Home Main Stories কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মহকুমা উন্নয়নী বিভাগৰ বৈঠকঃ : আসন্ন বানপানীৰ...

কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মহকুমা উন্নয়নী বিভাগৰ বৈঠকঃ : আসন্ন বানপানীৰ সময়ত ল’বলগীয়া ব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাঃ

112
0

দিব্যজ্যোতি হাজৰিকা , বোকাখাত ৭ জুনঃ আসন্ন বানপানীৰে মোকাবিলা কৰিব পৰাকৈ বিভিন্ন ক্ষেত্রত ল’বলগীয়া ব্যৱস্থাৱলীৰ প্ৰস্তুতি সন্দৰ্ভত বিষদভাৱে আলোচনা কৰিবৰ বাবে তথা বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কামকাজৰ সবিশেষ খতিয়ান ল’বৰ বাবে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ কৃষি, পশু পালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্রী তথা স্থানীয় বিধায়ক অতুল বৰাই দেওবাৰে বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখনি জৰুৰী বৈঠকত মিলিত হয় । এই বৈঠকত কৃষি মন্ত্ৰীগৰাকীয়ে বোকাখাত মহকুমাৰ বানপ্ৰভাৱিত এলেকাসমূহত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আৰু ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আশ্ৰয় শিবিৰৰ সংখ্যা বৃদ্ধি কৰিবলৈয়ো নিৰ্দেশ দিয়ে । বানপানীৰ সময়ছোৱাত যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলাবলৈ নাৱৰ সংখ্যা বৃদ্ধি কৰিবলৈকো মন্ত্রীগৰাকীয়ে পৰামৰ্শ আগবাঢ়ায় । মৰিয়াহোলাৰ পৰা ডিফলু পথাৰ সংযোগী মথাউৰিৰ ভগ্ন অংশৰ মেৰামতি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিগত বানপানীত ক্ষতিগ্ৰস্ত হোৱা পথ তথা দলংসমূহৰ মেৰামতি আৰু নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিয়ে । বৈঠকত মন্ত্ৰীগৰাকীয়ে বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ সহায় হোৱাকৈ থলুৱা আৰু হাইব্ৰীড প্ৰজাতিৰ ধানৰ কঠীয়া যোগান ধৰিবৰ বাবে কমিউনিটি নাৰ্চাৰী গঠনৰ কাম আৰম্ভ কৰিবলৈ আৰু কৃষকসকলৰ মাজত কোনোধৰণৰ বিসংগতি নথকাকৈ প্ৰয়োজনীয় শস্যৰ বীজ যোগান ধৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে । ফচলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় কীটনাশক আৰু স্প্ৰে মেচিন মজুত ৰাখিবলৈও কৃষি মন্ত্রীগৰাকীয়ে বিভাগীয় কতৃপক্ষক নির্দেশ দিয়ে । ইয়াৰ উপৰিও বোকাখাত মহকুমাত কৃষকৰ সহায়ক হোৱাকৈ এটা শীতল ভঁড়াল নিৰ্মাণৰ বিষয়ে আজিৰ বৈঠকত আলোচনা কৰা হয় । কেবিনেট মন্ত্রীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা জল জীৱন আঁচনিৰ অগ্ৰগতিৰো বুজ লয় । বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ল’বলগীয়া ব্যৱস্থাৱলীৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাওঁসমূহৰ পোহনীয়া জীৱ-জন্তুৰ ভেকচিন প্ৰদানৰ কাম অনতি পলমে সম্পূর্ণ কৰিবলৈ পশু চিকিৎসা বিভাগক নিৰ্দেশ দিয়ে । বৰ্তমানৰ ক’ভিড ১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগক মহকুমাটোত ক’ভিড টেষ্টিঙৰ পক্ৰিয়া বঢ়াই তুলিবলৈ আহ্বান জনায় । কৃষি মন্ত্ৰীগৰাকীয়ে ক’ভিড ১৯ ৰ সমান্তৰালকৈ অন্যান্য ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত দায়বদ্ধ হ’বলৈয়ো স্বাস্থ্যবিভাগক নিৰ্দেশ দিয়ে । আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কৃষকৰ ম্যাদি পট্টা মাটি উদ্যান কতৃপক্ষক চমজাই দিয়াৰ পাছতো ভুক্তভোগী কৃষকে আজিকোপতি ক্ষতিপূৰণ লাভ নাই ৷ এই সন্দৰ্ভত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি বৰ্তমানৰ চৰকাৰখনে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাৰ কথা সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ এই বৈঠকত মহকুমাধিপতি বিপুল দাস, ৰাজহচক্ৰ বিষয়া মানসজ্যোতি নাথৰ লগতে অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here