Home Main Stories এনআৰচিৰ সমাধান নে সমস্যা জীয়াই ৰাখিব বিচাৰে স্পষ্ট কৰক সদনত ৰকিবুল হুছেইন

এনআৰচিৰ সমাধান নে সমস্যা জীয়াই ৰাখিব বিচাৰে স্পষ্ট কৰক সদনত ৰকিবুল হুছেইন

39
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ : ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক মন্তব্যৰ শুধৰণি আনি আলোচনাত অংশ লৈ আজি এনআৰচিৰ সমস্যাক লৈ সৰৱ হৈ পৰে বিৰোধীৰ উপ-দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন। আজি ৰাজ্যপালৰ ভাষণৰ ওপৰত মন্তব্য আগবঢ়াই জ্যেষ্ঠ কংগ্ৰেছী বিধায়কগৰাকীয়ে কয় যে বিজেপিৰ পূৰ্বৰ চৰকাৰখনে এনআৰচি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত দায়িত্ব লৈছিল আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এনআৰচি প্ৰকাশ কৰাৰ সময়ত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে ৰাজ্যবাসীক আহবান জনাইছিল। পিছত নতুন চৰকাৰখনে পুনৰ সীমান্ত অঞ্চলৰ জিলাত ২০ শতাংশ আৰু আন জিলাত ১০ শতাংশ পুনৰীক্ষণ কৰিব বিচাৰিছে। যিহেতু সম্পূৰ্ণ এনআৰচি প্ৰকাশ হৈছে আৰু কেন্দ্ৰৰ গৃহমন্ত্ৰীয়ে সংসদত এই সন্দৰ্ভত উল্লেখ কৰি ইয়াক গৃহীত কৰিছে, তেনেক্ষেত্ৰত নতুন চৰকাৰে পুনৰীক্ষণ বিচাৰি ন্যায়ালয়ত আবেদন জনোৱা প্ৰসংগই কি সূচায় বুলি প্ৰশ্ন উত্থাপন কৰি জ্যেষ্ঠ বিধায়কগৰাকীয়ে কয় যে নতুন চৰকাৰখনে এনআৰচি সমস্যাৰ সমাধান বিচাৰিছে নে সমস্যা বৃদ্ধি কৰিব বিচাৰিছে সেয়া স্পষ্ট কৰা উচিত। আনহাতে ক’ভিড সংক্ৰমণৰ কথা উল্লেখ কৰি সম্প্ৰতি ৰাজ্যত গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহতো সংক্ৰমণ বিয়পিছে আৰু মৃত্যুৰ হাৰ বাঢ়িছে বুলি উল্লেখ কৰি ভেকচিন পৰ্যাপ্ত হাৰত উপলব্ধ নথকাৰ কথা সদনত উত্থাপন কৰে। আনহাতে ভেকচিন লাভৰ ক্ষেত্ৰত থকা অনলাইন ব্যৱস্থা বন্ধ কৰিবলৈ আহবান জনাই তেওঁ কয় যে বহুতেই অনলাইন পঞ্জীয়ন কৰিব নাজানে। তদুপৰি ৰাজ্যত সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটাৰ সন্দৰ্ভতো সদনত অৱগত কৰে জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here