Home অসম মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ী খুন্দাত নিহত এজন, আহত চাৰি আৰক্ষী জোৱান

মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ী খুন্দাত নিহত এজন, আহত চাৰি আৰক্ষী জোৱান

103
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ জুন ঃ কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ খুন্দাত আজি এজন লোক নিহত হয়৷ নিহত লোকজনৰ নাম হৈছে মানসপ্ৰতিম দাস [৩২]৷ জানিব পৰা মতে, নগাঁৱৰ চামগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত আজি দুপৰীয়াৰ ভাগত মন্ত্ৰীগৰাকীৰ কনভয়ৰ গাড়ীৰ খুন্দাত আহত হৈছিল মানসপ্ৰন্দ্ৰতম দাস৷ কনভয়টো গুৱাহাটীৰ পৰা কলিয়াবৰ অভিমুখে আহি আছিল৷ এএছ ২৫ ই চি ২০৯৩ নম্বৰৰ কনভয়ৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই মানসপ্ৰতিমক খুন্দা মৰাৰ ফলত তেওঁ পথৰ কাষত বাগৰি পৰে৷ ফলত গুৰুতৰভাৱে আহত হয় মানস৷ লগে লগে লোকজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও যুবকজনৰ মৃত্যু হয়৷ ইপিনে, দুৰ্ঘটনাটোত কনভয়টোত থকা চাৰিজন আৰক্ষী কনিষ্টবলো আহত হয়৷ আহতকেইজনৰ নাম হৈছে ভৱেশ দাস, দীপক ৰাভা, নুৰিমন আলী আৰু কল্যাণ পাঠক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here