Home Uncategorized পাপনৰ সংগীতেৰে পাঠশালা ৰঙালী বিহুৰ সামৰণি, স্মৃতিগ্ৰন্থ বিহুৱান উন্মোচন সাংবাদিক মনোজ গোস্বামীৰ

পাপনৰ সংগীতেৰে পাঠশালা ৰঙালী বিহুৰ সামৰণি, স্মৃতিগ্ৰন্থ বিহুৱান উন্মোচন সাংবাদিক মনোজ গোস্বামীৰ

158
0

গণ বাৰ্তা,পাঠশালা, ১৭এপ্ৰিল: সহস্ৰাধিক দৰ্শকৰ বিপুল সহাৰিৰে যোৱা নিশা ৪২ সংখ্যক পাঠশালা ৰঙালী বিহুৰ সামৰণি পৰে৷ উল্লেখ্য যে, পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত পহিলা বহাগত পাঠশালা ৰঙালী বিহু সন্মিলনীৰ স্থায়ী সমিতিৰ সভাপতি স্বপন তালুকদাৰৰ দ্বাৰা বিহু পতাকা উত্তোলনেৰে এইবেলিৰ বিহু উদযাপন আৰম্ভ হয়। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে ৪২ সংখ্যক পাঠশালা ৰঙালী বিহু সন্মিলনীৰ সভাপতি পৰাগ বৰ্মণে, স্মৃতি তর্পণ অনুষ্ঠান মুকলি কৰে ৰঙালী বিহু সন্মিলনীৰ স্থায়ী সমিতিৰি সম্পাদক গৌতম চৌধুৰীয়ে, গ্রীণ মিছন বজালীৰ সৌজন্যত গছপুলি বিতৰণৰ মুখ্য বিতৰ্ক হিচাপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনিয়াৰে, পাঠশালা পাব্লিক স্কুল আৰু কিড্-জি পাঠশালা কেন্দ্ৰৰ সহযোগত বিহুৱান প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰা হয়৷ দুপৰীয়া মৌ-কুঁৱৰী আৰু মৌ-ৰাণী প্ৰতিযোগিতাৰ পিছতে অসমীয়া জলপান পৰিৱেশন কৰা হয়৷ আবেলি মুকলি বিহু উদ্বোধন কৰে বজালী জিলা আৰক্ষী অধীক্ষক ধর্মেন্দ্ৰ কুমাৰ দাসে৷ সন্ধিয়া বিহুৱতী প্ৰতিযোগিতা উদ্বোধন কৰে পাঠশালা মহাবিদ্যালয় প্ৰশাসনিক সমিতিৰ সভাপতি গিৰিশ পাটগিৰিয়ে৷ ইয়াৰ পিছতে সুবাসনা দত্ত আৰু প্ৰাণদ্বীপ দাসৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক কনক দাসে৷ দ্বিতীয় দিনৰ কাৰ্যসূচীত  চিত্ৰাংকণ প্রতিযোগিতা উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী হাৰুন আলীয়ে৷ ইয়াৰ পিছতে তপোবন শিশু গৃহত বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক সজুলি বিতৰণ আৰু পাঠশালা অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে স্বপন তালুকদাৰে৷ দুপৰীয়া ৰছী টনা প্রতিযোগিতা অনুষ্ঠিত হয়৷ সন্ধিয়া বন্তি প্রজ্বলন কৰে এন কে টিভিৰ সঞ্চালক নিপন কুমাৰ তালুকদাৰে৷ মঞ্চ মুকলি কৰে কামৰূপ জিলা পৰিবহণৰ প্ৰৱৰ্তক বিভাগৰ বিষয়া হিমাংশু দাসে৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ উদযাপন সমিতিৰ সভাপতি পৰাগ বৰ্মণে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক লোকশিল্পী বসন্ত পাটগিৰিক পাঠশালা ৰঙালী বিহু সন্মিলনী বঁটা, শৌৰ্য চক্ৰ প্ৰাপক জোৱান প্ৰণৱজ‍্যোতি দাসক বিশেষ সম্বৰ্ধনা আৰু উদীয়মান শিল্পী বৰষা শৰ্মাক পাঠশালা ৰঙালী বিহু সন্মিলনী উদীয়মান শিল্পী বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছতে কল্যাণ কলিতা আৰু ড৹ কৌস্তুভমণি পাটোৱাৰীৰ সহযোগত ৰাণা ডেকাৰ সম্পাদনাত পাঠশালা ৰঙালী বিহু সন্মিলনীৰ মুখপত্র ‘বিহুৱান’ উন্মোচন কৰে এন কে টিভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ এই অনুষ্ঠানতে কেইবা সহস্ৰাধিক দৰ্শকৰ সন্মুখত অংগৰাগ (পাপন) মহন্তৰ সংগীত পৰিৱেশনেৰে পাঠশালা ৰঙালী বিহু সন্মিলনীৰ ৪২ সংখ্যক ৰঙালী বিহু উদযাপনৰ সামৰণি পৰে৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here