Home Main Stories মণিপুৰৰ ভূমি…লনত নিহতৰ পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকা-চন্দ্ৰ মোহন পাটোৱাৰী

মণিপুৰৰ ভূমি…লনত নিহতৰ পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকা-চন্দ্ৰ মোহন পাটোৱাৰী

141
0

বিশেষ প্ৰতিনিধি, ২১ আগষ্ট ঃ মণিপুৰৰ তুপুলত ভূমি…লনৰ ফলত অতি কৰুণভাৱে মৃত্যুক সাবটি লোৱা মৰিগাঁও জিলাৰ কুশতলী অঞ্চলৰ মৃত ব্যক্তিসকলৰ শোকবিহ৩ল পৰিয়ালৰ কাষত আজি উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পাটোৱাৰীৰ সৈতে উপস্থিত হয় জনসংযোগ, জলসম্পদ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ অতি শোকাকুল পৰিৱেশৰ মাজত মন্ত্ৰী দুজনে শোকসন্তপ্ত পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ দ্বাৰা আগবঢ়োৱা সাহায্য চেক অৰ্পণ কৰে৷ উল্লেখ্য যে অঞ্চলটোৰ কৰুণভাৱে মৃত্যুক সাবটি লোৱা ১৬গৰাকী লোকৰ পৰিয়ালক ২ লাখ টকাকৈ আৰু আহত প্তগৰাকী ব্যক্তিক ২৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হয়৷ ইয়াৰ লগতে এই পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই৷ বাৰ মৃত ব্যক্তিসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ শোকদগ্ধ পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে এই কৰুণ ঘটনা সংঘটিত হোৱা সময়খিনিতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী হাজৰিকাই দুৰ্ঘটনা সংঘটিত এলেকাত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লোৱাৰ লগতে আহত প্তগৰাকী ব্যক্তিৰ চিকিৎসাৰ ব্যৱস্থা কৰাই বিমানযোগে গুৱাহাটীলৈ আনি স্ব-গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল৷ ইয়াৰ লগতে উদ্ধাৰ হোৱা মৃতদেহসমূহ ঘূৰাই অনাৰ ক্ষেত্ৰতো অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ আজিৰ এই সময়খিনিত বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, সমাজকৰ্মীদ্বয় প্ৰবীণ মেধি আৰু লেলিন ডেকা, জিলা উপায়ুক্তৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷ মণিপুৰত ভয়ংকৰ ভূমি…লনত লাহৰীঘাটৰ নিহত শ্ৰমিকৰ পৰিয়ালক চেক প্ৰদান
গণ বাৰ্তা, ভূৰাগাঁও ঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ ভয়াৱহ ভূমি…লনত প্ৰাণ হেৰুওৱা শ্ৰমিকসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ২ লাখ টকাকৈ আগবঢ়োৱাৰ লগতে আহত পৰিয়ালক ২৫ হাজাৰকৈ আগবঢ়ায়৷ উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত মণিপুৰৰ টুপুলত ভয়ংকৰ ভূমি…লনৰ কবলত পৰি লাহৰীঘাটৰ কুশতলী অঞ্চলৰ ১৬গৰাকী শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ লগতে প্তজন শ্ৰমিক আহত আৰু এজন শ্ৰমিক বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে৷ আজি এই দুৰ্ভগীয়া শ্ৰমিকসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চেক প্ৰদান কৰে৷ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত নিহত পৰিয়ালক ২ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে আহত পৰিয়ালক ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷ চেক প্ৰদান অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাছু উপস্থিত থাকে৷ চেক প্ৰদান কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই দুৰ্ভগীয়া পৰিয়ালক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ মৰিগাঁও উপায়ুক্ত নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here