Home অসম কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ সংবাদমেল : আদানীক ধনী কৰিবলৈ এইবাৰ খিলঞ্জীয়াৰ...

কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ সংবাদমেল : আদানীক ধনী কৰিবলৈ এইবাৰ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণৰ পাং হিমন্ত চৰকাৰৰ

110
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ছেপ্টেম্বৰ :  ৩ হাজাৰ বিঘা ভূমিত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ ৰাইজৰ বিপুল আপত্তিৰ পিছতো সম্পূৰ্ণ বেপৰো¸ৱাভাৱে নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁৰ বিশ্বস্ত বণিয়া আদানীক ৫০ বছৰলৈ লীজত দি দিলে৷ মুখেৰে এটা মাত মাতিবলৈ সাহস নকৰিলে৷ ইয়াৰ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জাতি-মাটি-ভেটি ৰক্ষাৰ ভুৱা শ্ল’গান দি নিৰ্বাচনী ৰণ জিকা বিজেপিয়ে অসমবাসীৰ স্বাভিমান, গৌৰৱ তিলিকতে উৰুৱাই দিবলৈ সময় নালাগিল৷ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই এই অভিযোগ উত্থাপন কৰি কয় যে ১৯৫৮ চনত স্থাপন কৰা এই বিমানবন্দৰটো ২০১৭-১৮ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ বিমানবন্দৰৰ ভিতৰত আৰু দেশৰো বহুকেইটা বিমানবন্দৰৰ মাজত আশাব্যঞ্জক লাভত চলি থকা বিমানবন্দৰ আছিল৷ এই কথা ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু অন্যান্য স্বীকৃত চৰকাৰী এজেন্সীৰ প্ৰকাশিত তথ্যই স্বীকাৰ কৰিছে৷ লাভজনক এটা বিমানবন্দৰ কি কাৰণে এতিয়া হঠাৎ পানীৰ দামত আদানীৰ হাতত চমজাই দিয়া হ’ল সেয়া ৰাইজে বুজিবলৈ বাকী নাই৷ প্ৰায় ৮০১ পৰা ৯০ কোটি টকা ব্যয় কৰি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ১০০ শতাংশ নিজা পুঁজিৰে ২০১৮-১৯ বৰ্ষত বিমানবন্দৰটোৰ বৰ্তমানৰ ‘টাৰ্মিনেল বিল্ডিং’টোৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ কাম সম্পন্ন কৰিছিল৷ উল্লেখ্য যে ইয়াত সেই সময়তে ‘এয়াৰ ট্ৰেফিক কণ্ট্ৰল’কে ধৰি আটাইবোৰ বিভাগত বিশ্ব মানৰ সকলো উন্নত কাৰিকৰী প্ৰযুক্তিৰ যন্ত্ৰাংশ সংলগ্ন  কৰি এটা আধুনিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শাৰীলৈ উন্নীত কৰা হৈছিল৷ তাৰ পিছৰ পৰাই গুৱাহাটী বিমানবন্দৰটো এটা আগশাৰীৰ বিমানবন্দৰ হিচাপে দেশৰ মানচিত্ৰত পৰিগণিত হৈছিল আৰু আশাতীতভাৱে লাভৰ মুখ দেখিছিল৷ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ইমানবোৰ ধন ব্যয় কৰি ইয়াক এটা উচ্ছ-মানবিশিষ্ট বিমানবন্দৰ কৰাৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে আদানীৰ দৰে ব্যক্তিগত খণ্ডৰ এজন বণিয়াৰ হাতত ইয়াক তুলি দিয়াৰ যুক্তি ক’ত? ইপিনে, মহন্তই আৰু কয় যে গুৱাহাটী বিমানবন্দৰৰ পশ্চিম প্ৰান্তৰৰ কৈতাসিদ্ধি আৰু ৰায়বৰী গাঁৱত বিমানবন্দৰৰ ‘ৰানৱে’ সম্প্ৰসাৰণৰ মাজত থলুৱা মানুহক উচ্চেদ কৰি মোদী-আদানীক সন্তুষ্ট কৰিবলৈ এইবাৰ নামিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ চৰকাৰ৷ ইতিমধ্যে চৰকাৰে ৫৪টা দাগ নম্বৰৰ মুঠ ৫৫ বিঘা ২ কঠা ৩.