ডুবাই, ২৮ ডিচেম্বৰ: ডুবাই গ্লোব ছকাৰ এৱাৰ্ডছৰ দ্বাদশ ছিজন বুৰ্জ খলিফাত অনুষ্ঠিত হয়, য’ত পোলেণ্ড আৰু বায়াৰ্ণ মিউনিখৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেভানডস্কিক শ্ৰেষ্ঠ গ’ল স্কোৰাৰ আৰু দৰ্শকৰ পছন্দৰ বছৰটোৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে মনোনীত কৰা হয়।লেভানডস্কিয়ে শ্ৰেষ্ঠ গ’ল স্কোৰাৰৰ বাবে মাৰাডোনা বঁটা লাভ কৰে। বিশ্বৰ সৰ্বাধিক গ’লৰ অভিলেখ গঢ়াৰ বাবে মানচেষ্টাৰ ইউনাইটেডৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোক পুৰস্কৃত কৰা হৈছিল। ইংলিছ প্ৰিমিয়াৰ লীগত খেলি থকা ৰোনাল্ডোৱে এই বঁটাৰ বাবে ধন্যবাদ জনাই এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।ফ্ৰান্সৰ কাইলিয়ান এমবাপে শ্ৰেষ্ঠ পুৰুষ ফুটবলাৰ আৰু এলেক্সিয়া পুটেলাছে শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ বঁটা লাভ কৰে।শ্ৰেষ্ঠ মহিলা ক্লাবৰ বঁটা বাৰ্চিলোনাই লাভ কৰে আৰু চেলছিয়ে পুৰুষ ক্লাবৰ বঁটা লাভ কৰে। ইউৰো ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পেনাল্টি ৰক্ষা কৰা বছৰটোৰ শ্ৰেষ্ঠ গ’লকীপাৰৰূপে ইটালীৰ জিয়ানলুইগি ডোনাৰুমাক নিৰ্বাচিত কৰা হয়।ৰবেৰ্টো মানচিনিয়ে বছৰটোৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে।