Home অসম মাকৰ স্বপোন পূৰ্ণ কৰিল সাহিদ আলীয়ে , চাপৰৰ ফুটপাতত চাহ বিক্ৰী কৰা...

মাকৰ স্বপোন পূৰ্ণ কৰিল সাহিদ আলীয়ে , চাপৰৰ ফুটপাতত চাহ বিক্ৰী কৰা যুৱকে পালে আৰক্ষীৰ চাকৰি

182
0


গণ বাৰ্তা, চাপৰ, ১৮ ছেপ্টেম্বৰ ঃ
মাকৰ সপোন বাস্তৱত ৰূপ দিলে চাপৰৰ এজন যুৱকে৷ চাপৰ অৰ্ধসাপ্তাহিক বজাৰত মাক সহিদা বেগমে চাহ, পাপৰ, পিঠা, বিস্কুট আদি বিক্ৰী কৰি একমাত্ৰ পুত্ৰ সাহিদ আলীক লালন-পালন কৰিছিল৷ সৰুৰে পৰা মাকৰ মনৰ সপোন আছিল পুত্ৰক আৰক্ষী ৰূপত দেখাৰ৷ আজি অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল৷ অসম আৰক্ষীৰ ফলাফলত উত্তীৰ্ণ াপৰৰ ফুটপাতত চাহ হ’ল ধুবুৰী জিলাৰ চাপৰ কাজিপাৰাৰ সাহিদ আলী৷ দৰিদ্ৰতাক নেওচি নিজৰ লক্ষ্য স্থিৰ ৰাখি কষ্ট আৰু আপ্ৰাণ চেষ্টাৰে সফলতা লাভ কৰিলে ধুবুৰী চাপৰৰ সহিদা বেগমৰ একমাত্ৰ পুত্ৰ সাহিদ আলী৷ সাহিদ আলী নামৰ যুৱকজনে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি৷ পুত্ৰৰ চাকৰি পোৱাৰ খবৰ পাই উৎফুল্ল হৈ পৰিছে মাতৃ৷ একেবাৰে দৰিদ্ৰ ঘৰৰ পৰা অসম আৰক্ষীত চাকৰি পোৱাৰ পিছত মাতৃ আৱেগিক হৈ পৰে৷ অসম চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰাৰ বাবে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে আলীৰ মাতৃয়ে৷ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে৷ ইপিনে সাহিদ আলীৰ সফলতাত মািŒI× মিডিয়া প্ৰেছ ক্লাব, চাপৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দেশী গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here