Home গুৱাহাটী প্ৰগ্ৰেছিভ পিপুল্‌ছ ফাউণ্ডেচনৰ প্ৰতিষ্ঠা দিৱস পালন : অনুষ্ঠানত অংশগ্ৰহণ কৰি সংখ্যালঘু কল্যাণ...

প্ৰগ্ৰেছিভ পিপুল্‌ছ ফাউণ্ডেচনৰ প্ৰতিষ্ঠা দিৱস পালন : অনুষ্ঠানত অংশগ্ৰহণ কৰি সংখ্যালঘু কল্যাণ বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামী

88
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: প্ৰ’গ্ৰেছিভ পিপুল্‌ছ ফাউণ্ডেচনে ১৫ ছেপ্টেম্বৰত ইয়াৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ সম্পন্ন কৰে৷ এই উপলক্ষে আজি গুৱাহাটী ছয়মাইলস্থিত আৰ এম ল’জত এক অনুষ্ঠান অনুষ্ঠিত হয়৷ ফাউণ্ডেচনৰ সদস্য সচিব তথা ট্ৰাষ্টি মাচুক আহমেদ লস্কৰ আহমেদে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংখ্যালঘু কল্যাণ বিভাগৰ অধ্যক্ষ সচিব মনালিছা গোস্বামী৷ আইএএছ বিষয়াগৰাকীয়ে নিজৰ ভাষণত সংখ্যালঘু কল্যাণৰ বিভিন্ন আঁচনিসমূহ অৱলোকন কৰাৰ লগতে ৰাইজৰ মাজত এই আঁচনিসমূহৰ বাবে সজাগতা সৃষ্টিৰ পোষকতা কৰে৷ আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আব্দুল মান্নানে পৱিত্ৰ কোৰানৰ পথত কেনেদৰে আগবাঢ়ি যাব লাগে তাৰ বিষয়ে ভাষণ ৰাখে৷ আনহাতে, পিপিএফৰ অধ্যক্ষ জীয়াউদ্দিন চৌধুৰীয়ে ভাষণ ৰাখি চৰকাৰী হিতাধিকাৰী আঁচনিসমূহৰ সজাগতাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়৷ একেদৰে পিপিএফৰ উপাধ্যক্ষ ৰফিক আহমেদ লস্কৰে দৰিদ্ৰ মেধাৱী ছাত্ৰসকলৰ কেনেদৰে সহায় কৰি তেওঁলোকক আগুৱাই নিব পাৰি সেই সন্দৰ্ভত ভাষণ ৰাখে৷ ভাষণত তেওঁ কানাড়া বেংক আৰু ষ্টেট বেংকৰ চিএছআৰ প্ৰ’গ্ৰেমৰ কথা উল্লেখ কৰি ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত মিজাজুৰ ৰহমান তালুকদাৰ, জয়নাল আবেদিন চৌধুৰী, এম আছিম নাজিৰ চৌধুৰী আদি ব্যক্তিয়ে ভাষণ ৰাখে৷ ইপিনে, প্ৰতিষ্ঠা দিৱসৰ পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ড॰ আনোৱাৰ হুছেইন চৌধুৰী, আলী হায়দৰ লস্কৰ, ড॰ জাকিৰ হুছেইন, আব্দুল ৱাৰিছ চৌধুৰী, হাছনা মজুমদাৰক ফুলাম গামোচা আৰু কিতাপেৰে সম্বৰ্ধনা জনোৱা হয়৷ ভাষণত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে পৰিয়াল পৰিকল্পনা আৰু আৰ্থ-সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত বহুমূলীয়া ভাষণ ৰাখে৷ ছাত্ৰ গোটৰ হৈ হাইলাকান্দিৰ আমিন ৰাছুল আৰু গুৱাহাটীৰ ছাহিনা ৰহমানে ভাষণ ৰাখি পিপিএফে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আবঢ়োৱা সহায়ৰ শলাগ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here