Home Main Stories ভূৰাগাঁৱৰ নৃশংস ধৰ্ষণ-হত্যাকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ; ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদ মেল

ভূৰাগাঁৱৰ নৃশংস ধৰ্ষণ-হত্যাকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ; ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদ মেল

917
0

গণবাৰ্তা, ভূৰাগাওঁ, ২৭ জুনঃ মানৱ সমাজক লজ্জানত কৰা ভূৰাগাঁৱৰ নৃশংস ধৰ্ষণ-হত্যাকাণ্ডৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ জালত পৰা অমানৱীয় নৃশংস হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ছৈয়দ আলী(৬৫)।যোৱা নিশা আৰক্ষীয়ে ধৰ্ষণকাৰী,হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,যোৱা ২০ জুন দেওবাৰ মৰিগাঁও জিলাৰ ভূৰাগাওঁ থানাৰ অন্তৰ্গত বালিডোংগা গাঁৱত সংঘটিত হৈছিল এক বৰ্ব্বৰ নৃশংস ধৰ্ষণ-হত্যাকাণ্ড।এগৰাকী ৯ বছৰীয়া ফুলকুমলীয়া শিশুক প্ৰথমে ধৰ্ষণ পিছত অতি নৃশংসভাৱে হত্যা কৰি পথাৰৰ মৰাপাট খেতিত পেলাই থৈ গৈছিল মানৱ ৰূপী পাষণ্ড দানৱজনে।পৰবৰ্তী সময়ত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী অধীক্ষকৰ লগতে ভূৰাগাওঁ আৰক্ষী উপস্থিত হৈ কণমানিজনীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তীব্ৰ গতিত তদন্ত অব্যাহত ৰাখিছিল যদিও হত্যাকাণ্ডটোৰ কোনো ক্লু নোপোৱাত ঘটনাটো সংঘটিত হোৱাৰ ছয় দিন অতিক্ৰম কৰাৰ পাছতো কোনো এজন অপৰাধীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষীয়ে।২৫ জুন শুক্ৰবাৰে ভূৰাগাওঁ আৰক্ষী থানাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত উপস্থিত হৈ অমানৱীয় ধৰ্ষণ কাণ্ডটো তদন্তৰ অগ্ৰগতিৰ চৰজমিন পৰ্যবেক্ষণ কৰি এই নৃশংস ধৰ্ষণ-হত্যাকাণ্ডটোৰ তদন্ত ক্ষীপ্ৰতৰ কৰি ঘটনাটোৰ লগত জড়িত সকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনক কাঢ়া নিৰ্দেশ প্ৰদান কৰিছিল।মূখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতে মৰিগাঁও আৰক্ষীয়ে তদন্ত অধিক তীব্ৰতৰ কৰি তুলে। যাৰ পৰিপ্ৰেক্ষিতত মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ৪৮ ঘন্টাৰ পাৰ নহওঁতেই অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীয়ে।বৰ্ব্বৰ ধৰ্ষণ আৰু হত্যাকাণ্ডটোৰ লগত জড়িত মূল অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ পিছত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পনা এন নটৰাজনে সংবাদ মেল সম্বোধন কৰি ঘটনাটোৰ লগত জড়িত মূল অভিযুক্ত ছৈয়দ আলীৰ পৰিয়ালে কালি হত্যাৰ বলি হোৱা কণমানিজনীৰ পৰিয়ালক উৎকোচ দিব যায়।এইখবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে আৰক্ষীয়ে লম্পট ছৈয়দ আলীক গ্ৰেপ্তাৰ কৰে আৰু অভিযুক্ত ছৈয়দ আলীক আজি পুৱা আদালতত হাজিৰ কৰাই অধিক তদন্তৰ খাতিৰত আৰক্ষীয়ে নিজৰ জিম্মালৈ আনে বুলি জানিবলৈ দিয়ে।ইপিনে নিৰ্মম,অমানৱীয়,নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ছৈয়দ আলীৰ গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। হত্যাকাৰী,ধৰ্ষণকাৰী চৈয়দ আলীৰ ফাঁচীৰ দাবীত অঞ্চলটোৰ শ শ পুৰুষ মহিলা ওলাই আহি পৰিৱেশ উত্তাল কৰি তুলে। ঘটনাস্থলী উচ্চ পদস্থ আৰক্ষী বিষয়াৰ লগতে ভূৰাগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ আৰক্ষী,অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।নিৰ্মম হত্যাকাণ্ডটোৰ লগত অন্য কেনোবা আছে নে নাই সেয়া বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।আৰক্ষী অধিক তদন্তত পোহৰলৈ আহিব সকলো তথ্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here