Home স্থানীয় মাজুলীত দুদিনীয়াকৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা মাজুলী জিলা বণিক সন্থাৰ

মাজুলীত দুদিনীয়াকৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা মাজুলী জিলা বণিক সন্থাৰ

98
0


সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি, ১২ অক্টোবৰ : যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ অভিশপ্ত ফেৰী দুৰ্ঘটনাৰ পিছত একক ইঞ্জিনযুক্ত যাত্ৰীবাহী নাৱৰ লগতে মালবাহী নাওসমূহৰ চলাচল চৰকাৰে বন্ধ কৰি দিয়ে ৰাজ্য চৰকাৰে। ফলত মাজুলী জিলালৈ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি অন্যন্যা সামগ্ৰী আমদানিত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। জিলাখনত ৮ ছেপ্টেম্বৰৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক নাটনিয়ে দেখা দিয়াৰ লগতে খাদ্য-সামগ্ৰীৰ মূল্য দুগুণৰ পৰা তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছে। উপায়হীন ব্যৱসায়ীয়ে অধিক ভাৰা ভৰি তেজপুৰ-লখিমপুৰৰ পৰা  বগীবিল দলঙেৰে অত্যাৱশ্যকীয় সামগ্ৰী আনি মাজুলীত মজুত কৰিব লগা হৈছে। এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি জিলাখনৰ ব্যৱসায়ীসকলে মালবাহী নাওসমূহৰ চলাচল আৰম্ভ কৰিবলৈ জিলা প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ লগতে আলোচনাতো মিলিত হৈছিল যদিও আজিপৰ্যন্ত প্ৰশাসনৰ পৰা কোনো সদুত্তৰ নাপালে। মালবাহী ফেৰী চলাচলৰ অনুমতিৰ দাবীৰে মাজুলী জিলা বণিক সন্থাৰ আহ্বান মৰ্মে দুদিনীয়াকৈ মাজুলী বন্ধ ঘোষণা কৰিছে। সেই অনুসৰি আজি প্ৰথম দিনা জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা পৰিলক্ষিত হয়। আজি মাজুলীৰ মূল ব্যৱসায়িক স্থান কমলাবাৰী, গড়মূৰ, নতুন বজাৰ, জেংৰাইমুখ, ফুলনি, বনগাঁও, বালিচাপৰি, ৰাওনাপাৰ, ভকতিদুৱাৰ আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আজিৰ পৰা বন্ধ কৰি ৰাখিছে ব্যৱসায়ীসকলে। পেট্ৰ’লপাম্প পৰ্যন্ত বন্ধ থকাৰ বিপৰিতে কেৱল খোলা ৰাখিছে জৰুৰীকালীন ঔষধৰ দোকানসমূহ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here