Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিৰোধীৰ উমৈহতীয়া মৰ্চাৰ ধাৰণা নাকচ মমতা বেনাৰ্জীৰ : ব্যক্তিগত স্বাৰ্থৰ বাবে কৌশলী...

বিৰোধীৰ উমৈহতীয়া মৰ্চাৰ ধাৰণা নাকচ মমতা বেনাৰ্জীৰ : ব্যক্তিগত স্বাৰ্থৰ বাবে কৌশলী স্থিতি

166
0


গুৱাহাটী, ২২ আগষ্ট ঃ আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যক লৈ চলি থকা জল্পনা-কল্পনা আৰু ব্যাপক তৎপৰতাৰ মাজতে মমতা বেনাৰ্জীৰ স্থিতি আৰু মন্তব্যই সৃষ্টি কৰিছে নতুন ৰহস্যৰ৷ যি সময়ত মোদী তথা বিজেপিক প্ৰতিৰোধ কৰিবলৈ দেশৰ একাংশ ৰাজনৈতিক বিশ্লেষকসকলে বিৰোধী ঐক্যৰ পোষকতা কৰি আহিছে, তেনে সময়তে লোকসভা নিৰ্বাচনত মোদীক বাধা দিবলৈ বিৰোধী মহাজোঁটৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ মমতা বেনাৰ্জীয়ে কয়– ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাধা দিবলৈ দেশভিত্তিক মহাজোঁটৰ কোনো প্ৰয়োজন নাই৷ তৃণমূল কংগ্ৰেছে কয় যে নীতীশ কুমাৰে বিহাৰত বিজেপিৰ সংগ ত্যাগ কৰাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিত মাত্ৰ তিনিখন ৰাজ্যত বিহাৰ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ মহাজোঁট গুৰুত্বপূৰ্ণ হ’ব৷ ইয়াৰ উপৰি অসমতো দেখা যায় এই সম্ভাৱনা৷ ইয়াৰ উপৰি দেশৰ আন ঠাইত বিজেপিক প্ৰতিহত কৰিবলৈ মহাজোঁটৰ কোনো প্ৰয়োজন নাই৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্ট কৰি দিছে যে তেওঁৰ দলে পশ্চিম বংগৰ আগন্তুক লোকসভা নিৰ্বাচনত ৪২খন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ বেছিভাগ ৰাজ্যতে মুখ্য শক্তিশালী দলটোৱে যাতে বিজেপিৰ মুখামুখি হয়, সেয়া নিশ্চিত কৰিবলৈ তৃণমূল কংগ্ৰেছে ঘৰুৱাভাৱে বিৰোধী নেতৃত্বৰ সৈতে আলোচনা কৰি আছে৷ অৱশ্যে, কংগ্ৰেছৰ সৈতে বিৰোধী ৰণনীতিৰ বিষয়ে আলোচনা কৰা হৈছে নে নাই সেয়া স্পষ্ট নহয়৷ ৰাজ্যসভাৰ টিএমচি নেতা ডেৰেক অ’ব্ৰায়েনে কয় যে বিহাৰ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ উপৰি আন কোনো ৰাজ্যত তথাকথিত মহাজোঁটৰ কোনো সুযোগ নাই৷ মমতা বেনাৰ্জীয়ে স্পষ্ট কৰি দিছে যে তেওঁ য’তেই বিজেপিক পৰাস্ত কৰিবলৈ যুঁজ দিব পাৰে, তেতিয়া সকলোৱে একত্ৰিত হ’ব৷ এই তত্ত্ব ব্যাখ্যা কৰি পঞ্জাব আৰু দিল্লীত আপ, তামিলনাডুত ডিএমকে, তেলেংগানাত টিআৰএছ, পশ্চিম বংগত তৃণমূল আৰু উত্তৰ প্ৰদেশৰ এছপিৰ দৰে আঞ্চলিক শক্তিয়ে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব৷ তৃণমূলৰ সূত্ৰই দাবী কৰিছে যে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত মোদী বনাম ৰাহুল গান্ধী মডেল অনুসৰণ কৰা নহ’ব৷ কাৰণ এইটো ইতিমধ্যে এটা ‘বিফল মডেল’৷ বৰঞ্চ, মোদীয়ে সংশ্লিষ্ট ৰাজ্যসমূহৰ বিভিন্ন আঞ্চলিক দলৰ শক্তিশালী নেতাসকলৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ মধ্য প্ৰদেশ, ৰাজস্থান বা গুজৰাটৰ দৰে ৰাজ্যত কংগ্ৰেছৰ যুঁজত যাতে কোনো ভোট বিভাজন নহয়, সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ৷ ৰাজনৈতিক বিশ্লেষকৰ মতে, এই তত্ত্বৰ কে’বাটাও দিশ আছে৷ যদি প্ৰথমে মহাজোঁট হয় তেন্তে নেতৃত্বৰ স্থিতিক লৈ উঠিব প্ৰশ্ন৷ এই মুহূৰ্তত কেন্দ্ৰীয় তদন্ত সংস্থাৰ দ্বাৰা ধাৰাবাহিক অভিযান আৰু তৃণমূল নেতা আৰু মন্ত্ৰীসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগে ৰাজ্যখনৰ ৰাজনীতিক জোকাৰি গৈছে৷ এনে সময়ত মমতাই নিজকে বিৰোধী মিত্ৰজোঁটৰ নেতা হিচাপে প্ৰক্ষেপ কৰিব নিবিচাৰে আৰু আনকো এই সুযোগ দিবলৈ ইচ্ছা কৰা নাই৷ ইয়াৰ পৰিৱৰ্তে, তেওঁৰ আহ৩ান হৈছে, সকলোকে তেওঁলোকৰ নিজ নিজ ৰাজ্যত যুঁজ দিবলৈ দিয়ক, তেওঁ সেতু নিৰ্মাণ কৰিবলৈ সাজু৷ আনহাতে, কংগ্ৰেছে কয় যে আঞ্চলিক দলবোৰে তেওঁলোকৰ ৰাজ্যসমূহত যুঁজ দিয়াৰ নীতিত অটল থকাটো স্বাভাৱিক আৰু সহজ৷ কিন্তু কংগ্ৰেছৰ দৰে এটা ৰাষ্ট্ৰীয় দলে, য’ত সমগ্ৰ দেশতে সংগঠন, কৰ্মী আৰু প্ৰাৰ্থী আছে, তেওঁলোকে কিয় নিজাববীয়াকৈ যুঁজৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে? ইয়াৰ পৰিৱৰ্তে, বিভিন্ন ৰাজ্যত কমেও য’ত কংগ্ৰেছৰ শক্তিশালী উপস্থিতি আছে, যদি আঞ্চলিক দলবোৰে কংগ্ৰেছক বিৰোধী ৰণনীতিৰ অংশ কৰে, ফলাফল ভাল হ’ব, কংগ্ৰেছ নেতৃত্বই সেই কথা বিশ্বাস কৰে৷ তৃণমূল নেতৃত্বৰ মতে, যদি ২০২৪ চনৰ নিৰ্বাচনত বিজেপি প্ৰায় ২৫০খন আসনত আবদ্ধ হৈ পৰে, তেন্তে দুয়োপক্ষৰ বাবে বিজেডি আৰু জগন ৰেড্ডীৰ দলৰ গুৰুত্ব বৃদ্ধি পাব৷ তেওঁলোক ইমান দিন ধৰি বিজেপিৰ ‘বি টীম’ হিচাপে কাম কৰি আছে, কিন্তু যদি বিজেপি দুৰ্বল হয়, এই দুয়োটা দল বিৰোধী শিবিৰলৈও আহিব পাৰে৷ বিৰোধীয়ে আশা কৰিছে যে বিহাৰ, পশ্চিম বংগ আৰু কৰ্ণাটকৰ দৰে ৰাজ্যত এন ডি এই যোৱাবাৰতকৈ বহু কম আসন লাভ কৰিব৷ কিন্তু অনবৰতে বিজেপি আৰু মোদীৰ বিৰোধিতা কৰা মমতা বেনাৰ্জীৰ হঠাতে এই স্থিতি কিয়? চৰকাৰী বিভিন্ন বিভাগৰ আৰু কে’বাটাও চীট ফাণ্ড কোম্পানীৰ বৃহৎ ধনৰ কেলেংকাৰী সন্দৰ্ভত ই ডি আৰু চিবিআইৰ তালাচীৰ ভয়তে মমতা বেনাৰ্জীৰ এই আপোচকামী সিদ্ধান্ত নেকি? বিগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত তৃণমূল কংগ্ৰেছ ভোটদানৰ পৰা বিৰত থকাৰ পিছৰে পৰা মমতা বেনাৰ্জীৰ গতিবিধি সলনি হোৱা পৰিলক্ষিত হৈছে৷ পশ্চিম বংগ চৰকাৰৰ একাধিক মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী এজেন্সীৰ শেহতীয়া অভিযানৰ পৰিপ্ৰেক্ষিততে মমতাৰ সুৰ সলনি হোৱা দেখা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here