবাটাও অভিযোগ লৈ সংবাদ মাধ্যমৰ কাষ চাপে৷ কিন্তু সমীৰ ৱাংখেড়েৰ পত্নীয়ে নবাব মালিকে যিসমূহ অভিযোগ তেওঁৰ স্বামীৰ বিৰুদ্ধে উত্থাপন কৰিছে সেই সকলোবোৰ পোনছাটেই নাকচ কৰিছে৷ লগতে তেওঁ যদি এনে কিছু তথ্য আছে ন্যায়ালয়ৰ কাষ চাপিবলৈ নবাব মালিকক প্ৰত্যাহ্বান জনাইছে৷ ইয়াৰ বিপৰীতে নবাব মালিকে প্ৰকাশ কৰিছে যে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে বহু অভিযোগ আছে সেইসমূহ পৰ্যবেক্ষণ কৰি তেওঁ অসাংবিধানিক কাৰ্যকলাপৰ বিষয়ে ৰাইজক অৱগত কৰা হ’ব৷ একেদৰে অধিবক্তা সুধা ত্ৰিবেদীয়ে সমীৰ ৱাংখেড়েসহ অন্য পাঁচজনৰ বিৰুদ্ধে অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত গোচৰ ৰুজু কৰিব লাগে বুলি মুম্বাই আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here