Home স্থানীয় বিশ্বনাথ জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

বিশ্বনাথ জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

210
0


গণ বাৰ্তা বিশেষ, বিশ্বনাথ চাৰিআলি, ১৯ জানুৱাৰী: সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ বিশ্বনাথ জিলা সমিতিয়ে আজি বিভিন্ন সমস্যা সমাধানৰ বাবে বিশ্বনাথ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখন চাৰিটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰন কৰে ৷ বিশ্বনাথ জিলা ঔষধ ব্যবসায়ী সংস্থাৰ সভাপতি জিতু হাজৰিকা, সম্পাদক ছাহজাহান আলী স্বাক্ষৰিত স্মাৰক পত্ৰৰ দাবী সমূহ এনেধৰণৰ ১৯৪০ চনৰ আইন অনুসৰি হোৱা RPLৰ বিধি ব্যৱস্থা শেষ বাৰৰ বাবে ১৯৯৫ চনত আমি প্ৰায় ২৫ বছৰে ইয়াৰ সংশোধনী হোৱা নাই৷ আওপুৰণি এই বিধি ব্যৱস্থা বৰ্তমান গ্ৰহণযোগ্য নহয়৷ সেয়েহে ত্ম.ত্ন. Lience লৈ গ্ৰাম্য অঞ্চলত দিনেনিশাই শিক্ষিত নিবনুৱা সকলক স্বাস্থ্য বিভাগৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি হলেও ঔষধৰ ওপৰত থকা চৰ্ত বাতিল কৰি আধুনিকৰণৰ জৰিয়তে শিক্ষিত নিবনুৱা উপযুক্ত মৰ্যদা প্ৰদান কৰা ৷ বৰ্তমান Online যোগে ঔষধ যোগান ধৰি থকাৰ সময়ত অসম চৰকাৰেও তাৎক্ষণিকভাবে বলবত হোৱাকৈ দিনেনিশাই গ্ৰাম্যঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা RP অনুজ্ঞাপত্ৰ ধাৰী ব্যবসায়ী সকলক চিকিৎসকৰ নিদান পত্ৰ লৈ সকলো ঔষ যোগান ধৰাৰ অনুমতি প্ৰদান নিৰ্দেশনা জাৰি কৰাৰ বাবে আহ৩ান জনায় ৷ RP. License ঔষধৰ দোকান দি থকা ব্যক্তিজনৰ মৃত্যু হলে উক্ত অনুজ্ঞাপত্ৰখনৰ উত্তৰাধিকাৰী নাথাকিলে পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় সেয়েহে উত্তৰাধিকাৰী নামত অনুজ্ঞাপত্ৰ খন নামজাৰি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবি জনায়৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কথা Skill Development আঁচনিত অসমৰ বিভিন্ন ত্ম.ত্ন.License থকা গ্ৰাম্য ঔষধ ব্যৱসায়িক অন্তৰ্ভুক্ত কৰি আৰ্থিকভাবে সচ্ছল কৰি তোলাৰ দাবী জনায় ৷উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলা ঔষধ ব্যবসায়ি সংস্থাৰ সভাপতি জিতু হাজৰিকা, সম্পাদক ছাহজাহান আলি আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বি›ব বৰা প্ৰমুখ্যে সংস্থাৰ বিষয়ববীয়া সকল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here