Home Main Stories মিঞাই মোক ৱাকফৰ পৰা খেদিলে : ৱাকফ বোৰ্ড সন্দৰ্ভত নেকিবুৰ...

মিঞাই মোক ৱাকফৰ পৰা খেদিলে : ৱাকফ বোৰ্ড সন্দৰ্ভত নেকিবুৰ জামানৰ ভুল তথ্য

3137
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জুলাই : আজি খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত ধৰ্মীয় সংখ্যালঘুৰ সবলীকৰণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত অধিবক্তা তথা ৱাকফৰ প্ৰাক্তন অধ্যক্ষ নেকিবুৰ জামানে ৱাকফ ব’ৰ্ড সন্দৰ্ভত যি বক্তব্য প্ৰদান কৰিছে তাক লৈ এতিয়া সচেতন মহলত চৰ্চা আৰম্ভ হৈছে। নেকিবুৰ জামান আৰু ৱাকফ ব’ৰ্ডৰ সম্পৰ্কে ইতিমধ্যে কে’বাবাৰো বাতৰি প্ৰকাশিত হৈছে। ৰাইজ তেওঁৰ কু-কীৰ্তি সন্দৰ্ভত অৱগত। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী ৰকিবুল হুছেইন আৰু শুকুৰ আলীৰ দুৱাৰে দুৱাৰে ঘূৰি কাকূতি-মিনতি কৰি ২০১২ চনত ৱাকফৰ ব’ৰ্ডৰ দায়িত্ব লাভ কৰিছিল নেকিবুৰ জামানে। ৱাকফ ব’ৰ্ড সন্দৰ্ভত বিভিন্ন ল¥ফজ¥ফ মৰা কথাৰে কংগ্ৰেছ চৰকাৰৰ আস্থা লৈ ২০১২ চনত সাংসদ আব্দুল খালেকৰ পদত্যাগৰ পিছত নেকিবুৰ জামানক অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল। কিন্তু ৱাকফৰ দায়িত্ব লোৱাৰ পিছতে একপ্ৰকাৰ উঠিৰজা-বহিৰজা হৈ ৱাকফ সম্পত্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আজি ৱাকফ সন্দৰ্ভত ভুল তথ্য প্ৰদান কৰা নেকিবুৰ জামানেই নীতিবহিৰ্ভূতভাৱে বহুতো কাম কৰাৰ বাবে ৱাকফ ব’ৰ্ডৰ ব্যাপক ক্ষতি হৈছিল নেকিবুৰ জামানৰ অধ্যক্ষতাৰ সময়ত। ইয়াৰ ভিতৰত প্ৰধানতঃ কেন্দ্ৰীয় ৱাকফ কাউন্সিলে অসম ৱাকফ ব’ৰ্ডৰ স্থায়ী নিৰ্মাণৰ বাবে অনুদান দিয়া ১ কোটি টকাৰ পৰা কোনো বিত্তীয় অনুমোদন নোলোৱাকৈ একনায়কত্ববাদৰ ক্ষমতা প্ৰয়োগ কৰি সেই সময়ত বেংকৰ পৰা নগদ ১৭ লাখ টকা উলিয়াই নিজ ব্যৱহাৰৰ বাবে ইনোভা বাহন ক্ৰয় কৰিছিল। অথচ এই সময়ত ৱাকফ ব’ৰ্ডৰ এখন ব্যৱহাৰযোগ্য বাহন আছিল। তেওঁ ৱাকফ ব’ৰ্ডৰ আয়ৰ ক্ষেত্ৰত কেনে ধৰণে কাৰ্যদক্ষতাৰ পৰিচয় দিছিল সেয়া সকলোৱে জানে। ৱাকফৰ আয়ৰ ক্ষেত্ৰত তেওঁৰ কাৰ্যদক্ষতা একেবাৰে নগণ্য আছিল বুলি ক’লেও ভুল নহ’ব। কিন্তু তাৰ পূৰ্বে ৱাকফ সন্দৰ্ভত বিভিন্ন ছলাহি কথাৰে কংগ্ৰেছ চৰকাৰক আস্থাত লৈছিল নেকিবুৰ জমানে। কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ ফলাফল শূন্য আছিল। অথচ আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি মিঞাই মানসিকভাৱে অত্যাচাৰ কৰি খেদি দিয়া বুলি ঘঁৰিয়ালৰ চকুপানী টোকাহে পৰিলক্ষিত হয়। অথচ নেকিবুৰ জামান ব’ৰ্ডৰ অধ্যক্ষ হৈ থকা সময়ত ৱাকফ ব’ৰ্ডৰ ইতিহাসত নোহোৱা বহুতো নীতিবহিঃৰ্ভূত কাম কৰি গৈছে। তেওঁৰ কাৰ্যকালৰ সময়ত তেওঁৰ এজন কনিষ্ঠ অধিবক্তাক ব’ৰ্ডত সুমুৱাই কে’বালাখ টকা ব’ৰ্ডৰ পৰা আদায় কৰিছিল। অথচ উক্ত অধিবক্তাজনে মাহৰ পাছত মাহ ধৰি কোনোদিনে ৱাকফ ব’ৰ্ডৰ হৈ কোনো ন্যায়ালয়ত উপস্থিত হোৱা পৰিলক্ষিত নহ’ল। ৱাকফৰ অধ্যক্ষ হিচাপে প্ৰথমবাৰৰ বাবে পূৰ্বৰ মাননি দুগুণ কৰি তেওঁ মাননি লৈ আছিল। আনকি ফাঁচীবজাৰৰ লিষ্ট হোল্ডাৰৰ লগত তেওঁৰ অংক নিমিলাৰ বাবে তেওঁক ইন্দ্ৰনীল দেৱ নামৰ লোক এজনে হত্যাৰ ভাবুকি দিয়া বুলি অপপ্ৰচাৰ চলাই ৰাইজৰ সহানুভূতি লাভ কৰিবলৈ সভাও আহবান কৰা পৰিলক্ষিত হৈছে। কিন্তু তেওঁৰ কাৰ্যকালৰ ম্যাদ ওকলাৰ পিছত সেই ব্যক্তিজনে ৱাকফ ব’ৰ্ডৰ সৈতে লিজ চুক্তি কৰি কে’বালাখ টকা আদায় দিয়ে। তেনেস্থলত নেকিবুৰ জামানৰ লগত কি ক্ষেত্ৰত তেওঁৰ মতানক্য হৈছিল সেয়া আজিও ৰহস্যৰ আৱৰ্তত। তথ্য অনুসৰি নেকিবুৰ জামানে ২০১২ চনৰ পৰা ২০১৭ চনলৈ ৱাকফ ব’ৰ্ডত আছিল আৰু তেওঁৰ এই কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতহে অধ্যক্ষ পদৰ পৰা বিদায় লয়। কোনো মিঞাই তেওঁক খেদা নাছিল। অৱশ্যে বিদায় লোৱাৰ পূৰ্বে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে পূৰ্বৰ বিজেপি চৰকাৰক বহুবাৰ কাকূতি-মিনতি কৰিছিল যদিও অৱশেষত ব্যৰ্থ হৈছিল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক অনুনয়-বিনয় কৰাৰ দৰেই এইবেলিও বিজেপি চৰকাৰৰ ওচৰত ৱাকফ ব’ৰ্ড সন্দৰ্ভত পূৰ্বৰ দৰেই নাটক ৰচনা কৰাটো একাংশ সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। কিয়নো, ৱাকফ ব’ৰ্ডৰ সৈতে কোনো মিঞাৰ সম্পৰ্ক নাই। তেওঁ অকল পুনৰ অধ্যক্ষ হোৱাৰ স্বাৰ্থতে ৱাকফ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰি মিঞাবিদ্বেশী স্থিতি লোৱা বুলি একাংশ সচেতন মহলে মন্তব্য কৰিছে। এইক্ষেত্ৰত সততে ৱাকফ ব’ৰ্ড সন্দৰ্ভত বিভিন্ন প্ৰচাৰ মাধ্যমত লম্ফ-জম্ফ কৰি থকা নেকিবুৰ জামানৰ প্ৰকৃত কাৰ্যদক্ষতা কিমান আছিল সেয়া তলত উল্লেখ কৰা তথ্যৰ পৰাই জল্‌জল্‌-পট্‌পটকৈ ওলাই পৰিব। নেকিবুৰ জামান ব’ৰ্ডৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৱাকফ ব’ৰ্ডৰ আয়ৰ পৰিমাণ আছিল তেনেই নগণ্য। ২০১২ চনত ব’ৰ্ডৰ আয় আছিল ১,৮৩,০০০ টকা। আনহাতে, ২০১৩ চনত ১,৮২,০০০ টকা, ২০১৪ চনত ১,৬১,০০০ টকা, ২০১৫ চনত ১,৪৬,০০০ টকা আৰু ২০১৭ চনত ১,৪৪,০০০ টকা। নেকিবুৰ জামানে ব’ৰ্ডৰ অধ্যক্ষৰ পৰা বিদায় লোৱাৰ পিছতে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াই কোনো ব’ৰ্ড নোহোৱাকৈ তথা কাৰো হস্তক্ষেপ নথকাৰ ফলত ৱাকফ ব’ৰ্ডৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হয়। তলত উল্লেখিত তথ্যই ইয়াক প্ৰমাণ কৰে। নেকিবুৰ জমান গুচি যোৱাৰ পিছত ২০১৮ চনত ব’ৰ্ডৰ আয় ১৫,৩০,০০০ টকা, ২০১৯ চনত ২৬,৪০,০০০ টকা, ২০২০ চনত ৩৪,৮৯,০০০ টকা, ২০২১ চ নত এতিয়ালৈকে ৩৯,৯২,০০০ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তদুপৰি বিগত বৰ্ষত ক’ভিড মহামাৰীৰ সময়ত অসম চৰকাৰৰ আৰোগ্য নিধি সাহায্য পুঁজিলৈ ৱাকফ ব’ৰ্ডৰ তৰফৰ পৰা ১৫ লাখ টকাৰ বৰঙনি প্ৰদান কৰি এক নজিৰ সৃষ্টি কৰা হৈছিল। লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃতী ছাত্ৰ-ছাত্ৰীক এককালীন সাহায্য হিচাপে ১০ লাখ টকা আদায় দিয়াৰ লগতে লকডাউনৰ সময়ত কে’বালাখ টকাৰ সা-সামগ্ৰী বিভিন্ন লোকক বিতৰণ কৰা হৈছিল। এইসকলো কাৰ্য নেকিবুৰ জামানৰ কাৰ্যকাল শেষ হোৱাৰ পিছত কৰা হৈছিল। তেনে অৱস্থাত আজিৰ সংবাদ মাধ্যমৰ আগত যি ভুল তথ্য দি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা নেকিবুৰ জামান ৱাকফ ব’ৰ্ডৰ প্ৰতি কিমান দায়িত্বশীল সেয়া বাতৰিত উল্লেখ কৰা তথ্যৰ পৰাই প্ৰমাণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here