Home Main Stories শিক্ষামন্ত্ৰীলৈ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ একতা সভাৰ স্মাৰক পত্ৰ

শিক্ষামন্ত্ৰীলৈ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ একতা সভাৰ স্মাৰক পত্ৰ

22
0

মাধৱদেৱ বিশ্ববিদ্যালয়ত মিচিং ভাষাৰ অধ্যয়ন কেন্দ্ৰৰ স্থাপনৰ দাবী

বিতোপন ফুকন, নাৰায়ণপুৰ, ১৬ মে : ​শিক্ষাই জ্ঞান জ্ঞানেই শক্তি”- এই বাণীক মুলমন্ত্ৰ হিচাপে লৈ মাধৱদেৱ বিশ্ববিদ্যালয় মিচিং ছাত্ৰ একতা সভাই যোৱা শনিবাৰে অসম চৰকাৰৰ নৱনিৰ্বাচিত কেবিনেট মন্ত্ৰী তথা শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়নৰ মন্ত্ৰী মাননীয় ডাঃ ৰণোজ পেগুলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনায়। মহাপুৰুষ মাধৱদেৱৰ জন্ম স্থান তথা লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ মহাবিদ্যালয়খন ২০১৯ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰা হৈছিল। বিশ্ববিদ্যালয়খনক লৈ উত্তৰপৰীয়া ৰাইজ সৌভাগ্যৱান আৰু আশাবাদী । অতি পৰিতাপৰ বিষয় যে দুবছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে বিশ্ববিদ্যালয়ৰ আন্তঃগাথঁনি , পাঠদান, নামভৰ্তি আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ নুঠিল।যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল উচ্চ শিক্ষাত গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে ।সেই সন্দৰ্ভত শনিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰাৰ কালছোৱাতে মিচিং ছাত্ৰ একতা সভাৰ হৈ সভাপতি মিগাং দমবাবু দলে , সম্পাদক মিগাং ঋতুৰাজ পাতিৰ আৰু উপদেষ্টা মিগাং বিতোপন দলে এখন স্মাৰক পত্ৰ দাখিল কৰে। স্মাৰক পত্ৰত বহুকেইটা দফা সন্নিবিষ্ট কৰি সেইসমূহ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায় । বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুৰূপধৰণে মাধৱদেৱ বিশ্ববিদ্যালয়টো মিচিং ভাষাৰ অধ্যয়ন কেন্দ্ৰ (Mising Language Study Centre) গঢ়ি তুলিবলৈ আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত মিচিং ভাষাক প্ৰাথমিক স্তৰৰ পৰা মেট্ৰিকৰ পৰ্যায়লৈ ঐচ্ছিক বিষয় হিচাপে পাঠদানৰ সুবিধা গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ কাৰ্যকৰী ৰূপত দিবলৈও মিচিং ছাত্ৰ একতা সভাই স্মাৰক পত্ৰৰ জৰিয়তে নৱনিৰ্বাচিত শিক্ষামন্ত্ৰী গৰাকীক দাবী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here