Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অগ্নিপথ আঁচনিৰ বিৰুদ্ধে এইবাৰ আন্দোলনত নামিব কৃষক: অগ্নিপথ আঁচনিৰ জৰিয়তে বিজেপিয়ে নিজা...

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে এইবাৰ আন্দোলনত নামিব কৃষক: অগ্নিপথ আঁচনিৰ জৰিয়তে বিজেপিয়ে নিজা সশস্ত্ৰ কেডাৰ তৈয়াৰ কৰাৰ চেষ্টা- মমতা বেনাৰ্জী

65
0


নতুন দিল্লী, ২০ জুন:
চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া৷ এই আঁচনিখন কোনো কাৰণতেই মানি নোলোৱাৰ ঘোষণা কৰিছে বিৰোধী দলসমূহে৷ ঠিক একেদৰে সেনাবাহিনীত যোগদানৰ বাবে দীৰ্ঘদিনে অনুশীলন চলাই থকা যুৱকসকলেও আঁচনিখন মানি নোলোৱাৰ হুংকাৰ দিছে৷ প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব বুলিও ঘোষণা কৰিছে৷ যিহেতু ক’ভিডৰ পূৰ্বে ভাৰতীয় বায়ুসেনাত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে বহু যুৱকে নিযুক্তিৰ বাবে বাছনি হৈছিল৷ কেৱল মাথোঁ তেওঁলোকে নিযুক্তি-পত্ৰ লাভৰ বাবে অপেক্ষাৰত হৈ আছিল৷ এনে সময়ছোৱাতেই ক’ভিডৰ প্ৰাৰ্দুভাৱ ঘটাৰ লগে লগে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে৷ এতিয়া সেনাবাহিনীত অগ্নিপথ আঁচনিৰ জৰিয়তে সকলো নিযুক্তি প্ৰক্ৰিয়া হ’ব বুলি ঘোষণা কৰিছে৷ যিসকলে পূৰ্বতে শাৰীৰিক পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি-পত্ৰৰ বাবে অপেক্ষাৰত হৈ ৰৈছিল, সেইসকলক এক মোক্ষম আঘাত হানিছে৷ বহু যুৱকে নিযুক্তি- পত্ৰৰ বাবে অপেক্ষাৰত হৈ থকা সময়ছোৱাতেই সংবাদমেলৰ জৰিয়তে তিনি সেনা বাহিনীৰ বিষয়াই ঘোষণা কৰিছে যে এতিয়াৰে পৰা অগ্নিপথ আঁচনিৰ জৰিয়তে সকলো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ এই ঘোষণাৰ পিছত সেই সকল যুৱকৰ ঘৰত কান্দোনৰ ৰোল উঠিছে৷ যিসকলে ভাৰতীয় সেনাবাহিনীত যোগদানৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষাৰত হৈ আছিল৷ এতিয়া সেইসকল যুৱকে ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনি ঘোষণা কৰা দিন ধৰি সমগ্ৰ দেশত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ চাৰি বছৰীয়া চাকৰিৰ বিৰুদ্ধে বিৰোধী দলসমূহে আন্দোলন অব্যাহত ৰাখিছে৷ অগ্নিপথ আঁচনিৰ জৰিয়তে চৰকাৰে চাৰি বছৰীয়া নিযুক্তি দিয়াৰ লক্ষ্য ৰাখিছে আৰু নিযুক্তি লাভ কৰা ২৫ শতাংশই স্থায়ী নিযুক্তিৰ সুযোগ লাভৰ ঘোষণা কৰিছে৷ কিন্তু সেয়াও স্পষ্ট নহয়৷ সেইবাবে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ আছে৷ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে যুৱকসকলে আন্দোলন চলাই থকাৰ মাজতেই তিনি কৃষি আইন বাতিল কৰিবলৈ সক্ষম হোৱা সংযুক্ত কিষাণ মৰ্চায়ো এইবাৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন্দোলনত বহিব বুলি ঘোষণা কৰিছে৷ তেওঁলোকে অহা ২৪ জুনত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন্দোলনত বহিব বুলি ঘোষণা কৰিছে৷ দেশজুৰি তেওঁলোকে আন্দোলন চলাব বুলি ঘোষণা কৰিছে৷ একেদৰে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সৰৱ হৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে এই আঁচনিৰ জৰিয়তে বিজেপিয়ে নিজৰ সশস্ত্ৰ কেডাৰ তৈয়াৰ কৰাৰ প্ৰস্তুতি চলাইছে৷ কিয়নো বিজেপিৰ শীৰ্ষ নেতাই স্পষ্ট কৰি দিছে যে যিসকল অগ্নিবীৰে বিজেপি কাৰ্যালয়ত নিযুক্তিত প্ৰাথমিকতা লাভ কৰিব৷ মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন তুলি কয় যে চাৰি বছৰৰ পাছত অগ্নিবীৰসকলে কি কৰিব? সেইসকল যুৱকৰ হাতত বিজেপিয়ে অস্ত্ৰ তুলি দিবলৈ পৰিকল্পনা লৈছে৷ আনহাতে বিএছপিৰ প্ৰমুখ মায়াৱতীয়ে কয় যে বিমুদ্ৰাকৰণ আৰু লকডাউনৰ দৰে দেশবাসীৰ ওপৰত অগ্নিপথ আঁচনি জাপি দিছে৷ একেদৰে এআইইএমআইএমৰ প্ৰমুখ আছাউদ্দিন ৱেছিয়ে কয় যে অগ্নিপথ আঁচনিৰ জৰিয়তে নিযুক্তি লাভ কৰাৰ পাছত চাৰি বছৰীয়া কাৰ্যকাল শেষ হোৱা জোৱানসকলে পৰৱৰ্তী সময়ছোৱাত আদানি আৰু আম্বানিৰ গৃহৰ বাহিৰত শাৰী পাতিব লাগিব৷ তেওঁলোকে বিজেপিৰ কাৰ্যালয়ত চকীদাৰ কৰিব লাগিব৷ এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বিমুদ্ৰাকৰণৰ সময়ছোৱাত মোদীয়ে ৫০ দিনৰ সময় লৈছিল, কিন্তু আজিও সেয়া পূৰ্ণ নহ’ল৷ লকডাউনৰ পৰিণতিও দেশবাসীয়ে দেখা পালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here