Home অসম চি আই ডিৰ জালত তামিলনাডুৰ ৰফিউৰ ৰহমান: এমট্ৰ’নৰ পৰা কোটি টকা হৰলুকী

চি আই ডিৰ জালত তামিলনাডুৰ ৰফিউৰ ৰহমান: এমট্ৰ’নৰ পৰা কোটি টকা হৰলুকী

197
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মাৰ্চ:
এমট্ৰ’নৰ পৰা কোটি টকাৰ হৰলুকী হোৱাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি মহানগৰ আৰক্ষীৰ চিআইডিয়ে বৃহৎ সফলতা লাভ কৰিছে৷ উল্লেখ্য যে সম্পূৰ্ণ জালিয়াতিৰে এমট্ৰ’নৰ পৰিচালন সঞ্চালকৰ নামত থকা বেংক একাউণ্টৰ পৰা সামগ্ৰী যোগানকাৰী প্ৰতিষ্ঠান এটালৈ ২.৫৭ কোটি টকা স্থানান্তৰ কৰা হৈছিল৷ লক্ষণীয় যে উক্ত প্ৰতিষ্ঠানটোৰ সৈতে কোনো সম্পৰ্ক নাছিল৷ এমট্ৰ’নে কোনোদিনে উক্ত প্ৰতিষ্ঠানটোৰ পৰা সামগ্ৰী ক্ৰয় কৰা নাছিল৷ তথাপিও এমট্ৰ’নৰ এজন গাণনিকে এমট্ৰ’নৰ নামত পাণবজাৰত থকা বেংক অৱ মহাৰাষ্ট্ৰৰ শাখাৰ এটা একাউণ্টৰ পৰা তামিলনাডুৰ পুড়ুকুট্টাইত থকা এইচডিএফচি বেংকলৈ উক্ত ধন ট্ৰেন্সফাৰ কৰিছিল৷ ইতিমধ্যে চিআইডিয়ে এমট্ৰ’নৰ বিত্তীয় আৰু গাণনিক বিভাগৰ সহকাৰী ৰাহুল ৰোচন চৌধুৰী আৰু তামিলনাডুৰ চেলেমন মেছাৰ্ছ এছ আৰ এছৰ মেটেৰিয়েলছ ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰ শংকৰ আনবালাগানক গ্ৰেপ্তাৰ কৰি চিজেএম আদালতত হাজিৰ কৰাৰ উপৰি চাৰ্জশ্বীট দাখিল কৰিছে৷ উক্ত গোচৰত জড়িত আন এজন অভিযুক্ত ৰফিউৰ ৰহমানক চিআইডিয়ে বিচাৰি আছিল যদিও ৰহমানে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ছিংগাপুৰলৈ পলায়ন কৰিছিল৷ চিআইডিয়ে পাছপ’ৰ্টৰ বিৱৰণৰ আধাৰত লুকাই থকা স্থান চিনাক্ত কৰিছিল৷ লগতে পাৰপত্ৰ ব্যুৰ’ক এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে জাৰি কৰা লুক আউট নটিচ প্ৰদৰ্শন কৰিছিল৷ ইপিনে, কালি ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছতে পাৰপত্ৰ বিষয়াই টি চি বিমানবন্দৰত আটক কৰাৰ পিছতে আজি চিআইডিৰ এটা দল তামিলনাডুত উপস্থিত হৈ ৰফিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰে আৰু আজি গুৱাহাটীলৈ ওভোতাই আনে৷ ইতিমধ্যে লোকজনক চি জে এম আদালতত হাজিৰ কৰোৱা হৈছে৷ উল্লেখ্য যে এছ আৰ এছৰ মেটেৰিয়েলছলৈ হস্তান্তৰ কৰা ২.৫৭ কোটিৰ ৪০ লাখ টকা ৰফিউৰ ৰহমানৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল৷ এই সন্দৰ্ভত চি আই ডিয়ে তদন্ত অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here