Home উত্তৰ পূৰ্বাঞ্চল এনএচিৰ দ্বাৰা ইউএছটিএমক ‘এ’ ৰেংক প্ৰদান কৰাটো এক মাইলৰ খুঁটি: মেঘালয়ৰ মুখ্যমন্ত্ৰী

এনএচিৰ দ্বাৰা ইউএছটিএমক ‘এ’ ৰেংক প্ৰদান কৰাটো এক মাইলৰ খুঁটি: মেঘালয়ৰ মুখ্যমন্ত্ৰী

104
0

গুৱাহাটী, ১১ নৱেম্বৰ: উত্তৰ-পূব ভাৰতৰ পৰা পোন প্ৰথমবাৰৰ বাবে নেচনেল এছেছমেন্ট এণ্ড এক্ৰেডিটেচন কাউন্সিল [এনএএচি] দ্বাৰা “এ গ্ৰেড” লাভ কৰা একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে ইউনিভাৰছিটী অৱ ছায়েন্স এণ্ড টেকনল’জী, মেঘালয় [ইউএছটিএম]য়ে স্বীকৃতি লাভ কৰাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি বিশ্ববিদ্যালয়খনত উপস্থিত হয়৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা মণ্ডলীক অভিনন্দন জনাই মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় – এনএচিৰ দ্বাৰা প্ৰথম স্তৰতেই ‘এ’ গ্ৰেড স্বীকৃতি প্ৰদান কৰাটো অধ্যাপক মণ্ডলী আৰু বিশ্ববিদ্যালয়খনৰ বাবে এক তাৎপৰ্যপূৰ্ণ মাইলৰ খুটি৷” এই উপলক্ষে চাংমাই ইউএছটিএম চৌহদত মহাত্মা গান্ধীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে৷ চাংমাই ইউএছটিএম আৰু ইয়াৰ আচাৰ্য মহবুবুল হকক অভিনন্দন জনাই কয় যে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ইউএছটিএমৰ দৰে শিক্ষানুষ্ঠানৰ এক বৃহৎ ভূমিকা আছে, যিয়ে ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণত যথেষ্ট অৰিহণা যোগাব পাৰে৷ ইউএছটিএমে মেঘালয়ত উচ্ছ শিক্ষাৰ প্ৰসাৰত কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সেয়েহে মেঘালয় চৰকাৰ শিক্ষানুষ্ঠানখনৰ এই প্ৰচেষ্টাক স্বীকৃতি দিবলৈ পাই আনন্দিত হৈছে৷ ইউএছটিএম উত্তৰ-পূব ভাৰতৰ সৰ্বোত্তম ব্যক্তিগত বিশ্ববিদ্যালয় বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইউএছটিএমৰ পি এ চাংমা ইণ্টাৰনেচনেল ব্লকত চেণ্ট্ৰেল ইনষ্ট্ৰমেণ্টেচন চেণ্টাৰটোও পৰিদৰ্শন কৰে৷ অনুষ্ঠানত উপস্থিত থকা সকলোকে আদৰণি জনাই ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে কয় যে ২০৩০ চনৰ ভিতৰত ইউএছটিএমক এক বিশ্ব স্তৰৰ বিশ্ববিদ্যালয় ৰূপে গঢ়ি তুলিবলৈ এই অঞ্চলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষাৰ বিকাশৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ৷ হকে মেঘালয় চৰকাৰক কৃতজ্ঞতা প্ৰকাশ কৰে আৰু ইউএছটিএমৰ জন্মলগ্নৰে পৰা চৰকাৰে আগবঢ়াই অহা সহায় সহযোগ তথা উৎসাহৰ কথা সোঁৱৰণ কৰে৷ তেওঁ ইউএছটিএমৰসমূহ পৰিয়াল, অংশীদাৰ, সকলো ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰে আৰু এনএএচি নিৰীক্ষণ দলটোৱে ইউএছটিএমৰ প্ৰচলিত উত্তম ৰীতি-নীতি আৰু ইয়াৰ পে’বেক পলিচী আৰু গাঁও গ্ৰহণ নীতিক প্ৰশংসা কৰা বিষয়টো সদৰী কৰে৷ ড॰ এছ পি আগৰৱাল, সঞ্চালক, এনইএছএচি, মহাকাশ বিভাগ, ভাৰত চৰকাৰ, প্ৰফেছাৰ প্ৰভা কুমাৰ শুক্লা, উপাচাৰ্য, এনইএইচইউ অনুষ্ঠানত উপস্থিত থাকে আৰু ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইউএছটিএমৰ উপাচাৰ্য প্ৰফেছাৰ জি ডি শৰ্মাই কয় যে ইউএছটিএমৰ সকলো পণধাৰীয়ে অনুষ্ঠানটোৰ বিকাশত অৰিহণা যোগাবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে৷ দেশৰ তথা বিদেশৰ শৈক্ষিক সম্প্ৰদায়ে বিশ্ববিদ্যালয়খনৰ এই কৃতিত্বৰ বাবে ইউএছটিএমলৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ ইউএছটিএমৰ সঞ্চালক-প্ৰশাসনিক, ড॰ বলেন্দ্ৰ দাসে শলাগৰ শৰাই আগবঢ়ায়৷ মাত্ৰ ৮ বছৰ পুৰণি এই বিশ্ববিদ্যালয়খনক দেশৰ উচ্ছ শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন আৰু স্বীকৃতি আৰু এক সাত-দফীয়া মাপকাঠিৰ ওপৰত বিশ্ববিদ্যালয়সমূহক মূল্যাংকন কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্থাপিত স্বায়ত্ত সংস্থা এনএএচিয়ে স্বীকৃতি প্ৰদান কৰিছে৷ এই সাফল্যৰ মূলতে আছে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, গৱেষণা আৰু উদ্ভাৱন, পাঠ্যসূচী আৰু অধ্যাপকবৰ্গৰ ওপৰত গুৰুত্ব আৰোপৰ দৰে মূল কাৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here