Home Main Stories মিনি লক ডাউনে জুৰুলা কৰিছে কুটিৰ শিল্পৰে জড়িত কুৰিও অধিক পৰিয়ালৰ...

মিনি লক ডাউনে জুৰুলা কৰিছে কুটিৰ শিল্পৰে জড়িত কুৰিও অধিক পৰিয়ালৰ মাজত

40
0

কৌশিক বৰুৱা, হালোৱাটিং, ২৪ মে’ : ​বাৰীৰে ঢাপৰে জাতি বাঁহ এজুপি জিয়াই থাকোমানে কৰো কাঠিকামি মৰিলে লগতে যায়” হয় বাৰীৰ ঢাপৰ জাতি বাঁহ জুপিয়েই কাঠি কামিৰে ৩০ টা পৰিয়ালে স্বাবলম্বিতাৰ নিৰ্দশন দেখুৱাই আহিছে শিৱসাগৰ জিলাৰ দোপদৰ মৌজাৰ অন্তৰ্গত মাজবাৰি আৰন্ধৰা গাৱৰ পুৰুষ মহিলাই। বিভিন্ন সময়ত যোগ্যতা থাকিও সংস্থাপন নাপাই বহু যুৱক যুৱতীয়ে হীনমন্যতাত ভুগিব লগিয়া হৈছে আৰু বহু যুৱক যুৱতীয়ে আত্মহত্যাৰ নিচনা সমাজ বিৰুদ্ধী পথ বাছি লৈছে । কিন্তু সেই তেনে সময়তে নামতি আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজবাৰি আৰন্ধৰা চুকৰ যুৱক যুৱতি, শিশু বৃদ্ধই বাঁহ বেতৰ শিল্পৰ জড়িয়তে মানুহ কিদৰে স্বাৱলম্বীন হ’ব পাৰে তাৰে এক নিদৰ্শন দাঙি ধৰি সমাজ জীৱনলৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল। বাঁহৰ ডলা চালনি ধৰা আদি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে গাঁওখনৰ প্ৰতিতো নিৱনোৱাক জীৱনটোত চাৰকাৰী কৰ্মসংস্থাপন নাপালেও সমাজত জীয়াই থকাৰ পথ পদৰ্শক ৰূপে থি দি আহিছে গাওখনৰ বয়োজেষ্ঠ পুৰুষ মহিলা সকল। দলা, চালনি, ধৰা, বাৰিষা দিনত জাকৈ, খালৈ, জাঁপি আদি তৈয়াৰ কৰিবলৈ বিভিন্ন গাঁৱৰ পৰা কেছা সামগ্ৰী বাহ বেত ক্ৰয় কৰি শনি বাৰৰ দিনটোলৈকে তৈয়াৰ কৰি তিনিচুকীয়া, ডিব্ৰুগড়, মাঘেৰিটা আদি বজাৰলৈ বিক্ৰীৰ বাবে লৈ যায়। কিন্তু চৰকাৰে বান্ধি দিয়া মিনি লকডাউনৰ বাবে এতিয়া সামগ্ৰী সমূহ বিক্ৰী কৰিব নোৱাৰাৰ বাবে পৰিয়াল সমূহৰ মাজত অভাৱ অনাতনে দেখা দিছে। শিশুৰ পৰা বৃদ্ধলৈ পুৰুষ মহিলা সকলো বাঁহৰ কাঠি কামি লৈ ব‍্যস্ত হৈ থকা গাঁৱখনত এতিয়া নিমাওমাও পৰিবেশ। গাঁওখনৰ প্ৰতিতো পৰিয়ালেই বাঁহৰ কাঠি কামিৰেই বছৰ বছৰ ধৰি স্বাবলম্বিতাৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে কিন্তু এই সংকটৰ সময়ত যদিহে চৰকাৰে গাওঁবাসীয়ে সাহাৰ্য্য প্ৰদান নৰে পাছলৈ এক বৃহৎ কুটি শিল্পৰ উদ‍্যোগ হেৰাই যোৱাৰ উপক্ৰম ঘটিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here