Home Main Stories অন্ধকাৰত ডুব যাব দেশৰ বহু অঞ্চল: কয়লাৰ নাটনিয়ে এতিয়া দেশৰ অৰ্থ ব্যৱস্থালৈ...

অন্ধকাৰত ডুব যাব দেশৰ বহু অঞ্চল: কয়লাৰ নাটনিয়ে এতিয়া দেশৰ অৰ্থ ব্যৱস্থালৈ কঢ়িয়াই আনিছে অশনি সংকেত

44
0

নতুন দিল্লী, ১১ অক্টোবৰ ঃ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ পিছত কয়লাৰ সংকটৰ ফলত এতিয়া ভাৰতত ভয়াৱহতাৰ সৃষ্টি হৈছে। যিকোনো সময়তে ভাৰতৰ বৃহত্তম অঞ্চল অন্ধকাৰত ডুব যোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে। দেশৰ অৰ্থ ব্যৱস্থালৈ কয়লাৰ নাটনিয়ে অশনি সংকেত কঢ়িয়াই আনিছে। যিহেতু দেশৰ অৰ্থব্যৱস্থা এতিয়া বিদ্যুৎ শক্তিৰ ওপৰতে চালিত। এনেক্ষেত্ৰত যদি দীৰ্ঘ সময় বিদ্যুৎ কৰ্তন হৈ ৰয় তেন্তে অৰ্থব্যৱস্থালৈ এক মোক্ষম আঘাত আহি পৰিব। দেশৰ বিদ্যুৎ শক্তি উৎপাদন প্ৰান্তসমূহত কয়লাৰ নাটনিয়ে দেখা দিছে। কয়লাৰ নাটনিয়ে দেখা দিয়াৰ লগে লগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বাক্‌-বিতণ্ডা আৰম্ভ হৈছে। এফালে যদি কেন্দ্ৰই তেওঁলোকৰ হাতত কিছুদিনলৈ পৰ্যাপ্ত কয়লা মজুত আছে বুলি দাবী কৰি আছে, আনফালে আকৌ ৰাজ্য চৰকাৰসমূহে মুকলিভাৱে প্ৰকাশ কৰিবলৈ ধৰিছে যে তেওঁলোকৰ হাতত কয়লা পৰ্যাপ্ত পৰিমাণে মজুত নাই। ইতিমধ্যে কয়লাৰ নাটনিৰ বাবে উত্তৰ প্ৰদেশৰ আঠটা পাৱাৰ থাৰ্মেল প্লেণ্ট বন্ধ হৈ পৰিছে। দিল্লীতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে। যাৰ বাবে দিল্লী চৰকাৰে সংবাদমেল সম্বোধন কৰি কয়লাৰ নাটনিৰ বিষয়টো গুৰুত্বসহকাৰে কেন্দ্ৰক ল’বলৈ আহবান জনাইছে। তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণে কয়লা মজুত নাই। যিকোনো সময়তে ৰাজধানী দিল্লী অন্ধকাৰত ডুব যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে দিল্লী চৰকাৰে।

একেই পৰিস্থিতি এতিয়া অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, অসমকে ধৰি আন ৰাজ্যসমূহতো। অসমতো লোডশ্বেডিঙৰ সম্ভাৱনা প্ৰকাশ কৰিছে শক্তি বিভাগে। এক বিজ্ঞাপনৰ জৰিয়তে শক্তি বিভাগে ৰাজ্যত লোডশ্বেডিঙৰ সম্ভাৱনা প্ৰকাশ কৰিছে। পঞ্জাবত এতিয়া পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। প্ৰতিদিনে দুই-তিনি ঘণ্টা লোডশ্বেডিং হ’বলৈ ধৰিছে। পঞ্জাব চৰকাৰে কেন্দ্ৰলৈ এই সমস্যা সমাধান কৰিবলৈ আৰু পৰ্যাপ্ত পৰিমাণৰ কয়লা যোগান ধৰিবলৈ আহবান জনাইছে। ক’ল ইণ্ডিয়া লিমিটেডৰ সহযোগী কোম্পানীসমূহে পৰ্যাপ্ত ইন্ধন লাভ নকৰাৰ বাবে পঞ্জাবত প্ৰতিদিনে দুই-তিনি ঘণ্টা বিজুলী কৰ্তন হ’বলৈ ধৰিছে। উত্তৰ প্ৰদেশত কয়লাৰ নাটনিৰ বাবে আঠটা থাৰ্মেল পাৱাৰ প্লেণ্ট বন্ধ হৈ পৰিছে। ইতিমধ্যে ছটা প্লেণ্ট আন কাৰণত পূৰ্বৰ পৰাই বন্ধ হৈ আছে। গ্ৰামীণ অঞ্চলসমূহত ঘণ্টা ঘণ্টা ধৰি বিজুলী কৰ্তন হ’বলৈ ধৰিছে। উত্তৰ প্ৰদেশত দৈনিক বিশ হাজাৰৰ পৰা ২১ হাজাৰ মেগাৱাট বিজুলী প্ৰয়োজন। কিন্তু বৰ্তমান সময়ছোৱাত সোতৰ হাজাৰ মেগাৱাটহে বিজুলী উৎপাদন কৰিবলৈ সক্ষম হৈছে বা লাভ কৰিছে। ৰাজধানী দিল্লীত দুই-তিনিদিনৰ বাবেহে কয়লা মজুত আছে।

দিল্লী চৰকাৰে প্ৰকাশ কৰিছে তেওঁলোকৰ অধিকসংখ্যক পাৱাৰ প্লেণ্টসমূহত দুই-তিনিদিনৰ বাবেহে কয়লা মজুত আছে। উল্লেখ্য যে কয়লাৰ ভাণ্ডাৰ থকা ৰাজ্যসমূহত ছেপ্টেম্বৰ মাহত অধিক বৰষুণ হোৱাৰ বাবে এই সংকট আহি পৰিছে। কয়লা খনিৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পৰ্যাপ্ত বৰষুণ হোৱাৰ ফলত কয়লা উৎপাদনত বাধা জন্মিছে। আনহাতে, বাৰিষাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণৰ কয়লা মজুত নৰখাৰ বাবে এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি বিভিন্নজনে প্ৰকাশ কৰিছে। একেদৰে বিদেশৰ পৰা কয়লা সৰবৰাহত খৰচ বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰে ঘৰুৱা কয়লাৰ ওপৰত অধিক গুৰুত্ব দিছে, কিন্তু এইবাৰ পৰ্যাপ্ত পৰিমাণে কয়লা খনিৰ পৰা কয়লা আহৰণ কৰিব নোৱৰাৰ ফলত এতিয়া দেশৰ জনসাধাৰণে ভোগ কৰিছে। কোৰোনাৰ দ্বিতীয়টো লহৰৰ প্ৰকোপ হ্ৰাস পোৱাৰ লগে লগে দেশৰ অৰ্থব্যৱস্থাই গতি লাভ কৰিছে। অৰ্থ ব্যৱস্থাই গতি লাভ কৰাৰ লগে লগে কয়লাৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে। বৰ্তমান সময়ছোৱাত চাৰি বিলিয়ন ইউনিট বিজুলী খৰচ হৈ আছে। ৬৫ৰ পৰা ৭০ শতাংশ বিজুলী কয়লাৰ পৰাই আহৰণ কৰি আছে চৰকাৰে। যাৰ বাবে কয়লাৰ ওপৰত নিৰ্ভৰতা ভাৰতত বৃদ্ধি পাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here