Home স্থানীয় চাহ-বাগিচাৰ কৰ্তৃপক্ষৰ লগত বোকাখাতৰ মহকুমাধিপতিৰ বৈঠক বাগিচাত কোভিড নীতি-নির্দেশনা কঠোৰভাবে বলৱৎ কৰাৰ...

চাহ-বাগিচাৰ কৰ্তৃপক্ষৰ লগত বোকাখাতৰ মহকুমাধিপতিৰ বৈঠক বাগিচাত কোভিড নীতি-নির্দেশনা কঠোৰভাবে বলৱৎ কৰাৰ ওপৰত গুৰুত্ব

110
0

গণ বাৰ্তা, বোকাখাত, ২৩ জুলাইঃ বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে বোকাখাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আজি বোকাখাত মহকুমাৰ অন্তৰ্গত সকলোবোৰ চাহ বাগিচাৰ পৰিচালক তথা বাগিচা শ্রমিক কল্যাণ বিষয়াসকলৰ সৈতে বাগিচাসমূহত কোভিড-১৯ মহামাৰীৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবৰ বাবে এখনি জৰুৰী বৈঠকত মিলিত হয়। চাহ-বাগিচাসমূহত কোভিড-১৯ ৰ সংক্রমণ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি মহকুমাধিপতিগৰাকীয়ে উপস্থিত সকলো বাগিচা কতৃপক্ষকে নিজ নিজ বাগিচাসমূহত কোভিড-১৯ সম্বন্ধীয় নীতি-নির্দেশনা কঠোৰভাবে বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বাগিচাসমূহত বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈও নির্দেশ দিয়ে। বাগিচা অঞ্চলত কোভিড-১৯ৰ পৰীক্ষণ তথা ভেকচিন সন্দৰ্ভত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহকুমাধিপতিগৰাকীয়ে এইক্ষেত্ৰত অসম চাহ জন-জাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘৰ লগতে অন্যান্য সকলো স্থানীয় দল-সংগঠনৰ সহযোগিতা কামনা কৰে। আনহাতে, বাগিচা এলেকাত থকা অবৈধ চুলাই মদৰ ঘাটিসমূহৰ লগতে জুৱাৰ ঘাটিসমূহ উচ্ছেদ কৰিবৰ বাবে প্রশাসনে কঠোৰ ব্যৱস্থা হাতত লব বুলিও আশ্বাস দিয়ে । এই ক্ষেত্ৰত উপস্থিত অসম চাহ জন-জাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ সদস্যসকলক প্রশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ লগতে বাগিচাসমূহত কোনো অবৈধ চুলাই ঘাটি অথবা জুৱাৰ আদ্দা পৰিলক্ষিত হলে তৎক্ষণাত প্রশাসনক অৱগত কৰিবলৈয়ো মহকুমাধিপতিগৰাকীয়ে বৈঠকত উল্লেখ কৰে। মহকুমাধিপতি ডাঃ যাদৱে চাহ বাগিচা লাইনসমূহত মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে বাগিচা কতৃপক্ষক বিশেষ ব্যৱস্থা লবৰ বাবেও মহকুমাধিপতিগৰাকীয়ে নির্দেশ দিয়ে। আজিৰ বৈঠকত ৰাজহচক্ৰ বিষয়া চৌভিক দত্ত, তিনিওগৰাকী সহকাৰী আয়ুক্ত ক্রমান্বয়ে বিক্রম নেৱাৰ, প্রাঞ্জল প্রাণ শইকীয়া, মনজিৎ দলে প্ৰমুখ্যে অসম চাহ জন-জাতি ছাত্ৰ সন্থা তথা অসম চাহ মজদুৰ সংঘৰ বিষয়া সদস্যসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here