Home স্থানীয় ইটাখোলাৰ শিক্ষয়িত্ৰী মালবিকা শইকীয়ালৈ কৃতী শিক্ষক বঁ‌টা প্ৰদান

ইটাখোলাৰ শিক্ষয়িত্ৰী মালবিকা শইকীয়ালৈ কৃতী শিক্ষক বঁ‌টা প্ৰদান

344
0

গণবাৰ্তা,ইটাখোলা ৬ চেপ্টেম্বৰঃ ৬০ সংখ্যক শিক্ষক দিৱসত জিলা প্ৰাথমিক শিক্ষা বিভাগৰ ইটাখোলাৰ শিক্ষয়িত্ৰী মালবিকা শইকীয়ালৈ কৃতী শিক্ষকৰ বঁ‌টা প্ৰদাণ কৰে। ১৯৯৫ চনত কৰ্মজীৱণ আৰম্ভ কৰা শিক্ষয়িত্ৰী মালবিকাই কন-কন শিশুক শিক্ষা দান কৰাৰ লগতে অঞ্চলৰ বিভিন্ন সামাজিক,সাংস্কৃতিক অনুষ্ঠানৰ এগৰাকী এগৰাকী সক্ৰীয় কৰ্মী। ইয়াৰ উপৰিও ইটাখোলা অঞ্চলৰ এক মাত্ৰ সামাজিক অনুষ্ঠান ‘বুনীয়াদ’ আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰয়াত শিল্পী অপৰাজিতা গগৈ সংগীত ক’লা কেন্দ্ৰৰ অন্যতম সদস্যাৰ লগতে কেইবাখনো নাটকত অভিনয় কৰি স্থানীয় শিল্পী সমাজখনত এক পৰিচয় বহন কৰে শিক্ষয়িত্ৰী গৰাকীয়ে। ১৯৮৪ চনৰ পৰাই শিক্ষা দান কাৰ্যৰ লগত জড়িত হৈ পৰা শিক্ষয়িত্ৰী মালবিকা শইকীয়া এগৰাকী দ্বায়িত্ববান,কৰ্মপটু ব্যক্তিত্বৰে বিদ্যালয়খনকে নিজ গৃহ বুলি আটোমটোকাৰীকৈ সজাই সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাত সক্ষম হোৱা  শিক্ষয়িত্ৰী গৰাকী ৰাইজ অৰু ছাত্ৰ-ছাত্ৰীৰ অবিভাৱকেৰে মিলি কৰ্মৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰত আহোপুৰুষাৰ্থ কৰি আহিছে।এগৰাকী সৎ আৰু নিষ্ঠাৱান শিক্ষয়িত্ৰী হিচাপে পৰিচিত শইকীয়ানীয়ে শিকণ আৰু শিক্ষণৰ বহু প্ৰশিক্ষণৰে সমৃদ্ধ ।পাঠদানত বিশেষ ব্যুৎপত্তি থকা শিক্ষয়িত্ৰী গৰাকী সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতো জড়িত। অঞ্চলটোৰ প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওত-প্ৰোত্ভাবে জড়িত শিক্ষয়িত্ৰী গৰাকী প্ৰকৃতি প্ৰেমী হিচাপেও অঞ্চলটোত পৰিচিত। শোণিতপুৰ জিলাৰ তেজপুৰস্থিত জিলা পুথিভৰাল পেক্ষা গৃহত জিলা উপায়ুক্ত ভুপেশ চন্দ্ৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত সাংসদ পল্লৱলোচন দাস,বিধায়ক পৃথিৱী ৰাজ ৰাভা,কৃষ্ণ কমল তাঁ‌তীৰ লগতে এমটনৰ উপাধ্যক্ষ ৰৃতুপৰণ শৰ্মাৰ্নলগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জিলাখনৰ মুঠ ৩৮ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত ইটাখোলাস্থিত নৱপুৰৰ স্থায়ী বাসিন্দা তথা ২ নং ইটাখোলা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মালবিকা শইকীয়াক এখনি ফোলাম গামোচা,শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে কৃতী শিক্ষয়িত্ৰীৰ বঁ‌টা প্ৰদান কৰে। তেখেতৰ কৰ্ম স্পৃহা আৰু পাৰদৰ্ষিতাৰ বাবে তেওঁৰ কৰ্মজীৱণত লাভ কৰা সফলতাৰ বাবে শিক্ষয়িত্ৰী মালবিকা শইকীয়াৰ পৰিয়ালৰ লগতে স্থানীয়লোকৰ মাজত স্বাভাৱিকতে এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here