Home অসম ‘মেঘনা যমুনা ’

‘মেঘনা যমুনা ’

280
0


ড॰ দীনেশ বৈশ্য , ১১ ডিচেম্বৰ : ‘দাদা আমি ছয়মাইল জামেগই’ কামৰূপ হাছানৰ ফোন৷ ‘ছয় মাইলৰ ক’ত আছা? মই ওলাই গৈছোঁ৷ ‘জিএনআৰচি হাস্পতালৰ সন্মুখত’ ততাতৈয়াকৈ ওলাই গ’ল জীৱন জিএনআৰচিৰ সন্মুখলৈ৷ জিএনআৰচিৰ সন্মুখত ভাৰা গাড়ী এখনৰ পৰা নামি থিয় হৈ আছিল কামৰুল, মানস আৰু তামান্না৷ বান্ধৱী কামৰূল হাছান, মানস সাহা আৰু তামান্না ৰহমান৷ জীন লাহে লাহে তেওঁলোক বিনিতজনৰ ওচৰলৈ আগবাঢ়িল৷ কামৰুলে দূৰৰ পৰাই চিঞৰি ক’লে ‘জীৱন দা’ ইতিমধ্যে জীৱন তেওঁলোকৰ ওচৰ পাইছিল জীৱনৰ সৈতে হেণ্ডচেক আলিংগন আদি কৰাৰ পিছত ভাৰাগাড়ীখন লৈ আগবাঢ়িল জীৱনৰ ঘৰলৈ৷ আনন্দৰ নগৰ সোমোৱাৰ লগে লগে তামান্নাই ক’লে – ‘দাদা আপুনি ঘৰটো চিনাই নিদিব, ঘৰটো পালে মই নিজে কম হয় নে নহয়’ মানসে ক’লে- ‘ঘৰৰ বাহিৰত নিয়ম সংগীত ভৱন বুলি লিখাই আছে৷ লগতে আছে জীৱনদাৰ নাম নি(য় লেখা আছে, গতিকে চিনি পোৱাটো একো ডাঙৰ কথা নহয়৷ কামৰুলে ক’লে মই নেমপ্লেট নেদেখাকৈ কব পাৰিম৷ তামান্নাই ক’লে ঠিক আছে পদূলিলৈ গৈ ৰোৱাৰ আগতে কোৱা কোনটো জীৱনদাৰ ঘৰ৷ কামৰুলে চিঞৰি উঠিল- সেইটো৷ সৌটো জীৱনৰ ঘৰ৷ এই বাইলেনটোত ক’তো এডালো গছ নেদেখিলোঁ, এইটো একমাত্ৰ ঘৰ গছে-পাতে বুলি ভৰি আছে৷ নি(য় জীৱনদাৰ ঘৰেই হ’ব এই বটলব্ৰাছ ফুলৰ বাগান ভেলিয়া উপচি থকা ঘৰটো৷ জীৱনে গাড়ীখন ৰখাব দিলে৷ গাড়ীৰ পৰা নামি গে’টখন খুলিবলৈ গ’ল জীৱন৷ কামৰুল, তামান্না, মানস তিনিও গাড়ীৰ পৰা নামি গে’টৰ ওচৰত দেৱালত সংগীত ভৱন বুলি লিখা ফলকখন৷ তামান্নাই ক’লে সঁচাকৈ কামৰুল দা সুদূৰ ঢাকাৰ পৰা আহি ঘৰৰ নামফলক নেদেখাকৈ গছ আৰু ফুল দেখিয়েই জীৱনদাৰ ঘৰ চিনি উলিয়াব পৰাটো তোমাৰ ক্ৰেডিট৷ তামান্না আৰু মানসৰ লগতেই জীৱনেও ক’লে কামৰুল ভাই তাৰমানে জীৱনক ভালদৰে বুজি পায়৷ গাড়ীখন বিদায় দি লাগেজ লৈ তিনিও সোমাই গ’ল জীৱনৰ ঘৰত লগতে থকা হেজষ্টেটোলৈ৷ হোমষ্টেৰ ৰূম দুটাৰ তলা খুলি এটাও কামৰূপ আৰু মানসক থাকিবলৈ দিলে আনটোত তামান্নাক৷ জীৱনে ক’লে কালিৰ পৰাহে হোমষ্টেৰ গেছ জ্বলিব৷ আজিৰ দিনটো সকলোৰে জীৱনৰ ঘৰতেই যাব৷ জীৱনৰ ঘৰৰ ওপৰত থকা চাদৰ বাগিছাখনত সকলোৱে মিলিজুলি ৰন্ধাবঢ়াৰ ব্যৱস্থা কৰি থোৱা হৈছিল৷ জীৱনৰ পৰিবাৰে অমিতাৰ খাৰ, কল পছলা, মাছ পোৰা, আলুপোৰা বেঙেনা পিটিকা আদি প্ৰস্তুত কৰিছিল৷ তামান্নাৰ ভাগত পৰিছিল ভাপত দিয়া ইলিছ ৰন্ধাৰ পাল৷ জীৱন ঢাকালৈ যাওঁতে ভালেমান বাংলাদেশী লোকগীতৰ চিডি কিনি আনিছিল৷ জীৱনৰ ভাল লগা বাংলাদেশী লোকগীতৰ গায়ক হ’ল আছাদ উদ্দিন৷ সিদিনা ৰুফটৰা গাৰ্ডেনত গান কৰিছিল গুৰু-শিষ্যৰ৷ আব্বাছউদ্দিন আৰু ভূপেন হাজৰিকাৰ৷ অসমৰ বহুতে নাজানে শিশু ভূপেন হাজৰিকাই আব্বাছ উদ্দিনৰ পৰা লোকগীত শিকিছিল৷
