Home ক্ৰীড়া তামুলপুৰত আন্ত-ক্লাৱ ক্ৰিকেট লীগত, মিলন কলা কৃষ্টি সংঘৰ ‘লতিবাৰী ক্ৰিকেট ক্লাব বিজয়ী’

তামুলপুৰত আন্ত-ক্লাৱ ক্ৰিকেট লীগত, মিলন কলা কৃষ্টি সংঘৰ ‘লতিবাৰী ক্ৰিকেট ক্লাব বিজয়ী’

280
0

গণ বাৰ্তা, ক্রীড়া, তামুলপুৰ,১৪ মাৰ্চ:- তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু মিলন কলা কৃষ্টি সংঘ লতিবাৰীৰ সৌজন্যত যোৱা ২৭ ফেব্ৰুৱাৰীৰ পৰা তামুলপুৰ জিলাৰ পূৱ-কচুকাটা লতিবাৰী কুকুৰমাৰা খেল পথাৰত অনুষ্ঠিত হোৱা খেলখনৰ আজি “নাওঁকাটা ক্ৰিকেট ক্লাৱ” আৰু মিলন কলা কৃষ্টি সংঘ লতিবাৰীৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। আজিৰ এই চূড়ান্ত খেলখন উদ্বোধন কৰে তামুলপুৰ জিলা ইউপিপিএলৰ প্ৰশাসনিক সম্পাদক গনেশ নাথে। লতিবাৰী মিলন ক্ৰিকেট ক্লাবে প্ৰথমে বেটিং কৰি নাওঁকাটা ক্ৰিকেট ক্লাবক ২০৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে যদিও নাওঁকাটা ক্ৰিকেট ক্লাবে ১৩৯ ৰণতে আটাইকেইটা উইকেট হেৰুৱায় । চূড়ান্ত খেল খনৰ মেন অফ দা মেটচ্ বিজিৎ কলিতা আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান চিৰণজিৎ ৰাভাই লাভ কৰে। খেলৰ অন্তত বিজয়ী মিলন কলা কৃষ্টি সংঘ লতিবাৰী ক্ৰিকেট ক্লাবক তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ কাৰ্যকৰী সভাপতি দেবেন দাস আৰু তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰ দেওঘৰীয়াই বটা প্ৰদান কৰে। বঁটা বিতৰণ কাৰ্যসূচীত ক্ৰিকেট সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, উপ- সভাপতি প্ৰদিপ কুমাৰ দাস, কোষাধ্যক্ষ আলাউদ্দিন আহমেদ, মিলন কলা কৃষ্টি সংঘৰ সভাপতি মনোজ কলিতা, আৰছু কেন্দ্ৰীয় নেতা কমল ৰাভা আৰু সমাজকৰ্মী পৰিমল দাস সহ শতাধিক ৰাইজ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here