Home Main Stories শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত শিক্ষামন্ত্ৰীৰে সন্মিলনীৰ আলোচনা

শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত শিক্ষামন্ত্ৰীৰে সন্মিলনীৰ আলোচনা

68
0

প্ৰধান শিক্ষকৰ পদ, স্নাতক শিক্ষকৰ গ্ৰেড পে সমস্যা সমাধানৰ বাবে দুমাহৰ সময়সীমা নিৰ্ধাৰণ

সঞ্জয় সৰকাৰ, কাজলগাঁও, ২৯ জুন : সচিবালয়ৰ শিক্ষামন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যৰ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত শিক্ষামন্ত্ৰীৰ সৈতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অতিমাৰী কালৰ প্ৰাথমিক শিক্ষাকে ধৰি শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষকৰ মুঠ ৩৩টা বিষয়ৰ ওপৰত আলোচনা কৰে। আলোচনাৰ প্ৰাক্‌মুহূৰ্তত গামোচা আৰু সন্মিলনীৰ প্ৰতীকেৰে শিক্ষামন্ত্ৰীক সম্বৰ্ধনা জনায়। লগতে সন্মিলনীয়ে অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰা বহনক্ষম বিকাশৰ লক্ষ্য ঃ ৪-শিক্ষা-২০৩০ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ পুস্তিকা প্ৰদান কৰে। সৌহাৰ্দ্যপূৰ্ণ আলোচনাত সন্মিলনীৰ তৰফৰ পৰা অতিমাৰী কালত প্ৰাথমিক শিক্ষা কেনেদৰে হোৱা উচিত সেই বিষয়ত দিয়া পৰামৰ্শাৱলী বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ২০২০ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা ক’ভিড পৰিস্থিতি উন্নত হ’লে ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত হ’লেও অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে । আলোচনাত সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনৰ ঠিকাভিত্তিক শিক্ষকসকলৰ সৈতে কৰা চুক্তিৰ প্ৰতিলিপি এমাহৰ ভিতৰত শিক্ষকসকলক প্ৰদান কৰাৰ বাবে সিদ্ধান্ত হয়। ষ্টেটপুলৰ শিক্ষকৰ প্ৰাপ্য গ্ৰেড পে’ চুক্তিৰ ভিত্তিত আদায়ৰ বাবে যাৱতীয় ব্যৱস্থা আগন্তুক মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত হয়। হাইস্কুলৰ দৰেই প্ৰাথমিক বিদ্যালয়ৰো ঠিকাভিত্তিক শিক্ষকৰ অভিজ্ঞতাৰ নম্বৰ দিয়া বিষয়টো পূৰ্বৰ আলোচনাৰ ভিত্তিত নিশ্চিত কৰিবলৈ নীতি প্ৰস্তুতৰ বাবে বিভাগীয় বিষয়াক দায়িত্ব দিয়ে। ঠিকাভিত্তিক শিক্ষকৰ প্ৰাপ্য পাঁচ শতাংশ মৰগীয়া বানচ বকেয়াসহ আদায়ৰ বাবে বিত্ত বিভাগৰ সৈতে শীঘ্ৰে যোগাযোগ কৰাৰ বাবে নিৰ্দেশ দিয়ে। কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শিক্ষকৰ মৃত্যু হ’লে অৱসৰৰ সময়লৈ বেতন দিয়াৰ ব্যৱস্থা কাৰ্যকৰী কৰা বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে’ৰ সমস্যা সমাধানৰ বাবে শিক্ষামন্ত্ৰীয়ে দুমাহৰ সময়সীমা নিৰ্ধাৰণ কৰে। বিত্ত বিভাগৰ অনুমোদনৰ বাবে অপেক্ষা কৰি থকা আৰ্জিত ছুটীৰ ফাইলটোৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে নিজে বিত্ত বিভাগৰ সৈতে যোগাযোগ কৰিব বুলি দায়িত্ব লয়। সদ্যনিযুক্ত বেতনবঞ্চিত শিক্ষকে কাৰিকৰী ভুলৰ বাবে দৰমহাৰ পৰা বঞ্চিত হৈ থকা বিষয়টো অতিশীঘ্ৰে সমাধান কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে প্ৰাদেশীকৰণৰ পৰা ৰৈ যোৱা আৰু বেতনবঞ্চিত শিক্ষকৰ চি পৰ্যায়ৰ শিক্ষকসকলৰ সংস্থাপনৰ বিষয়টো বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ২০১৬ চনত নিযুক্ত শিক্ষকৰ বৰপেটা, গোৱালপাৰা আৰু ধুবুৰীৰ দৰমহা গাঁথনিৰ বৈষম্যৰ বিষয়টো অতিশীঘ্ৰে সমাধান কৰিবলৈ সঞ্চালিকাক দায়িত্ব দিয়ে। বন্ধ হৈ থকা শিক্ষকৰ পাৰস্পৰিক বুজাবুজিৰ বদলীকৰণ আগত ৪৫ দিনৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে। শিক্ষকবিহীন বা এজনীয়া বিদ্যালয়ৰ সমস্যা দূৰীকৰণৰ দৰে জৰুৰী ক্ষেত্ৰত শিক্ষক বদলীকৰণৰ দায়িত্ব জিলা সমিতিক ন্যস্ত কৰাৰো সিদ্ধান্ত হয়। ভিন্ন পৰ্যায়ত খালী হৈ থকা শিক্ষা বিষয়াৰ পদসমূহ পদোন্নতি আৰু নিযুক্তিৰ জৰিয়তে শীঘ্ৰে পূৰণ কৰাৰ বাবে সিদ্ধান্ত প্ৰকাশ কৰে। পূৰ্বে আৰু নকৈ ঘোষণা কৰা সকলো জিলা আৰু মহকুমাতে শিক্ষা বিষয়াৰ কাৰ্যালয়সমূহ স্থাপন আৰু কাৰ্যক্ষম কৰাৰ লগতে গোৰেশ্বৰ আৰু পৰ্বতঝোৰাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ পদ সৃষ্টিৰে বিষয়া নিযুক্তি দিয়াৰ বাবে নিৰ্দেশ দিয়ে । দুখন দুখন জিলা আৰু দুটা দুটা শিক্ষাখণ্ডত বিভক্ত হৈ থকা ৰাণী, কৰৰা, ভৱানীপুৰ, টিহু-বৰমা, জালাহ, বৰদলনী এটা শিক্ষাখণ্ডৰ অধীনলৈ অনাৰ বাবে বিভাগীয় প্ৰস্তুতি কৰাৰ নিৰ্দেশ দিয়ে। আলোচনাত সন্মিলনীয়ে ২০২১-২২ বৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীলৈ জোতা-মোজা, চুৱেটাৰ আৰু ৰেইনকোট যোগান দিয়া, প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ বেৰা নিৰ্মাণ কৰা, সোণালী জয়ন্তী পাৰ কৰা বিদ্যালয়লৈ বিশেষ অনুদান প্ৰদানৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে। শিক্ষকে পাবলৈ থকা সংশোধিত সাময়িক পদোন্নতিৰ বকেয়া ধন আদায়ৰ বাবে সন্মিলনীয়ে দিয়া প্ৰস্তাৱ বিত্ত বিভাগৰ সৈতে পৰ্যালোচনাৰে আদায়ৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিষয়াক দায়িত্ব দিয়ে। পূৰ্বে হোৱা বিদ্যালয় একত্ৰীকৰণ পুনৰীক্ষণৰ বাবে সন্মিলনীয়ে দিয়া প্ৰস্তাৱ শিক্ষামন্ত্ৰীয়ে গ্ৰহণ কৰে আৰু পূৰ্বৰ একত্ৰীকৰণৰ সময়ত হোৱা বিসঙ্গতিৰ তথ্য প্ৰদানৰ বাবে সন্মিলনীক অনুৰোধ জনায়। উচ্চতৰ মাধ্যমিকৰ পঞ্চাশ শতাংশ নম্বৰ লাভ কৰাৰ পাছতো ডিএলএডৰ প্ৰমাণ-পত্ৰ নোপোৱাৰ বিষয়টো সন্মিলনীয়ে উত্থাপন কৰাত শিক্ষামন্ত্ৰীয়ে শীঘ্ৰে দিল্লীস্থ এন আই অ’ এছৰ মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবক দায়িত্ব প্ৰদান কৰে। আলোচনাৰ অন্তত ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ প্ৰতিযোগিতামূলকভাৱে আগবঢ়াই নি শৈক্ষিক ক্ষেত্ৰখন টনকিয়াল কৰাৰ সদিচ্ছা প্ৰকাশ কৰি শিক্ষামন্ত্ৰীয়ে প্ৰতি তিনি মাহৰ মূৰত সন্মিলনীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সন্মিলনীৰ হৈ ভাৰপ্ৰাপ্ত সভাপতি আনোৱাৰ হুছেইন, প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, উপ-সভাপতি সুব্ৰত ধৰ, সহকাৰী সম্পাদক জ্যোতিপ্ৰসাদ বৰুৱা আৰু সৰ্বভাৰতীয় সদস্য অজিত খনিকৰে অংশ লয় আৰু শিক্ষা বিভাগৰ হৈ শিক্ষা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তীৰ নেতৃত্বত যুটীয়া সচিব মচুকুন্দ গগৈ, ডেপুটী ছেক্ৰেটাৰী অনুজা ভূঞা, প্ৰাথমিক শিক্ষা সঞ্চালক বিজয়া চৌধুৰী, এছ চি আৰ টি সঞ্চালক নিৰদা দেৱী, সৰ্বশিক্ষাৰ কাৰ্যবাহী সঞ্চালক ধ্ৰুৱজ্যোতি দাস উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here