Home Main Stories ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটিৰ কাৰ্যকৰী সমিতিৰ বৈঠক সম্পন্ন

ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটিৰ কাৰ্যকৰী সমিতিৰ বৈঠক সম্পন্ন

784
0

দৰিদ্ৰ তথা মেধাবী ছাত্ৰ-ছাত্ৰীক জলপানি, স্থায়ীভৱন নিৰ্মাণৰ ওপৰত আলোচনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ আগষ্টঃ দৰিদ্ৰ সীমাৰেখাৰ তলত ছাত্ৰ-ছাত্ৰীক এককালীন জলপানি দিয়া, সংখ্যালঘু সম্প্ৰদায়ৰ, বিশেষকৈ বংগীয়মূলৰ মুছলমানৰ ইতিহাস সন্দৰ্ভত গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰ বাবে সমিতি গঠন আৰু বহুমুখী ভৱন নিৰ্মাণৰ লগতে সংখ্যালঘু সৰু সৰু গোটসমূহক একত্ৰীত কৰাৰ উদ্দেশ্যেৰে আজি এনইএফ মহাবিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছ’চাইটীৰ সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে। ছ’চাইটীৰ তহবিলত বিগত দিনত জমা হোৱা জাকাতৰ ধনেৰে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক এককালীন জলপানি দিয়াৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা হয়। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ স্থায়ী ভৱনকে ধৰি সংখ্যালঘু সমাজৰ বাবে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ সন্দৰ্ভতো বিশদ আলোচনা হয়। উক্ত আলোচনাৰ আঁত ধৰি আব্দুৰ ৰহিম শ্বেখে কয়, বহুমুখী সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে ভূমি ক্ৰয় কৰি পূৰ্ণ পৰ্যায়ত এটা প্ৰতিষ্ঠান স্থাপন কৰা হ’ব। য’ত আলোচনাৰ বাবে সভাঘৰ, পুথিভঁৰাল অধ্যয়ন কেন্দ্ৰ, বিবাহ ভৱন আদি উপলব্ধ হ’ব। উক্ত আলোচনাত অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কায়ুম আল আমান, এনইএফ মহাবিদ্যালয়ৰ সঞ্চালক ড০ জাকিৰ হুছেইন, লেখিকা ৰমিছা বেগম আৰু শিক্ষাবিদ আহমদ হুছেইনে অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাত সংখ্যালঘু সম্প্ৰদায়ৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক জলপানি প্ৰদান, সংখ্যালঘু সম্প্ৰদায়ৰ বিশেষকৈ বংগীয় মূলৰ মুছলমানক ইতিহাস সন্দৰ্ভত গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰ বাবে গৱেষক সমিতি গঠন আৰু অসমত সংখ্যালঘু সমাজৰ সংস্কৃতিক প্ৰদৰ্শন কৰিব পৰাকৈ আৰু অন্যান্য সামাজিক কাম-কাজৰ সুবিধা হোৱাকৈ এক বহুমুখী প্ৰকল্প স্থাপনৰ সিদ্ধান্ত উমৈহতীয়াভাৱে গ্ৰহণ কৰে। বংগমূলীয় মুছলমান জনগোষ্ঠীৰ নামকৰণ সম্পৰ্কে বিভিন্ন সংগঠন-সাংবাদিক-সাহিত্যিক আৰু বুদ্ধিজীৱীসকলক লৈ এখন বহলভিত্তিক বৈঠক অনুষ্ঠিত কৰিবলৈও আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ শেষত সভাপতি ড০ আতোৱাৰ ৰহমানে উপস্থিত সদনত উদ্দেশ্য কৰি কয় যে আপোনালোক সকলোৱে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সক্ৰিয় অংশীদাৰিত্ব গ্ৰহণ কৰক আৰু সমাজৰ হৈ কাম কৰক। যাতে পৰৱৰ্তী প্ৰজন্মই আমাক মনত ৰাখে। সভাত ছ’চাইটীৰ সম্পাদক মাজেদুৰ ৰহমান, ফকৰউদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত উচ্চ শিক্ষাৰ সঞ্চালক দিলৱাৰ হুছেইন, এএইচ খণ্ডকাৰ, ইঞ্জিনীয়াৰ আবুল হুছেইন, প্ৰাক্তন মুখ্য অভিযন্তা মমতাজ উদ্দিন আহমেদ, প্ৰাক্তন বায়ুসেনা চাদুল্লা আহমেদ, সোমেজুদ্দিন, নেকিবুৰ ৰহমান হাজৰিকাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে আজিৰ সভাতে বহুমুখী প্ৰকল্পৰ পুঁজিত নেকিবুৰ ৰহমান হাজৰিকাই ১ লাখ আৰু ছাদুল্লাহ আহমেদে ৫০ হাজাৰ টকা বৰঙনি হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here