প্ত লেছা ম্যাদী পট্টাৰ মাটি অধিগ্ৰহণৰ জাননী জাৰি কৰি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে৷ ইয়াৰ দ্বাৰা প্ৰায় ১৫০টা পৰিয়ালৰ ভূমি কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে৷ স্থানীয় ৰাইজে জাননী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু কোনো কাৰণতে আদানীৰ বাবে মাটি এৰি নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখিত ৫৪টা দাগৰ চ্ছ্ৰটা বিভিন্ন উদ্যোগ খণ্ডৰ ২১টা কৃষিভূমি আৰু বাকী ২৯টা আৱাসৰ৷ ১৮০৪ চনতে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী কৈতাসিদ্ধি সত্ৰও আজি দুৰ্ভাগ্যজনকভাৱে মোদী-আদানী-হিমন্ত বিশ্বৰ হাতোৰাৰ পৰা বাচি যোৱা নাই৷ এক বিশেষ ঐতিহাসিক তাৎপৰ্য বহন কৰা বৈষ্ণৱ ধৰ্মৰ এই সত্ৰই ইতিমধ্যে প্ৰত্নতত্ত্ব বিভাগৰ পৰা ৰক্ষণাবেক্ষণৰ বাবে বিশেষ অনুদানো লাভ কৰিছে৷ ধৰ্মক লৈ ৰাজনীতি কৰা বিজেপিৰ শাসনতে কেৱল এজন বণিয়াৰ বাবে এক ঐতিহ্যমণ্ডিত ধৰ্মস্থানকো বুঢ়া আঙুলি দেখুওৱা হৈছে৷ ১৯৬২ চনৰ পিছৰ পৰা গুৱাহাটী বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে বিভিন্ন সময়ত স্থানীয় ৰাইজৰ প্ৰায় ৮০০ বিঘাৰো অধিক বৈধ কৃষিভূমি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে চৰকাৰৰ জৰিয়তে ৰাইজৰ পৰা অধিগ্ৰহণ কৰিছিল আৰু দেশৰ স্বাৰ্থত ৰাইজে তাত সহযোগো কৰিছিল৷ আনকি বিভিন্ন স্থানীয় ব্যক্তিৰ দখলত থকা এক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমিখণ্ডত ৰাইজে বিমানবন্দৰৰ বাবে সম্পূৰ্ণ সহযোগিতাৰে এৰি দিছিল৷ কিন্তু এতিয়া অৱশিষ্ট খেতি আৰু ভেটিৰ মাটিকণতো চকু দিয়াত স্থানীয় ৰাইজ অতিষ্ঠ হৈ ইয়াৰ বিৰুদ্ধে গৰ্জন আৰম্ভ কৰিছে৷ ‘জাতি-মাটি-ভেটি সুৰক্ষিত কৰিম’ বুলি প্ৰতিশ্ৰুতি দি দিল্লীত নৰেন্দ্ৰ মোদী, অসমত সৰ্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা দখল কৰি বণিয়া আদানীৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ ভেটি উছন কৰিবলৈ ওলোৱা নীতি খিলঞ্জীয়া ৰাইজক কৰা চৰম পদাঘাত বুলি অভিহিত কৰে৷ সংবাদমেলত তেওঁ লগতে আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সহোদৰ আদানীক ধনী কৰাৰ এই ষড়যন্ত্ৰমূলক অভিযানত খিলঞ্জীয়া মানুহৰ ভেটি উছন কৰাৰ ঘৃণনীয় প্ৰচেষ্টা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক কৰি দিয়ে৷ একেদৰে কৈতাসিদ্ধি আৰু ৰায়বৰী গাঁৱৰ ক্ষুব্ধ ৰাইজৰ এই যুক্তিপূৰ্ণ দাবীৰ প্ৰতি সকলোধৰণৰ সহযোগিতা-সমৰ্থনৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here