Home স্থানীয় জাঁজী ফুলপানীছিগাত ড্ৰাগছ সহ আটক যুৱকঃগণ বাৰ্তা

জাঁজী ফুলপানীছিগাত ড্ৰাগছ সহ আটক যুৱকঃগণ বাৰ্তা

43
0

হালোৱাটিং , ২২ জুনঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে যোৱা ২০ জুনৰ সন্ধিয়া এক গোপন সূত্ৰৰ পম খ জাঁজী ফুলপানীছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইথৰ পৰা ড্ৰাগছ সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। জানিবপৰামতে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি মৰাঙৰ নেতৃত্বত এটা দলে দেওবাৰে সন্ধ্যা প্ৰায় ৬ বজাত ফুলপানীছিগাত  যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এএছ ০৪এছ ৪১৯১ নম্বৰৰ নেন’ গাড়ীখনত তালাচী চলাই এজন যুৱকক আটক কৰে আৰু যুৱকজনে অন্তৰ্বাসৰ ভিতৰত লুকুৱাই অনা তিনিটা সৰু টেমাৰ পৰা  পৰা ১৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। জব্দ কৰা হেৰ’ইন খিনিৰ মূল্য প্ৰায় ১০ হাজাৰ টকা হব বুলি জনাইছে আৰক্ষীয়ে।  ইতিমধ্যে আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহনখনো জব্দ কৰিছে।  গ্ৰেপ্তাৰ কৰা যুৱকজনক শিৱসাগৰ ষ্টেচন চাৰিআলিৰ প্ৰয়াত ৰিতুৰাজ গগৈৰ পুত্ৰ তাইকুম লাই  গগৈ বুলি চিনাক্ত কৰা হৈছে। আনহাতে এক বিশেষসূত্ৰই বাহনখনত আৰু এজন যুৱক আছিল বুলি জানিবলৈ দিলেও  আৰক্ষীয়ে এই কথা নুই কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ২২(ক) আৰু এনডিপিএছ এক্টৰ ২৭ ধাৰাৰ অধীনত ৭৬/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। (ফটো)

LEAVE A REPLY

Please enter your comment!
Please enter your name here