Home অসম নগাঁৱত গুণোৎসৱৰ কাৰ্যসূচীত শিক্ষকৰ ৰূপত দেখা গল মন্ত্ৰী অজন্তা নেওগ-সঞ্জয় কৃষাণক

নগাঁৱত গুণোৎসৱৰ কাৰ্যসূচীত শিক্ষকৰ ৰূপত দেখা গল মন্ত্ৰী অজন্তা নেওগ-সঞ্জয় কৃষাণক

53
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৩ মে’ ঃ ৰাজ্যজুৰি আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ তৃতীয় দিনা আজি পুৱা নগাঁৱত উপস্থিত হয়হি বিত্তমন্ত্ৰী অজন্তা নেওগ৷ নেৰানেপেৰা বৰষুণৰ মাজত মন্ত্ৰীগৰাকীয়ে আজি পুৱা জ্ঝ.৩০ বজাত নগাঁৱৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত হয়বৰগাঁও ছোৱালী হাইস্কুলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে৷ মন্ত্ৰী নেওগে বিদ্যালয়খনৰ এখন শ্ৰেণীকোঠাত প্ৰায় আধাঘণ্টা সময় ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশ্ন কৰাৰ লগতে তেওঁৰ শৈশৱৰ কিছু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰি আৱেগিক হৈ পৰে৷ বিশেষকৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ধৈৰ্য আৰু একাগ্ৰতাৰে অধ্যায়নত ব্ৰতী হ’বলৈ আহ৩ান জনায়৷ পিছত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘বিদ্যালয়খনৰ শিক্ষণ পদ্ধতি যথেষ্ট উন্নত মানৰ৷’ গুণোৎসৱ চৰকাৰৰ এক ভাল পদক্ষেপ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়– ‘বিদ্যালয়সমূহত অকল আন্তঃগাঁথনি ঠিক থাকিলেই নহ’ব, ইয়াৰ শিক্ষাৰ মান উন্নত কৰিব লাগিব৷ যাৰ জৰিয়তে চৰকাৰী শিক্ষানুষ্ঠানসমূহত ৰাইজৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনিব লাগিব৷ যিসকল ছাত্ৰ-ছাত্ৰী বা অভিভাৱকৰ চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি মোহভংগ হৈছে, তেওঁলোকক পুনৰ ঘূৰাই আনিবলৈ আচলতে গুণোৎসৱৰ দৰে কাৰ্যসূচী হাতত লৈছে৷ বিশেষকৈ গুণগত শিক্ষা দিয়াৰ চেষ্টা কৰিব লাগিব আৰু এয়াই গুণোৎসৱৰ মূল উদ্দেশ্য৷ বিদ্যালয়খনত আন্তঃগাঁথনি যথেষ্ট উন্নত নহয় বুলি সোধা সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়– এই দিশটো তেওঁ গুৰুত্বসহকাৰে লৈছে আৰু বিষয়টো চৰকাৰক অৱগত কৰিব৷ আনহাতে, একেটা শিক্ষাখণ্ডৰে অন্তৰ্গত মণ্টেচৰী বিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰম আৰু নিয়োগমন্ত্ৰী সঞ্জয় কৃষাণ৷ মন্ত্ৰীগৰাকীয়ে নিজৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে৷ তদুপৰি বিদ্যালয়খনৰ শিক্ষণ পদ্ধতিসমূহ নিৰীক্ষণ কৰাৰ লগতে শিক্ষক-অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও মত-বিনিময় কৰি বিভিন্ন সমস্যাৰ বুজ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here