পঙ্কজ নাথ, চাংসাৰি, ৫ মে’ ঃ আজি সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই আমিনগাঁওস্থিত লোকনিৰ্মাণ বিভাগৰ অতিথিশালৰ সভাকক্ষত কামৰূপ জিলাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰ পৰিচালনা সমিতিৰ বিষয়বৱীয়া সকলৰ সৈতে এক সভাত মিলিত হৈ জিলাখনৰ সত্ৰ সমূহৰ ভূমিকে ধৰি অন্যান্য সমস্যা সম্পৰ্কত বুজ লয়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সত্ৰ সমূহৰ ভূমিকে ধৰি অন্যান্য সমস্যাৰ বুজ লোৱাৰ বাবে বিধায়ক প্ৰদীপ হাজৰিকাৰ অধ্যক্ষতাত এখন উচ্ছ স্তৰৰ সমিতি গঠন কৰি দিছে৷ সমিতিখনৰ আন দুগৰাকী সদস্য হ’ল ক্ৰমে বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা৷ উল্লেখ্য যে অধ্যক্ষ গৰাকীয়ে কালি হাজো সমষ্টিৰ ধোপগুৰি সত্ৰ, পোৰাভিঠা সত্ৰ তথা আজি দক্ষিণপাৰৰ ছমৰীয়া সত্ৰ পৰিদৰ্শন কৰি সত্ৰ কেইখনৰ ভূমি সমস্যাৰ বুজ লয়৷ ইয়াৰ পিছতে তেখেতে আজি কামৰূপ জিলাৰ বিভিন্ন সত্ৰৰ প্ৰতিনিধি বৰ্গৰ সৈতে সভাত মিলিত হৈ আটাইকেইখন সত্ৰৰ সমস্যাৰ বুজ লয়৷ অনুষ্ঠানত বিভিন্ন সত্ৰৰ প্ৰতিনিধি বৰ্গই তেওঁলোকৰ সত্ৰ সমূহৰ ভূমিকে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে অধ্যক্ষ গৰাকীক অৱগত কৰে৷ সভাত সত্ৰ সমিতিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই বক্তব্য প্ৰদান কৰাৰ উপৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনও সত্ৰ সংৰক্ষণৰ দিশত সমিতিখনে আগবঢ়োৱা পৰামৰ্শৰ গুৰুত্বৰ বিভিন্ন দিশ আলোকপাতেৰে বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত সত্ৰ আয়োগৰ সচীব প্ৰদীপ শৰ্মা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাকে ধৰি কেইবাগৰাকী উচ্ছ পদস্থ বিষয়া উপস্থিত থাকে৷