ষ্টাফ ৰিপ’টাৰ, নলবাৰী, ১৭ মে’ ঃ কমিচনৰ প্ৰধান ঘাটি হিচাপে চিহ্নিত হৈ পৰা বৰপেটা গ্ৰামোন্নয়নত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ মূলতঃ আগতীয়াকৈ কমিচন আদায় কৰি এম জি এন্ৰেগাৰ আঁচনি আবণ্টন দিছিল যদিও হঠাতে গ্ৰামোন্নয়ন বিভাগে অনুমোদিত সকলো আঁচনি বাতিল কৰাত হাহাকাৰ লাগিছে৷ আঁচনি বাতিল হোৱাত আগতীয়াকৈ আদায় দিয়া কমিছন উভতাই বিচাৰি কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ইপিনে, কমিছন সংগ্ৰহ কৰা দালাল চক্ৰটোৱে একপ্ৰকাৰ আত্মগোপন কৰাও পৰিলক্ষিত হৈছে৷ অভিযোগ অনুসৰি কাৰ্যালয়টোৰ একাংশই মধ্যভোগীৰে মিলি পঞ্চায়তে পঞ্চায়তে ছয়-সাত শতাংশ কমিছন সংগ্ৰহ কৰি জধে-মধে এম জি এন্ৰেগাৰ আঁচনি আবণ্টন দিছিল৷ পূৰ্বে ৰূপায়িত হোৱা আঁচনিক নতুনকৈ অন্তৰ্ভুক্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ ধন খোৱাৰ ফন্দি পাতিছিল এই চক্ৰটোৱে৷ অভিযোগ অনুসৰি বৰপেটা গ্ৰামোন্নয়নৰ কেইগৰাকীমান কৰ্মচাৰী আৰু মধ্যভোগী চক্ৰটোৱে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰিয়া আৰু কাৰ্যবাহী অভিযন্তা গুণীন্দ্ৰ কুমাৰ দাসেৰে মিলি এম জি এন্ৰেগাৰ আঁচনি আবণ্টন দিয়াৰ নামত বৃহৎ পৰিমাণৰ কমিছন সংগ্ৰহ কৰিছিল৷ জানিব পৰা মতে, বৰপেটা জিলা পৰিষদৰ অন্তৰ্গত মুঠ ১২৯টা গাঁও পঞ্চায়তত এম জি এন্ৰেগাৰ ২০২১-২২ বৰ্ষত প্ৰায় এশ কোটিৰো অধিক টকাৰ আঁচনি আবণ্টন দিছিল৷ ইয়াৰে সৰহভাগ আঁচনি ছয়-সাত শতাংশ কমিছন আদায় লৈ আবণ্টন দিয়াৰ অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ মন কৰিবলগীয়া যে বৰপেটা জিলাত সৰহসংখ্যক বিধায়ক বিৰোধী দলৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি চি ই অ’ আৰু কাৰ্যবাহী অভিযন্তা উঠিৰজা-বহিৰজা হৈ কাকোৱেই কেৰেপ নকৰি জিলা পৰিষদৰ কাৰ্যালয়ৰ কেইগৰাকীমান প্ৰভাৱশালী কৰ্মচাৰী আৰু মধ্যভোগীৰে মিলি জধে-মধে কমিছন সংগ্ৰহ কৰি আঁচনি আবণ্টন দিয়াৰ অভিযোগ উঠিছে৷ ইপিনে, শাসকীয় বিজেপি দলৰ জিলা পৰ্যায়ৰ নেতাই দিয়া এম জি এন্ৰেগাৰ এখনো আঁচনি মূলতঃ কমিছন ল’ব নোৱাৰি অন্তৰ্ভুক্ত নকৰাত খৰ্গহস্ত হৈ পৰে চক্ৰটোৰ বিৰুদ্ধে৷ আনহাতে, ভৱানীপুৰ সমষ্টিৰ দলীয় বিধায়ক ফণী তালুকদাৰ আৰু বিজেপিৰ জিলা পৰ্যায়ৰ কে’বাগৰাকী নেতাই এম জি এন্ৰেগাৰ আঁচনি আবণ্টন দিয়াৰ নামত জিলা পৰিষদ কাৰ্যালয়ত মুকলিভাৱে কমিছন সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অবৰ সচিব জে বি এক্কাক লিখিত অভিযোগ দিয়াৰ পিছতেই হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বৰপেটা গ্ৰামোন্নয়নত৷ বৰপেটা গ্ৰামোন্নয়নত এম জি এন্ৰেগা আঁচনিত মুকলিভাৱে কমিছন সংগ্ৰহ হোৱাৰ অভিযোগে বিভাগটোৰ ভিতৰচ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ আনহাতে দলীয় বিধায়ক আৰু দলীয় নেতাৰ অভিযোগ পোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিছতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তই যোৱা ২৯ এপ্ৰিলত CPRDযMGNREGট্টয৬৫য২০২১য৫১নং নিৰ্দেশযোগে ৰাজ্যৰ প্ৰতিখন জিলাৰ এম জি এন্ৰেগাৰ ২০২১-২২ বৰ্ষৰ আবণ্টিত সকলো আঁচনি তৎকালে বাতিল কৰি দিয়ে৷ উল্লেখ্য যে বৰপেটা গ্ৰামোন্নয়নত এম জি এন্ৰেগাত আঁচনি আবণ্টন দিয়াৰ নামত মুকলিভাৱে কমিছন সংগ্ৰহ কৰি থকা বুলি তথ্যভিত্তিক প্ৰতিবেদন ২১ আৰু ২৩ এপ্ৰিলত ‘দৈনিক গণ অধিকাৰ’ত প্ৰকাশ পাইছিল৷ ‘দৈনিক গণ অধিকাৰ’ৰ প্ৰতিবেদন প্ৰকাশৰ পিছতেই ২৯ এপ্ৰিলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তই এম জি এন্ৰেগাৰ সকলো আঁচনি বাতিল কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰে৷ ইপিনে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ এনে নিৰ্দেশে বিশেষকৈ বৰপেটা জিলা গ্ৰামোন্নয়নত হাহাকাৰময় অৱস্থাৰ সৃষ্টি কৰিছে৷ ইপিনে, অকল আঁচনি বাতিল হোৱাই নহয়, বৰপেটা জিলাত কমিছন সংগ্ৰহ কৰা দালাল চক্ৰটোৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ কমিছন সংগ্ৰহকাৰীসকলৰ এখন তালিকাও বিজেপি শিবিৰে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিছে৷ বিজেপিৰ এগৰাকী জিলা পৰ্যায়ৰ নেতাই এম জি এন্ৰেগাৰ আবণ্টিত আঁচনি বাতিল কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই দুৰ্নীতিগ্ৰস্ত চক্ৰটো শীঘ্ৰে তদন্তৰ আওতালৈ আহিব বুলি জানিব পৰা গৈছে৷ তদন্তৰ ভয়ত কম্পমান হোৱা জিলা পৰিষদৰ দুৰ্নীতিগ্ৰস্তসকলৰ তালিকাও বিজেপি শিবিৰটোৱে যুগুত কৰি গতি-বিধি লক্ষ্য কৰি থকা বুলি জানিব পৰা গৈছে৷ শীঘ্ৰে এইসকলৰ তালিকা ৰাজহুৱা কৰিব বুলি সংবাদ মাধ্যমক জানিব দিছে৷
Home অসম এম জি এনৰেগাৰ সকলো আঁচনি বাতিল, বৰপেটা গ্ৰামোন্নয়নত কমিচন সংগ্ৰহকাৰীৰ মাজত হাহাকাৰ:তদন্তৰ...