Home গুৱাহাটী মন্ত্ৰী বিমল বৰাৰ নামত ধন দাবী দিছপুৰ থানাত এজাহাৰ দাখিল

মন্ত্ৰী বিমল বৰাৰ নামত ধন দাবী দিছপুৰ থানাত এজাহাৰ দাখিল

130
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জুলাই ঃ ৰাজ্যত ছাইবাৰ অপৰাধীৰ দপ্‌দপনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ ইণ্টাৰনেট আৰু কাৰিকৰী কৌশলেৰে সাধাৰণ হোজা লোকক বিভিন্ন প্ৰলোভনেৰে বেংকৰ নম্বৰ আৰু অ’ টি পি আয়ত্ত কৰি ধনৰ প্ৰৱঞ্চনা মেলাৰ লগতে এ টি এমে এ টি এমে এনে ছাইবাৰ অপৰাধীয়ে বিভিন্ন ইলেকট্ৰনিক ডিভাইছ সংস্থাপণ কৰি বেংক একাউণ্টৰ পৰা ধন সৰকোৱা পৰিলক্ষিত হৈছিল৷ ৰাজ্যত ছাইবাৰ অপৰাধ বৃদ্ধি হোৱাৰ বাবে আৰক্ষীয়ে বিশেষ চেল গঠন কৰি ছাইবাৰ অপৰাধীক নাকী লগাবলৈ চেষ্টা কৰিছে যদিও এতিয়ালৈকে বৃহৎ সফলতা লাভ কৰাত বিফল হৈছে৷ ছাইবাৰ অপৰাধীৰ দপ্‌দপনি ইমানেই বৃদ্ধি ঘটিছে যে এইবাৰ অপৰাধীৰ টাৰ্গেট হ’ল ৰাজ্য চৰকাৰৰ উদ্যোগ তথা ক্ৰীড়ামন্ত্ৰী বিমল বৰা৷ এটা দুষ্ট-চক্ৰই হোৱাট্‌ছএপৰ ডিপিত বিমল বৰাৰ ফটো লগাই বিভিন্নজনক ধন দাবী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ নামত ভুৱা ৭৭৮০৯১৫০৮৬ নম্বৰেৰে বিভিন্নজনলৈ দুষ্ট-চক্ৰই মেছেজ কৰিছিল৷ এমাজ’নৰ ধন বিনিয়োগ, গিফ্‌ট কুপন আদিৰ বাবে বিভিন্নজনলৈ মেছেজ কৰিছিল৷ মেছেজৰ শেষত নিজকে মন্ত্ৰী বিমল বৰা হিচাপে উল্লেখ কৰিছিল দুষ্ট-চক্ৰটোৱে৷ এই ঘটনা মন্ত্ৰী বিমল বৰাৰ দৃষ্টিত অহাৰ পিছত এতিয়া আৰক্ষীৰ কাষ চাপিছে মন্ত্ৰীগৰাকী৷ এই সন্দৰ্ভত দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে মন্ত্ৰীগৰাকীয়ে৷ তদুপৰি, আৰক্ষীৰ এ চি পিত এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে৷ ভুৱা নম্বৰেৰে ধন দাবী কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰীত বহিঃৰাজ্য বা বিদেশৰ লোকে ছাইবাৰ অপৰাধৰ জাল মেলিছে বুলি আৰক্ষীয়ে তেওঁক অৱগত কৰিছে৷ এনে কাৰ্যৰ সৈতে নাইজেৰিয়াৰ লোকো জড়িত হৈ আছে বুলি আৰক্ষীয়ে তেওঁক জানিবলৈ দিছে৷ উল্লেখ্য যে ৭৭৮০৯১৫০৮৬ নম্বৰটো ব্যৱহাৰ কৰি বিভিন্ন ব্যৱসায়ী, এ চি এছ বিষয়ালৈ ধন বিচাৰি মেছেজ দিছিল দুষ্ট-চক্ৰটোৱে৷ ফোন কৰিব মানা কৰি মেছেজত কথা পাতিব কোৱা হৈছিল৷ অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে৷ ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট-চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here