
মাইনু মৰাণ, গণবাৰ্তা , ৮ মাৰ্চ: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ” মেৰা গাঁও, মেৰা ধৰোহৰ ” শ্লোগানেৰে আৰম্ভ কৰা অভিলাষী সাংস্কৃতিক জৰীপ ২০২২ সন্দৰ্ভত চি এছ চি পূৰ্ণ গতিত আগবাঢ়িছে। এইক্ষেত্ৰত কমন চাৰ্ভিছ চেণ্টাৰ আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে উদ্যোগ গ্ৰহণ কৰিছে। তিনিচুকীয়া জিলাত কমন চাৰ্ভিছ চেণ্টাৰ ( চি এছ চি ) আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তৎপৰ হৈছে। তিনিচুকীয়া জিলাৰ ডি আৰ ডি এ প্ৰেক্ষাগৃহত এই বিষয়ত এক অনুষ্ঠান সম্পন্ন হয়। ভাৰত চৰকাৰৰ এই মহৎ উদ্দেশ্য কেনেদৰে সফল ৰূপায়ন কৰিব পাৰি এই সন্দৰ্ভত চি এছ চি চেণ্টাৰৰ ভি এল ই, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মকতা সকলক অৱগত কৰায়। অনুষ্ঠানত কমন চাৰ্ভিছ চেণ্টাৰৰ ( চি এছ চি ) জিলা পৰিচালক অভিষেক ফুকন, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তিনিচুকীয়াৰ ডি পি এম মনজিৎ গগৈ আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি উদেশ্য আৰু বিষয়টোৰ সন্দৰ্ভত সবিস্তাৰে উল্লেখ কৰে। উল্লেখযোগ্য যে, গাঁও সমূহত থকা কীৰ্তিচিহ্ন, পৰম্পৰাগত সাজ পাৰ, খাদ্য, ধৰ্মীয় বিশ্বাস, গহনা, ভৌগোলিক অৱস্থান, শিল্প কলা, উৎসৱ পাৰ্বন, বিশিষ্ট শিল্পী, বিশিষ্ট ব্যক্তি, কলা-কুশলীকে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উপলব্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ” মেৰা গাঁও, মেৰা ধৰোহৰ” শ্লোগানেৰে কমন চাৰ্ভিছ চেণ্টাৰৰ যোগেদি এক সাংস্কৃতিক জৰীপ কাৰ্যসূচী হাতত লৈছে।