ৰন্ধা-বঢ়া কথাৰ মাজতে হঠাতে কামৰুলে উলিয়ালে কেইবছৰমান আগতে জীৱন বাংলাদেশলৈ যোৱাৰ সময়ৰ কথা৷ জীৱনে পৃথিৱীৰ ভালেমান দেশলৈ গৈছে, কিন্তু বাংলাদেশলৈ যোৱাৰ সময়ত জীৱনৰ ভয় এটা সোমাইছিল৷ গুৱাহাটীৰ পৰা আগৰতলালৈ ফ্লাইটত গৈ আগৰতলাৰ পৰা ঢাকালৈ বাছেৰে গৈছিল জীৱন আৰু তেওঁৰ পৰিবাৰ৷ নিশা ১১ বজাতহে আগৰতলাৰ পৰা ঢাকালৈ যোৱা বাছখনে ঢাকা যোৱাৰ কথা৷ নিশা জ্জ্ব বজাতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি জ্ঝ বজাত বিছনাত পৰা জীৱনহঁতৰ বাবে নিশা ১১ বজা গভীৰ নিশা৷ জীৱন নিজে এজন গাঁৱলীয়া স্বভাৱৰ মানুহ৷ সোনকালে খাই সোনকালে শোৱাটো জীৱনহঁতৰ স্বভাৱ৷ গতিকেই ৰাতি ১১টা বজাত পাব্লিক বাছত গৈ বিদেশৰ মহানগৰী এখনত অৱতৰণ কৰাটোত এটা শংকাৰ ভাব স্বাভাৱিকভাৱেই মনলৈ আহি আছিল দুয়োৰে৷ ঠাইখন লণ্ডন বা নিউয়ৰ্ক হোৱা হ’লেও চাগে ইমান চিন্তা নহ’লেহেঁতেন৷ কিন্তু যোৱা বহুবছৰ ধৰি অসমৰ মানুহৰ বাবে বাংলাদেশ শব্দটোৱেই এক সন্দেহ আৰু শংকাৰ ভাব স্বয়ংক্ৰিয়ভাৱেই সৃষ্টি হৈ আহিছে৷ কামৰুলে হাঁহি হাঁহি গৈ আছিল জীৱন আৰু তেওঁৰ পত্নী ৰেণু ঢাকালৈ যোৱাৰ দিনটোৰ কথা৷ কামৰুলে কৈ আছিল – আগৰতলাৰ পৰা ঢাকালৈ বুলি বাছত উঠাৰ পিছত প্ৰতি এঘণ্টাৰ মূৰে মূৰে জীৱনদাই কামৰুললৈ ফোন কৰিছিল৷ সন্ধিয়া হোৱাৰ পিছত জীৱনৰ ইণ্টাৰনেচনেল ৰোমিং ছিমে কাম নকৰা হ’ল৷ তেতিয়া শ্যামলী বাছৰ কণ্ডাক্টৰক অনুৰোধ কৰি তেওঁৰ ম’বাইলৰ পৰা অলপ সময়ৰ মূৰে মূৰে কথা পাতিছিল৷ কামৰুলৰ কথা শুনি তামান্নাই ক’লে বাংলাদেশৰ সীমা পাৰ হৈ মেঘালয়ৰ পাহাৰী বাটত উঠাৰ পিছত মোৰো ভয় লাগিছিল৷ মোৰ লগত কামৰুল আৰু মানস আছে বুলিহে ভয়তো কমি আছিল৷ তথাপি সেই ভিতৰে ভিতৰে ভয় কৰিবই আছিলোঁ৷ তামান্নাত কে’বাখনো ইউৰোপীয় দেশলৈ অকলে অকলে গৈছে৷ তেতিয়া বৰ বিশেষ ভয় লগা নাছিল- কিন্তু ভাৰতবৰ্ষলৈ আহিবলৈ ওলাওঁতে তামান্নাৰো ভয় লাগিছিল বুলি স্বীকাৰ কৰিলে৷
ভজা মাছৰ টুকুৰা এটাকৈ সকলোকে বিলাই দি এঢোক পানীয় খাই জীৱনে ক’লে- শুনা তেওঁলোকে ভয় কৰিয়েই আছিল৷ তামান্নাত কে’বাখনো ইউৰোপীয় দেশলৈ অকলে অকলে গৈছে৷ তেতিয়া বৰ বিশেষ ভয় লগা নাছিল, কিন্তু ভাৰতবৰ্ষলৈ আহিবলৈ ওলাওঁতে তামান্নাৰো ভয় লাগিছিল বুলি স্বীকাৰ কৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here