Home স্থানীয় ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৰহাট পুলিবৰ থানা এলেকাত ঔষধীকৰণ

ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৰহাট পুলিবৰ থানা এলেকাত ঔষধীকৰণ

267
0

গণ বাৰ্তা , পশ্চিম যোৰহাট, ২৯ মে’ : দেশ-ৰাজ্যৰ লগতে যোৰহাট জিলা আৰু পশ্চিম যোৰহাট অঞ্চলত ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবেই পুলিবৰ থানা উপদেষ্টা সমিতি, গাঁওৰক্ষী বাহিনীসমূহৰ সমণ্বয়ৰক্ষী সমিতিয়ে ২৯ মে’ত ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে থানা,বজাৰ,চিকিৎসালয়, ব্যৱসায়ীক-প্ৰতিষ্ঠান,জনসমাগম হোৱা স্থানসমূহত ঔষধীকৰণ কৰায়। গাঁওৰক্ষী বাহিনীসমূহৰ যোৰহাট জিলাৰ উপ-উপদেষ্টা পৱন পাঠক,পুলিবৰ থানা গাঁওৰক্ষী বাহিনীসমূহৰ চক্ৰ সংগঠক ৰাজেন দাস,পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াৰ উপস্থিতিত পুলিবৰ থানা উপদেষ্টা সমিতিৰ সভাপতি পংকজ বৰুৱা,পুলিবৰ থানা গাঁওৰক্ষী বাহিনীসমূহৰ সমণ্বয়ৰক্ষী সমিতিসমূহৰ সভাপতি অৰুণ শৰ্মা, উপ-সভাপতি জয়ন্তমাধৱ শইকীয়া, সম্পাদক প্ৰবীণ শইকীয়া, প্ৰচাৰ সম্পাদক বুবুল দাস প্ৰমুখ্যে বিষয়ববীয়াসকলে পুলিবৰ থানাত এই ঔষধীকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু থানাৰ ভিতৰে-বাহিৰে ঔষধীকৰণ কৰায়। তাৰপাছত ক্ৰমে পুলিবৰ থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়, মংগলবৰীয়া বজাৰ,দহোটীয়াস্থিত নামঘৰ,খঙীয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড,দহোটীয়া ৰাজ্যিক চিকিৎসালয়,দহোটীয়াস্থিত ব্যৱসায়িক-প্ৰতিষ্ঠানসমূহ,দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ,চৌহদ, দহোটীয়া ঔম মন্দিম,দহোটীয়া উপ দাগঘৰ,পশ্চিম যোৰহাট জাতীয় বিদ্যালয়, দহোটীয়া এম ভি স্কুল,পশ্চিম যোৰহাট বিষ্ণুজ্যোতি কলাকৃষ্টি কেন্দ্ৰ,সংগীত বিদ্যালয়,অঙ্গণৱাড়ী কেন্দ্ৰ, দহোটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়,পশ্চিম যোৰহাট মহাবিদ্যালয়, শিশুকল্যাণ কেন্দ্ৰ,অঙ্গণৱাড়ী কেন্দ্ৰ,উদয়ন জাতীয় বিদ্যালয়ৰ চৌপাশৰ লগতে সমগ্ৰ এলেকাটোৰ যাতায়াত কৰা পথসমূহত ঔষধীকৰণ কৰায়। এই ঔষধীকৰণ কাৰ্যসূচী ২৯ মে’ত আৰম্ভ কৰা হৈছে যদিও প্ৰায় প্ৰতিদিনে পুলিবৰ থানা এলেকাত পৰিচালিত হৈ থকা ১৬৪ খন গাঁওৰক্ষী বাহিনীৰ উদ্যোগত গাঁওৰক্ষী বাহিনীসমূহৰ এলেকভূক্ত গাঁৱৰ বাটপথৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান, ধৰ্মানুষ্ঠান,শিক্ষানুষ্ঠান,ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত-পৰিচালিত অনুষ্ঠান ব্যক্তিসকলৰ প্ৰৱেশ পথটো ঔষধীকৰণ কৰিব।উল্লেখ্য, পুলিবৰ থানা এলেকাৰ প্ৰায় প্ৰতিখন গাঁৱতে ক’ভিডত বহুকেইগৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ভালেকেইগৰাকী লোক ক’ভিডতে হওক বা অন্য ৰোগতে হওক মৃত্যু হৈছে। গাঁওৰক্ষী বাহিনীৰ উদ্যোগত পঞ্চায়তৰ সহযোগত ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমিতি গঠন কৰাৰ লগতে গাঁওসমূহত ২৪ ঘণ্টাই তীক্ষ্ণ দৃষ্টি দিয়াৰ ব্যৱস্থা কৰিছে। বহুকেইখন গাঁৱত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত যাতায়াত বন্ধ কৰি দিয়াৰ লগতে পশ্চিম দিশত থকা গোলাঘাট জিলালৈ কোনো লোকে যাতে যাতায়াত কৰিব নোৱাৰে তাৰবাবে পথসমূহত দুয়োখন জিলাৰ সীমাত নিতৌ ২৪ ঘণ্টাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত পুলিবৰ থানাৰ আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িতসকলৰ লগত সঘনে যোগাযোগ ৰাখি সহযোগিতা আগবঢ়াইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here