Home Main Stories এনআৰচিৰ বাবেই আধাৰৰ পৰা বঞ্চিত লাখ লাখ লোক : চৰকাৰী সুবিধাৰ পৰা...

এনআৰচিৰ বাবেই আধাৰৰ পৰা বঞ্চিত লাখ লাখ লোক : চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব ২৮ লাখ লোকে

99
0


ৱাহিদুৰ ৰহমান বৰা, গুৱাহাটী, ২০ ছেপ্টেম্বৰ:আধাৰৰ বৃত্তৰ পৰিসৰ ক্ৰমাৎ যেন বহল হৈ গৈ আছে৷ সকলো ক্ষেত্ৰতে এতিয়া লাগিব আধাৰ কাৰ্ড৷ আধাৰ কাৰ্ড নাথাকিলে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাটো খাতাং৷ অৰ্থাৎ যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে আপুনি চৰকাৰী আঁচনি কিম্বা কল্যাণকামী প্ৰকল্পৰ কথা চিন্তা কৰিব নোৱাৰে৷ কেৱল এয়াই নহয়, নিজৰ সন্তানক বিদ্যালয়ত নামভৰ্তি কৰিবলৈয়ো বাধ্যতামূলক হৈছে আধাৰ কাৰ্ড৷ মূলতঃ চৰকাৰী আঁচনি, নামভৰ্তিকে আদি কৰি সকলোতে বাধ্যতামূলক হৈছে আধাৰ কাৰ্ড৷ ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যোৱা জ্ঝ ছেপ্টেম্বৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা নিবনুৱা যুৱক-যুৱতীয়ে এমপ্লইমেণ্ট এক্সেঞ্জলৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰিব নালাগে৷ ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ অনলাইনৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ হ’লে লাগিব আধাৰ কাৰ্ড৷ মুঠতে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক চৰকাৰী চাকৰিৰ বাবে নাম পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত পূৰ্বৰ জটিলতা আঁতৰাই প্ৰক্ৰিয়াটো কিছু সহজ কৰি দিছে৷ কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ চমুকৈ এনআৰচিৰ মেৰপেঁচত পৰি যিসকলে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ সমস্যা আৰু অধিক জটিলহে হৈ পৰিছে৷ এনআৰচিৰ পৰা নাম কৰ্তন হোৱা ১৯ লাখতকৈ অধিক লোকৰ আধাৰ কাৰ্ড লাভৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে৷ আনকি দাবী-আপত্তিৰ জৰিয়তে জ্জ্ব লাখ লোকৰ নাম এনআৰচিত অন্তভুৰ্ক্ত হৈছে যদিও এই বৃহৎসংখ্যক লোকেও আধাৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷ যি কি নহওক, চৰকাৰে যি ধৰণে চৰকাৰী সা-সুবিধা বিদ্যালয়ত নামভৰ্তিকৰণকে আদি কৰি চৰকাৰী চাকৰিত আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে তেনে সময়তেই সৰ্বমুঠ ২৭ লাখ লোকৰ জীৱনলৈ নামি আহিছে অমানিশা৷ আধাৰ কাৰ্ড লাভৰ পৰা বঞ্চিত এই ২৭ লাখ লোক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাটো এতিয়া নিশ্চিত৷ চূড়ান্ত এনআৰচিৰ পৰা নাম কৰ্তন আৰু পিছলৈ অন্তভুৰ্ক্ত হোৱা জ্জ্ব লাখ লোকক সাঙুৰি সৰ্বমুঠ ২৭ লাখতকৈ অধিক লোকৰ ভিতৰত কে’বালাখ লোক আছে শিক্ষিত নিবনুৱা যুৱক-যুৱতী৷ দুৰ্ভাগ্যজনক কথাটো হ’ল যে আধাৰ কাৰ্ড লাভৰ পৰা বঞ্চিত এই লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ বাবে এমপ্লইমেণ্ট এক্সেঞ্জত নিজৰ নাম পঞ্জীয়ন কৰাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব৷ অৰ্থাৎ আধাৰ কাৰ্ড নথকাৰ বাবেই তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিব৷ যোৱা কেবিনেট বৈঠকত এই বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয় যে যিসকল নিবনুৱা যুৱক-যুৱতীৰ আধাৰ কাৰ্ড নাই সেইসকলে অহা ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড তৈয়াৰ কৰিব লাগিব৷ অহা ৩০ ছেপ্টেম্বৰলৈ এমপ্লইমেণ্ট এক্সেঞ্জত অফলাইনৰ জৰিয়তে নাম পঞ্জীয়ন প্ৰক্ৰিয়া চলিব৷ কিন্তু ৰ অক্টোবৰৰ পৰা সেই প্ৰক্ৰিয়া বন্ধ হ’ব আৰু কেৱল অনলাইন প্ৰক্ৰিয়াৰে আধাৰ কাৰ্ডৰ জৰিয়তে নাম পঞ্জীয়নৰ সুবিধা থাকিব৷ এতিয়া প্ৰশ্ন হয়, এনআৰচিৰ বাবে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত এই ২৭ লাখ লোকৰ সমস্যা সমাধান হ’ব কেতিয়া? উল্লেখ্য যে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত আৰম্ভ হৈছিল দাবী-আপত্তি প্ৰক্ৰিয়া৷ যিসকলৰ নাম বাদ পৰিছিল তেওঁলোকে দাবী-আবেদনৰ জৰিয়তে নাম অন্তৰ্ভুক্তিৰ সুবিধা লাভ কৰিছিল৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সেই দাবী-আবেদন দাখিল কৰাসকলৰ সংগ্ৰহ কৰা হৈছিল বায়’মেট্ৰিক্স৷ সেই সময়ত উল্লেখ কৰা হৈছিল যে যিসকলৰ বায’মেট্ৰিক্স সংগ্ৰহ কৰা হৈছে সেইসকল লোকে আধাৰ কাৰ্ডৰ বাবে সুকীয়াকৈ আবেদন কৰিব নালাগে৷ কিন্তু ৰহস্যজনকভাৱে চূড়ান্ত এনআৰচিখন অনুমোদন নজনোৱাৰ বাবে বায’মেট্ৰিক্স সংগ্ৰহ কৰা লোকসকলক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত কৰি ৰখা হৈছে৷ এনআৰচিত বায়’মেট্ৰিক্স সংগ্ৰহ কৰা লোকসকলক আধাৰৰ পৰা বঞ্চিত হোৱাৰ প্ৰসংগটোক লৈ বিভিন্ন দল-সংগঠনে বিগত সময়ত দাবী উত্থাপন কৰি আহিছিল আৰু সমস্যাটো সমাধানৰ দাবী উত্থাপন কৰিছে৷ কিন্তু চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবে আধাৰৰ পৰা বঞ্চিত ২৭ লাখ লোকৰ ভৱিষ্যৎ অনিশ্চিয়তাৰ দিশে গতি কৰিছে৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আধাৰৰ পৰা বঞ্চিত এই ২৭ লাখ লোকক ইমূৰৰ পৰা সিমূৰলৈ ফুটলবৰ দৰে লঠিয়াই আছে৷ এনআৰচিৰ পৰা বাদ পৰা লোকসকলক এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই ৰিজেক্সন শ্লিপ৷ শেহতীয়াকৈ বিষয়টোক লৈ এক জটিলতাই দেখা দিছে৷ আইনজীৱীসকলে এই সন্দৰ্ভত মতামত ব্যক্ত কৰি কয় যে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱা লোকসকলৰ সমস্যাটো এক জটিল সমস্যা৷ এই সমস্যাটোক লৈ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰয়োজন৷ আধাৰ কাৰ্ডৰ সমস্যাত পৰা এই ২৭ লাখ লোকৰ ভৱিষ্যতক লৈ খেলা কৰা হৈছে৷ বিষয়টো উচ্ছতম ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰাৰ প্ৰয়োজন হৈছে৷ যি কি নহওক, এনআৰচিৰ প্ৰক্ৰিয়াত পৰি আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ২৭ লাখতকৈ অধিক লোক এতিয়া চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত৷ এইক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here