গণ বাৰ্তা বিশেষ, বোকাখাত, ১৩ জুলাই : এইবাৰ মণিপুৰৰ কুখ্যাত উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই-এম) আৰু নৱগঠিত জেমী ৰিভলুচনেৰী আৰ্মী, চমুকৈ জে আৰ এৰ দৰে উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ সৈতে। গোলাঘাট আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত সংগঠনটোৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে । আজি বোকাখাত আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে । ক’ভিড-১৯ৰ ভয়াৱহ গণ-সংক্ৰমণৰ মাজতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ। এনে গঁড় হত্যাকাৰীৰ বিপক্ষে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। সোমবাৰে ২৪ ঘন্টা ধৰি মণিপুৰত গঁড় হত্যাকাৰীৰ বিৰুদ্ধে চলা অভিযানত এটা গঁড় হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ একে আৰক্ষী থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা চিকাৰীটো থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠান । বোকাখাত আৰক্ষী থানাৰ নৱনিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাৰ নেতৃত্বত দহজনীয়া এটা দলে চলোৱা অভিযানত সহযোগ কৰে মণিপুৰ আৰক্ষীয়েও । ২০২০ চনত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে ওৰফে নেংজাথাম ভাল্টে আৰু নগাঁৱৰ চাইমন লাক্ৰা নামৰ দুটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই চিকাৰী দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত ‘থাংগৌসিং ভি খামখৌপ’ ওৰফে পাঠানৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত গোচৰ নং ১৯৫য২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)য১২১(এ)য৩৭৯য৪১১, আৰযডব্লিউ আইনৰ ১৭য১৮ইউ এ(পি)য৫১(১৮) আৰু বন সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতেইথাংগৌসিং ভি খামখৌপ ওৰফে পাঠানক বোকাখাত আৰক্ষী থানাৰ অভিযানকাৰী দলে মণিপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি আজি বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। অধিক সোধা-পোছাৰ বাবে আদালতে পাঠানক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাৎ দিয়ে। এই অভিযানৰ পোনপটীয়াকৈ নেতৃত্ব দিছিল আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বুলিও সংবাদমেলত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে জানিবলৈ দিয়ে । ধৃত চিকাৰীটোৱে বানৰ সময়ত কাজিৰঙাৰ বিশ্বনাথ সংমণ্ডলত স্থানীয় চোৰাং চিকাৰীৰ সৈতে মিলি গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল।