Home Main Stories প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সন্মিলন

প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সন্মিলন

141
0

মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

গুৱাহাটী, ৫ জুলাই : অসম আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি ৰাজ্যৰ সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ এক সন্মিলন অনুষ্ঠিত হয়। আৰক্ষী সেৱাৰ মান নতুনকৈ নিৰূপণৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক সততা আৰু নিষ্ঠাৰে তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ আহবান জনায়। এই ক্ষেত্ৰত ৰাজনৈতিক হেঁচা অথবা অন্যান্য প্ৰলোভনৰ দ্বাৰা প্ৰৰোচিত নহ’বলৈ তেওঁ আহবান জনায়। জনসাধাৰণৰ প্ৰতি বন্বুূত্বপূৰ্ণ সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস গ্ৰহণ কৰিবলৈও আৰক্ষীৰ লোকসকলৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত আৰক্ষীয়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধৰ্ষণ, হত্যা, অস্ত্ৰ আৰু ড্ৰাগ্‌ছৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিচাৰ প্ৰক্ৰিয়াটো যাতে দ্ৰুততৰ হয় তাৰ বাবে শীঘ্ৰে অভিযোগনামা দাখিল কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শীঘ্ৰে লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব। ফৰেনছিকৰ প্ৰতিবেদন লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ বিলম্ব নহয় তাৰ বাবে প্ৰয়োজন সাপেক্ষে ৰাজ্যৰ বাহিৰতো নমুনা পৰীক্ষা কৰিব লাগিব। এই ক্ষেত্ৰত ডিআইজিসকলে বিশেষভাৱে দৃষ্টি ৰাখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে সন্দেহজনক বিষয়সমূহৰ বাহিৰে চাকৰি, পাছপ’ৰ্ট আদিৰ ক্ষেত্ৰত আৰক্ষীৰ ভেৰিফিকেচনৰ প্ৰমাণ-পত্ৰ সাত দিনৰ ভিতৰত প্ৰদান কৰাটো সুনিশ্চিত কৰিব লাগিব। তদুপৰি পথ দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে যাতে শীঘ্ৰে প্ৰতিবেদন লাভ কৰে আৰু বীমাৰ ধন দাবী কৰাত সহায়ক হয় সেই দিশতো যথোচিত ব্যৱস্থা লোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। এতিয়াৰে পৰা প্ৰতি ছয় মাহৰ মূৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ সন্মিলন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে উপৰিউক্ত বিষয়সমূহৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি লাভ কৰা হৈছে সেই সম্পৰ্কে পৰৱৰ্তী সন্মিলনত বিতংভাৱে পৰ্যালোচনা কৰা হ’ব। উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে আৰক্ষীৰ লোকসকলে যাতে উন্নত মানৰ কৰ্ম পৰিৱেশ লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলো আৰক্ষী থানাই অন্যান্য আবন্টনৰ উপৰি আকস্মিক পুঁজি হিচাপে বছৰি ২.৫ লাখ টকা লাভ কৰিব। সকলো থানাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক একোখনকৈ বাহন প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে দুৰ্গম অঞ্চলত থকা থানাসমূহক মটৰচাইকেল প্ৰদান কৰা হ’ব। এজাহাৰ দাখিল কৰাকে ধৰি সকলো কাম দ্ৰুত আৰু সুশৃংখলিত কৰাৰ বাবে সকলো আৰক্ষী থানাকে তিনিটাকৈ কম্পিউটাৰ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আৰক্ষী বিষয়াসকলে যাতে থানা চৌহদতে থাকি যিকোনো সমস্যা তৎকালে সমাধানৰ পদক্ষেপ ল’ব পাৰে তাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তিনিজন উপ-পৰিদৰ্শকৰ বাবে সকলো আৰক্ষী থানা চৌহদৰ ভিতৰত আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰতিখন আৰক্ষী থানাতে এটা জেনেৰেটৰ যোগান ধৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। আৰক্ষী থানাত কৰ্মৰত লোকসকলৰ বাবে প্ৰতি ১৫ দিনৰ অন্তৰত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগক কোৱা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে বিস্তৃত আৰু ত্ৰুটিমুক্ত অভিযোগনামা প্ৰস্তুতিৰ বাবে চিআইডিৰ জৰিয়তে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদানৰো পদক্ষেপ গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয় যে ন্যায় প্ৰদান আৰু অপৰাধীক শাস্তি বিহাৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰাৰ বাবে দক্ষ চৰকাৰী অধিবক্তা নিয়োগ কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। আজিৰ এই সন্মিলনত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশ গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here