Home Uncategorized বঙাইগাঁও জিলাত মেগা ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

বঙাইগাঁও জিলাত মেগা ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

123
0

প্ৰণৱ কুমাৰ ডেকা , বঙাইগাঁওঃ, ২১ জুনঃ সমগ্ৰ ৰাজ্যতে দৈনিক ৩ লাখ লোকক ক’ভিড ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আজিৰে পৰা অহা ৩০ জুনলৈ চৰকাৰে দহদিনীয়াকৈ যি মেগা টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে তাৰ অংশ হিচাপে বঙাইগাঁও জিলাতো ক’ভিডৰ বৰ্ধিত টীকাকৰণ আৰম্ভ কৰা হৈছে। এই উপলক্ষে বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ভাওলাগুৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ গাতে লাগি থকা চেণ্ট এলবাৰ্ট হাইস্কুলত জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ উপস্থিতিত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৰ্ডিত ক’ভিড টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ৷ টীকাকৰণ কেন্দ্ৰসমূহত ক’ভিড ভেকচিন প্ৰদান কৰাৰ বাবে পৰ্যায়ক্ৰমে নাম পঞ্জীয়ন,ক’ভিড টেষ্ট,টীকা প্ৰদান,নিৰীক্ষণ আৰু পুনৰীক্ষণ আদি কৰা হয়। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:নীলমাধৱ দাস,জিলা আঁচনি প্ৰবন্ধক আনন্দ প্ৰকাশ শৰ্মা আদি কৰি স্বাস্থ্য বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে ৷ উল্লেখ্য যে জিলাখনৰ নিউ বঙাইগাঁৱৰ ভাওলাগুৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ লগতে বঙাইগাঁও অসামৰিক চিকিৎসালয়, অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ , বিদ্যাপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ,বইটামাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়,মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , কচুদোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , ধনতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ,বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ,চাপৰাকাটা, ছিপনছিলা, খগৰপুৰ,মূলাগাও,পঞ্চপুৰ,ভাণ্ডাৰা,দোমপাৰা, ফাগুণাগাঁও,পাতিলাদহা,আমগুৰি ,ডুমেৰগুৰি, লেংটিচিঙা আদি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়কে ধৰি মুঠ ৪২ টা কেন্দ্ৰত পুৱা ৯- বজাত এই বৰ্ধিত ক’ভিড টীকাকৰণ অভিযান আৰম্ভ কৰা হয় আৰু অহা ৩০ জুনলৈ চলি থাকিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here