Home Main Stories মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আপকু’ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আপকু’ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ

134
0

গণ বাৰ্তা , ফিল’বাৰী, ১৯ জুন : অসমৰ কৰ্মৰত সাংবাদিকৰ স্বাৰ্থসুৰক্ষাৰ্থে গঠিত সাংবাদিক সংগঠন আসাম প্ৰেছ কৰেছপ’ণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু’ৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি দিনৰ ভাগত উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আহি উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তিনিচুকীয়া জিলাখনত পৰিলক্ষিত বিভিন্ন সমস্যা সমূহৰ ভিতৰত মুখ্যত তিনিচুকীয়া জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়টো জিলা প্ৰাধীকৰণৰ আন্তঃগাঠনিৰ সাৰ শূণ্য এটা জৰাজীৰ্ণ গৃহত কাৰ্য পৰিচালনা চলি থকা কাৰ্যালয়টো জিলা উপায়ুক্ত কাৰ্যালয়ৰ সৈতে সংলগ্ন কৰি এগৰাকী স্থায়ী তথ্য আৰু জনস্ংযোগ বিষয়া নিযুক্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা,তিনিচুকীয়া জিলাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহত চলি থকা অবাধ ভাৱে বনজ সম্পদৰ ধ্বংস যজ্ঞ প্ৰতিৰোধ ব্যৱস্থাৰ আৰু বনাঞ্চলসমূহৰ প্ৰকৃত সীমা নিৰ্ধাৰণ কৰা,তিনিচুকীয়া জিলাত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ফেচ’বুক পেজ আৰু ৱেব পৰ্টেলসমুহৰ লগতে ইয়াৰ ব্যৱস্থাৰে জড়িত বাহনত প্ৰেছ ফলক লগাই অৱৈধ পৰিচয় পত্ৰৰে লগ লৈ তথাকথিক সাংবাদিকে জিলাখনত দৌৰাত্ম চলাই যোৱা কাৰ্যক নাকী লগাই সাংবাদিকতাৰ পৰিবেশ গঢ়ি তোলা,অসমৰ পূৱ প্ৰান্তীয় তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত অৱৈধ হাৰত চলি থকা মাৰাত্মক নিচা দ্ৰব্য প্ৰচলনে সমাজ ব্যৱস্থাত অন্ধকাৰ দিশে লৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত অবৈধ চোৰাং ড্ৰাগছ কানি ভাং ব্যৱসায় নিৰ্মূলৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰ লগতে আপকু তিনিচুকীয়া জিলা সমিতিৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে মাটি আৱণ্টনৰ যাৱতীয় ব্যৱস্থা আৰু কাৰ্যালয় নিৰ্মাণ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে গুৰুত্বপূৰ্ণ পাচঁ‌টা সমস্যা সমাধান কল্পে এক স্মাৰক পত্ৰ প্ৰদান প্ৰদান কৰে ।তিনিচুকীয়া জিলা আপকুৰ উপদেষ্টা ৰবীন মৰান সভাপতি বিকাশ মৰাণ আৰু সম্পাদক সুৰজিত বড়াসহ জিলা সমিতিৰ এক সজাতি দলে মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনাৰো প্ৰদান কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here